শীতকালত তিল খোৱাৰ উপকাৰিতা

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে- কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ দৰে সমস্যাৰ সম্ভাৱনা কম হয় ৷

হজম শক্তি বৃদ্ধি কৰে- তিলত ভালে পৰিমাণৰ আঁহ থাকে, যিয়ে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে ৷

হাড়ৰ শক্তিশালী কৰে- তিলত ভালে পৰিমাণৰ কেলচিয়াম, মেগনেছিয়াম আৰু জিংক থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে ৷

ওজন নিয়ন্ত্ৰণ কৰে- তিলত আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি পোৱা যায়, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থকা অনুভৱ হয়। ইয়াৰ দ্বাৰা ওজন নিয়ন্ত্ৰণতো সহায় হয় ৷

ছাল আৰু চুলিৰ বাবে উপকাৰী- তিলৰ তেলে ছালক আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে আৰু সুস্থ কৰি ৰাখে ৷ ই চুলি সোনকালে দীঘল কৰাতো সহায় কৰে আৰু উফি কমোৱাত সহায় কৰে ৷

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ- তিলত ভালে পৰিমাণৰ আঁহ পোৱা যায় ৷ যাৰ ফলত ই ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যিয়ে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ৷

কফিৰ সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ পেলায়

click here to new story