ফুলৰদ্বাৰা ৰোগ নিৰাময় আৰু ব্যৱহাৰ
মানসিক চাপ, অনিদ্ৰা, উচ্চ ৰক্তচাপৰ দৰে অন্যন্য বিভিন্ন সমস্যাত ফুল ব্যৱহাৰ কৰা হৈছে।
গোলাপ ফুল: গোলাপ ফুলৰ শক্তিশালী প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে কটা, পোৰাৰ আদিৰ দৰে বাহ্যিক ৰোগৰ লগতে পেটৰ বিষ আৰু শৰীৰৰ বিষ, চৰ্দি আৰু কাহৰ দৰে সমস্যা নিৰাময় কৰে। ইয়াৰোপৰি হৃদৰোগৰ বাবে ই উপকাৰী।
ডেইজী ফুল: হজম শক্তিৰ বৃদ্ধিৰ লগতে সতেজতা আনে। বিশেষকৈ গধুৰ আহাৰ খোৱাৰ পিছত ডেইজী ফুলৰ চাহ একাপ খালে পেট শান্ত কৰাত সহায় কৰে।
ৰজনীগন্ধা ফুল: বছৰ বছৰ ধৰি মানুহে হেপাটাইটিছৰ পৰা আৰম্ভ কৰি যকৃতৰ দাগ পৰালৈকে বিভিন্ন যকৃতৰ সমস্যাৰ নিৰাময়ক হিচাপে ব্যৱহাৰ হয়। ই ডায়েৰিয়াৰ লক্ষণসমূহ উপশম কৰাৰ লগতে মানসিক সজাগতাও বৃদ্ধি কৰে।
নাৰ্জি ফুল: নাৰ্জি ফুলে ছালৰ সকলো ধৰণৰ ৰোগৰ বাবে অতি উত্তম। মৌমাখিৰ মোম পৰা তৈয়াৰী মলম আৰু উদ্ভিদৰ পৰা তৈয়াৰী তেলৰ সৈতে ইয়াক মিহলাই ব্যৱহাৰ কৰিলে ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰে।
জবা ফুল: ইয়াত প্ৰচুৰ পৰিমানৰ ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ মাত্ৰা অধিক। গ্ৰীষ্মকালীন ইয়াৰ পানীয়ই শৰীৰলৈ সতেজতা আনে।
অপৰাজিতা ফুল: বাৰ্ধক্য প্ৰতিৰোধ কৰে, মূৰত তেজৰ সঞ্চালন বৃদ্ধি কৰে আৰু সেয়েহে মূৰৰ ছালখন সুস্থ কৰি ৰাখে। অনহাতে মধুমেহ ৰোগৰ বাবেও ই উপকাৰী।
মক্কাত হজযাত্ৰাৰ সময়ত ভ্ৰমণ কৰিবলগীয়া অতি গুৰুত্বপূৰ্ণ স্থান