জলবায়ু পৰিৱৰ্তনে দিনবোৰ দীঘল কৰিছে নেকি?

জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ ঘূৰ্ণন লেহেমীয়া হৈছে।

কিয়নো উষ্ণতা বৃদ্ধিৰ বাবে গ্রীনলেণ্ড আৰু এন্টাৰ্কটিকাৰ বৰফ গলিবলৈ ধৰিছে।

গলিত পানী সাগৰলৈ বৈ গৈ বিষুৱৰেখাৰ ওচৰত ভৰটো পুনৰ বিতৰণ কৰে।

যেতিয়া গ্ৰহটো মাজৰ ফালে ডাঠ হয়, তেতিয়া ইয়াৰ দৈনিক ঘূৰ্ণনত অলপ বেছি সময় লাগে।

এই সময় মিলিছেকেণ্ডত জুখিব পাৰি, যিটো চেকেণ্ডৰ এক হাজাৰ ভাগ।

২০০০ চনৰ পৰা বৰফ গলি গ্ৰহটোৰ ঘূৰ্ণন প্ৰতি শতিকাত ১.৩৩ মিলিছেকেণ্ড লেহেমীয়া হৈছে।

যদি নিৰ্গমন অধিক হৈ থাকে তেন্তে শতিকাৰ শেষলৈকে সেই পৰিমাণ ২.৬২ মিলিছেকেণ্ডলৈ বৃদ্ধি পাব।

নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত ৭ গৰাকী মহিলা মন্ত্ৰী

click here to new story