শীতকালত নিজকে সুস্থ কৰি ৰাখিবলৈ কি কৰিব

শীতকালত নিজকে সুস্থ কৰি ৰাখিবলৈ যোগাসন, দৌৰা, খোজ কঢ়া আদিৰে শৰীৰটো গৰম কৰি ৰাখিব পাৰে। ইয়াৰ ফলত ফ্লু বা চৰ্দিৰ দৰে ঋতুভিত্তিক ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।

গোটা শস্য, চৰ্বি নোহোৱা মাংস, মাছ, মুৰ্গী মাংস, মাহজাতীয় শস্য, শুকান ফল, বীন, বনৌষধি, মছলা, সতেজ ফল-মূল আৰু শাক-পাচলিযুক্ত সন্তুলিত খাদ্য গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

ইয়াৰ লগতে ভিটামিন চি সমৃদ্ধ খাদ্যইও আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যিয়ে আমাৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে৷

শীতকালত বহুতে ভালদৰে পানী নাখায় ইয়াৰ ফলত আমাৰ শৰীৰটো হাইড্ৰেট হৈ নাথাকে৷ আমি প্ৰতিদিনে প্ৰয়োজনীয় পৰিমাণৰ পানী খাব লাগে আৰু হাইড্ৰেটেড হৈ থাকিব লাগে।

পানীয়ে আমাৰ শৰীৰটোক পৰিষ্কাৰ কৰাত আৰু শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থবোৰ আঁতৰোৱাত সহায় কৰে, শৰীৰৰ কোষলৈ পুষ্টিকৰ পদাৰ্থ কঢ়িয়াই লৈ যায় আৰু শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে।

শীতকালত ছালৰ ক্ষতি হৈছে এক ডাঙৰ সমস্যা। ঠাণ্ডা বতৰৰ ফলত ছাল শুকান আৰু খজুৱতি হয়।

শীতকালত ছালৰ যত্ন লোৱাটো খুবেই জৰুৰী। শীতকালত ওঁঠ ফঁটা আৰু গোৰোহা ফঁটা আদি সমস্যাৰ বাবে মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব লাগে।

গ্ৰীষ্মকালৰ বাবে কেইবিধমান শীতল খাদ্য

click here to new story