কনটেক্ট লেন্স পৰিধানৰ সময়ত কৰা ভুল

লেন্স লগোৱাৰ পূৰ্বে হাত পৰিষ্কাৰ নকৰা: লেতেৰা হাতেৰে লেন্স চকুত সোমোৱাই দিলে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

লেন্স সঠিকভাৱে চাফা নকৰা: নিয়মিতভাৱে লেন্স সঠিক দ্ৰৱত পৰিষ্কাৰ নকৰাটো এটা ডাঙৰ ভুল৷

দীৰ্ঘ সময়লৈকে লেন্স পৰিধান কৰা: দীৰ্ঘসময়লৈকে লেন্স পৰিধান কৰিলে চকু শুকান হোৱাৰ লগতে চকুত অস্বস্তিৰ সৃষ্টি হ’ব পাৰে৷

লেন্স লগাই শোৱা: লেন্স পিন্ধি শুই থাকিলেও চকুৰ সমস্যা হ’ব পাৰে৷

পুৰণি লেন্সৰ ব্যৱহাৰ: ম্যাদ উকলি যোৱাৰ পিচত লেন্স ব্যৱহাৰ কৰিলেও চকুৰ বাবে বিপদজনক হ’ব পাৰে৷

সাধাৰণ পানীৰে লেন্স পৰিষ্কাৰ কৰা: ইয়াৰ ফলত চকুৰ সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে৷

জলবায়ু পৰিৱৰ্তনে দিনবোৰ দীঘল কৰিছে নেকি?

click here to new story