যাত্ৰীৰ অসৎ আচৰণৰ ঘটনাৰ খবৰ নিদিয়াৰ বাবে এয়াৰ ইণ্ডিয়াক ₹১০ লাখৰ জৰিমনা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

এসপ্তাহ নৌহওঁতেই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে দ্বিতীয়বাৰৰ বাবে জৰিমনা বিহিছে এয়াৰ ইণ্ডিয়াৰ ওপৰত। মঙলবাৰে ডিজিচিএই ২০২২ চনৰ ৬ ডিচেম্বৰত এআই-১৪২ (পেৰিছ - নতুন দিল্লী) বিমানত যাত্ৰীৰ আন এটা উচ্ছৃংখল আচৰণৰ ঘটনাৰ খবৰ নিদিয়াৰ বাবে বিমান সংস্থাটোক ₹১০ লাখৰ জৰিমনা বিহা হয়।

ডিজিচিএৰ মতে, উক্ত কাণ্ডত এজন যাত্ৰীয়ে মদ্যপান কৰি ক্ৰুৰ পৰামৰ্শ মানি চলা নাছিল আৰু শৌচালয়ত ধূমপান কৰি ধৰা পৰে। আন এজন যাত্ৰীয়ে এগৰাকী মহিলা সহযাত্ৰী নিজৰ আসনত নথকা সময়ত তেওঁৰ কম্বল আৰু কাষৰ খালী আসন প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে।
 
চলিত বৰ্ষৰ ৫ জানুৱাৰীত প্ৰথমবাৰৰ বাবে এই ঘটনাৰ বিষয়ে জানিব পাৰি ডিজিচিএই এয়াৰ ইণ্ডিয়াৰ একাউণ্টেবল মেনেজাৰক তেওঁলোকৰ নিয়ন্ত্ৰণমূলক বাধ্যবাধকতা অৱহেলাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয় কাৰণ দেখুওৱাৰ জাননী জাৰি কৰিছিল। যোৱা ২৩ জানুৱাৰীত এই জাননীৰ উত্তৰ দাখিল কৰিছিল বিমান সংস্থাটোৱে।
 
উত্তৰটো পৰীক্ষা কৰাৰ পিছত এতিয়া ডিজিচিএই এয়াৰ ইণ্ডিয়াক নিয়ন্ত্ৰকক এই কাণ্ডৰ খবৰ নিদিয়াৰ বাবে আৰু বিষয়টো নিজৰ আভ্যন্তৰীণ সমিতিলৈ প্ৰেৰণ কৰাত পলম কৰাৰ বাবে, যিটো প্ৰযোজ্য ডিজিচিএৰ অসামৰিক বিমান পৰিবহণৰ প্ৰয়োজনীয়তা উলংঘা, জৰিমনা বিহা হৈছে।

২০ জানুৱাৰীত ডিজিচিএই প্ৰযোজ্য নিয়ম উলংঘা কৰি অনুৰূপ ঘটনা চম্ভালিব নোৱাৰাৰ বাবে এয়াৰ ইণ্ডিয়াক ₹৩০ লাখৰ জৰিমনা আৰু ইন-ফ্লাইট চাৰ্ভিচেছৰ সঞ্চালকক ₹৩ লাখৰ জৰিমনা বিহিছিল। উক্ত ঘটনাত ২০২২ চনৰ ২৬ নৱেম্বৰত এয়াৰ ইণ্ডিয়া নিউয়ৰ্ক - নতুন দিল্লী বিমানত থকা এজন পুৰুষ যাত্ৰীয়ে এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল। উক্ত বিমানখনৰ পাইলট ইন কমাণ্ডৰ অনুজ্ঞাপত্ৰও তিনি মাহৰ বাবে স্থগিত ৰাখিছে ডিজিচিএই।