নতুনকৈ ২০০ খন বিমান সংযোগৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়া

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
অহা চাৰিৰ পৰা পাঁচ বছৰৰ ভিতৰত নতুনকৈ ২০০ খন বিমান সংযোগৰ পৰিকল্পনা গ্ৰহণ কৰিছে টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়া বিমান প্রতিষ্ঠানে।
 
এক সূত্ৰই জনোৱা মতে ইয়াৰে ৭০ শতাংশ বিমান হ'ব মজলীয়া আকাৰৰ আৰু ৩০ শতাংশ হ'ব বৃহৎ যাত্রীবাহী বিমান। এনে বিমানসমূহ ক্ৰয়ৰ বাবে এয়াৰবাছ আৰু ব'য়িং প্রতিষ্ঠান দুটাৰ সৈতে টাটাৰ তৰফৰ পৰা আলোচনা চলাই থকা হৈছে। 
উল্লেখ্য যে ব'য়িং প্রতিষ্ঠানটোৱে টাটা গ্রুপক সময়মতে যাত্রীবাহী বিমান যোগান ধৰিবলৈ সক্ষম হোৱা নাই। এনে পৰিস্থিতিত এয়াৰবাছ প্রতিষ্ঠানটোৰ মুখ্য বাণিজ্যিক বিষয়া খ্রীষ্টিয়ান স্কেবেৰে কয় যে টাটা গ্ৰুপৰ অধীনত নতুন ৰূপ লাভ কৰা এয়াৰ ইণ্ডিয়া বিমান প্রতিষ্ঠানটোৱে অচিৰে নতুন বিমানৰ সংযোজন কৰিব। 
টাটাই এয়াৰবাছৰ এ ৩৫০ বিমান ক্রয় কৰাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে। এই চুক্তি সম্পাদন হলে এয়াৰবাছৰ এ ৩৫০ বিমান ক্রয় কৰা ভাৰতৰ প্ৰথমটো বিমান প্রতিষ্ঠান হিচাপে পৰিগণিত হ'ব এয়াৰ ইণ্ডিয়া। 
 
ইতিমধ্যে এয়াৰ ইণ্ডিয়া বিমান প্রতিষ্ঠানটোৱে এনে বিমান চলোৱাৰ বাবে আগ্রহী পাইলটসকলৰ মতামত জনাৰ বাবে অলপতে প্রতিষ্ঠানটোৰ সকলো পাইলটলে এক বাৰ্তা প্ৰেৰণ কৰিছে।।