নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰত অসমৰ অংশগ্ৰহন

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰৰ প্ৰৱেশদ্বাৰ আৰু এখন অসমৰ বিপনি
ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰৰ প্ৰৱেশদ্বাৰ আৰু এখন অসমৰ বিপনি
অংকুৰ কলিতা / নতুন দিল্লী

নতুন দিল্লীৰ প্ৰগতি মৈদানত ভাৰতৰ বৃহৎ বাণিজ্য মেলা, 'ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰ' (India International Trade Fair) ২০২১, ১৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে। 'আত্মনিৰ্ভৰ ভাৰত' ক মূল বিষয় হিচাপে লৈ এইবাৰৰ বাণিজ্য মেলাখন অনুষ্ঠিত কৰা হৈছে।
 
বিভিন্ন ৰাজ্যৰ লগতে অসমেও এই বাণিজ্য মেলাখনত অংশগ্ৰহন কৰিছে। ৪ টা নতুনকৈ গঢ় লোৱা উদ্যোগ আৰু ২৫ টাকৈ মজলীয়া, লঘূ আৰু ক্ষুদ্ৰ উদ্যোগে বাণিজ্য মেলাত অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহন কৰিছে। 
 
আৱাজ - দা ভইচৰ সৈতে হোৱা এক সাক্ষাৎকৰত আগৰ উৎপাদনৰ বিষয়ে উপস্থাপন কৰি মেলাখনত অসমৰ হৈ অংশগ্ৰহন কৰা ডঃ জেহেৰুল ইছলামে কয় যে প্ৰথমবাৰৰ বাবে আগৰক অসমৰ বাহিৰত উপস্থাপন কৰিবলৈ পায় তেওঁ যতেষ্ঠ আনন্দিত। অসমৰ থলুৱা আগৰ ব্যৱসায়ীসকলৰ হৈ তেওঁ ভাৰতৰ ৰাজধানীত মানুহৰ মাজত আগৰ উৎপাদনৰ বিষয়ে উপস্থাপন কৰিছে। অসমৰ গোলাঘাট জিলাত স্থাপন হ'ব লগীয়া আগৰ উদ্যোগ সম্পূৰ্ণ হোৱাৰ পাছত আগৰ ব্যৱসায়ক আৰু অধিক সফলভাৱে আগবঢ়াই নিব পাৰিব বুলি তেঁও আশাবাদী। 
 
জুৰি দাস তেওঁৰ বিপনিত
 
তেওঁ কয় যে এই ব্যৱসায়ৰ দ্বাৰা অসমৰ উদ্যোগ বিভাগৰ লগতে বন, পৰিবহণ আৰু পৰ্যটন বিভাগেও বহু টকা লাভ কৰিব পাৰিব যি ৰাজ্যখনক আৰ্থিক দিশত আগবঢ়াই নিব।
 
এই মেলাখনত অসম চৰকাৰৰ ৰেচম বিভাগৰ হৈ অংশগ্ৰহন কৰা দলটোৰ হৈ জুৰি দাসে কয় যে পলুৰ উৎপাদনৰ বিষয়ে তেঁওলোকে দিল্লীত উপস্থাপন কৰিবলৈ পায় যতেষ্ঠ আনন্দিত হৈছে। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে আহি তেওঁলোকৰ পাঠ্যপুথিত থকা পলু উৎপাদনৰ বিষয়ে আগ্ৰহেৰে শিকিবলৈ অহা বিষয়টো যতেষ্ঠ ইতিবাচক বুলি তেওঁ কয়। 
 
অসমৰ বিপনি এখনত তাঁতশাল
 
অসমৰ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ হৈ মেলাখন তত্ত্বাবধান কৰা বিভাগটোৰ যুটীয়া সচিব তৰুণ কটকীয়ে কয় যে তেওঁ আশাবাদী এইদৰে অসমৰ সকলো উদ্যোগ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গঢ় লৈ অসমখনক এক নতুন মাত্ৰা প্ৰদান কৰিব। তেওঁ এই সুযোগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।