২০২৫ লৈ ১০০ শতাংশ তিনিচকীয়া বৈদ্যুতিক বাহনৰ ৰাজ্য হিচাপে পৰিচিত হ'ব অসম

Story by  atv | Posted by  [email protected] • 1 Years ago
২০২৫ লৈ ১০০ শতাংশ তিনিচকীয়া বৈদ্যুতিক বাহনৰ ৰাজ্য হিচাপে পৰিচিত হ'ব অসম
২০২৫ লৈ ১০০ শতাংশ তিনিচকীয়া বৈদ্যুতিক বাহনৰ ৰাজ্য হিচাপে পৰিচিত হ'ব অসম
গুৱাহাটী
 
শেহতীয়াকৈ অসম চৰকাৰে বৈদ্যুতিক বাহনৰ বাবে নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ বিক্ৰী। বিশেষকৈ তিনিচকীয়া বৈদ্যুতিক বাহনৰ বিক্ৰীৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে অসমে। তিনিচকীয়া বাহনৰ বিক্ৰীত অসমে লাভ কৰা সফলতার তথ্য প্রকাশ পাইছে আমেৰিকাৰ এখন শীর্ষ বিশ্ববিদ্যালয়ৰ সমীক্ষাত।
 
 
কেলিফর্নিয়া ডেঙিছ বিশ্ববিদ্যালয়র জেভ বিৰ্ভাচ চেন্টাৰে প্ৰকাশ কৰা সমীক্ষা অনুসৰি ২০২৫ চনলৈ সম্পূর্ণ ১০০ শতাংশ বৈদ্যুতিক তিনিচকীয়া বাহনৰ ৰাজ্য হিচাপে পৰিগণিত হ'ব অসম। সমীক্ষাটোত প্ৰকাশ পোৱামতে সম্প্রতি ২০২৩ বিশ্বীয় বর্ষলৈকে প্রায় ৮৫ শতাংশ তিনিচকীয়া বৈদ্যুতিক বাহন চলি আছে অসমত। ভাৰতত কেবল তিনিখন ৰাজ্যৰ এনে সফলতা লাভ কৰিছে বুলি সমীক্ষাটোত প্রকাশ। অসমৰ বাহিৰে আন দুখন ৰাজ্য হৈছে উত্তৰাখণ্ড আৰু চণ্ডীগড়।
 
কেলিফর্নিয়া ডেভিছ বিশ্ববিদ্যালয়ে জানিবলৈ নিয়া মতে ২০২৫ চনৰ ভিতৰত এশ শতাংশ তিনিচকীয়া বাহন বিক্ৰীৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ব অসম। কেবল ভৰিততে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে প্রথমখন ৰাজ্য হিচাপে এই গৌৰৱৰ অধিকাৰী হবলৈ আগবাঢ়িছে অসম। 
 
উল্লেখ্য যে সম্প্রতি অসমত বিক্রী হৈ থকা তিনিচকীয়া বাহনৰ সৰহসংখ্যকেই হৈছে বৈদ্যুতিক বাহন। ক'ভিড-১৯ সংক্ৰমণৰ পিচৰে পৰা ৰাজ্যখনত দ্রুতহাৰত বৃদ্ধি পাইছে এনে তিনিচকীয়া বৈদ্যুতিক বাহনৰ বিক্ৰী। 
সম্প্রতি ভাৰতৰ প্ৰায় ২৫ খনতকৈ অধিক ৰাজাই ৰাজ্যিক বৈদ্যুতিক বাহন আঁচনি মুকলি কৰিছে। এই আঁচনিসমূহৰ অধীনত বৈদ্যুতিক বাহন ক্ৰয়ত ৰেহাই, কৰ ৰেহাই আৰু অন্যান্য শুক্লৰ লগতে চার্জিং ষ্টেচন স্থাপনতো ৰাজসাহায্য প্রদান কৰিছে। ২०৭০ চনৰ ভিতৰত সমগ্ৰ দেশকে বৈদ্যুতিক বাহনৰ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য গৈছে কেন্দ্রীয় চৰকাৰে।
সমীক্ষাটোত প্রকাশ পোৱামতে ২০২২ চনৰ জানুৱাৰী মাহত অসম চৰকাৰে ই ভি আঁচনি মুকলি কৰাৰ পিচৰে পৰা ৰাজ্যখনত বিক্ৰী হৈছে ৩৮,৭১০ খন তিনিচকীয়া বৈদ্যুতিক বাহন, ১,৯০০ খন দুচকীয়া বৈদ্যুতিক বাহন। আগত সময়ছোৱাত দুচকীয়া আৰু চাৰিচকীয়া বৈদ্যুতিক বাহনৰ বিক্ৰীও দ্ৰুতহাৰত বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে সমীক্ষাটোৱে। অসমৰ বৈদ্যুতিক বাহনৰ ৰাজ্যিক আঁচনিৰ অধীনত ২০২৮ চনলৈকে এক লাখখন দুচকীয়া বাহন, ৭৫ হাজাৰ তিনিচকীয়া বাহন আৰু ২৫ হাজাৰ চাৰিচকীয়া বাহন বিক্ৰীৰ পৰিকল্পনা কৰা হৈছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে সকলো চৰকাৰী বাহন বৈদ্যুতিক বাহনলৈ ৰূপান্তৰ কৰাৰ আঁচনিও হাতত লৈছে।