২৭ জুনত বেংক ধর্মঘট

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
দেশজুৰি ৯ টা বেংক সংগঠনৰ ইউনাইটেড ফ'ৰাম অব্ বেংক ইউনিয়নৰ উদ্যোগত অহা ২৭ জুনত এদিনীয়া বেংক ধর্মঘট পালন কৰা হ'ব। অসম প্রাদেশিকী বেংক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক গৌৰৱ শৰ্মাই এক বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে সমগ্ৰ দেশৰ লগতে অসমতো সকলো ৰাষ্ট্ৰীয়কৃত বেংক বিষয়া আৰু কৰ্মচাৰীসকলে বিভিন্ন ঠাইত ধর্ণা কার্যসূচী পালন কৰিব। 
 
উল্লেখ্য যে যোৱা ২০১৭ চনৰ নৱেম্বৰৰ পৰা প্ৰযোজ্য হোৱা একাদশ দ্বিপাক্ষিক চুক্তিৰ অধীনত এতিয়াও বৈ যোৱা কেতবোৰ দাবীৰ সমাধানৰ বাবে ১০ লাখ বিষয়া আৰু কর্মচাৰীয়ে ধর্মঘটত অংশগ্রহণ কৰিব। 
 
৫ দিনীয়া বেংকিং সেৱা, পেন্সন উন্নীতকৰণ, এন পি এছ বাতিল, ডি এ সংযুক্ত পেন্সন পুনৰ প্রযোজ্য কৰা আৰু কেথলিক চিৰিন বেংক আৰু লক্ষ্মীবিলাস বেংকত একাদশ দ্বিপাক্ষিক চুক্তি প্রচলন কৰাৰ দাবীৰে এই ধৰ্মঘটৰ আয়োজন কৰা হৈছে।