নতুন দিল্লী
ক'ভিড মহামাৰীৰ সময়ত চীন ভাৰতীয় চাউলৰ শীৰ্ষ ক্ৰেতা হৈছিল। বাণিজ্য তথ্যৰ বিশ্লেষণৰ মতে চুবুৰীয়া দেশখনে ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ২১২.১০ লাখ মেট্ৰিক টন ৰপ্তানিৰ ১৬.৩৪ লাখ মেট্ৰিক টন (এলএমটি) অৰ্থাৎ ৭.৭ শতাংশ আমদানি কৰিছিল।
বিশ্লেষণে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা চীনৰ মুঠ ১৬.৩৪ এলএমটি চাউল আমদানিৰ ভিতৰত প্ৰায় ৯৭ শতাংশ বা ১৫.৭৬ এলএমটি ভঙা চাউল আছিল।
দৰাচলতে, চীন এতিয়া ভাৰতীয় ভঙা চাউলৰ শীৰ্ষ ক্ৰেতা, যাক আগতে বেছিভাগ আফ্ৰিকাৰ দেশলৈ ৰপ্তানি কৰা হৈছিল।
২০২১-২২ বৰ্ষত, ভাৰতৰ মুঠ চাউল ৰপ্তানি -- বাচমতী আৰু অ-বাচমতী দুয়োটা -- আছিল ২১২.১০ এলএমটি, যি ২০২০-২১ চনত ৰপ্তানি কৰা ১৭৭.৭৯ এলএমটিতকৈ ১৯.৩০ শতাংশ অধিক।
একে সময়তে, চীনলৈ চাউল ৰপ্তানি ৩৯২.২০ শতাংশ বৃদ্ধি পাইছিল: ৩.৩১ এলএমটিৰ পৰা ১৬.৩৪ এলএমটিলৈ।
২০২১-২২ বৰ্ষত ভাৰতৰ মুঠ চাউল ৰপ্তানিৰ ভিতৰত, বাচমতী চাউলৰ পৰিমাণ আছিল ৩৯.৪৮ এলএমটি, যি ২০২০-২১ বৰ্ষত ৰপ্তানি কৰা ৪৬.৩০ এলএমটিতকৈ ১৪.৭৩ শতাংশ কম আছিল।
ভাৰতীয় চাউল ৰপ্তানিৰ অধিকাংশ হৈছে অ-বাচমতী চাউল। ২০২১-২২ বৰ্ষত, বাচমতীৰ বাহিৰে আন চাউলৰ ৰপ্তানি আছিল ১৭২.৬২ এলএমটি, যি ২০২০-২১ বৰ্ষত ১৩১.৪৯ এলএমটিতকৈ ৩১.২৭ শতাংশ অধিক আছিল।
২০২১-২২ বৰ্ষত, ভাৰতে ৮৩ খন দেশলৈ ৩৮.৬৪ এলএমটি ভঙা চাউল ৰপ্তানি কৰিছিল। ইয়াৰ ভিতৰত, সৰ্বাধিক ১৫.৭৬ এলএমটি চীনে ক্ৰয় কৰিছিল। ২০২০-২১ বৰ্ষত ২.৭৩ এলএমটিৰ পৰা ৪৭৬.৪০ শতাংশ বৃদ্ধি হয়।
বাণিজ্য বিশেষজ্ঞসকলে কৈছে যে চীনলৈ ভঙা চাউলৰ ৰপ্তানি এই বৃদ্ধিৰ কাৰণ হৈছে সেই দেশত নুডলছ আৰু ৱাইন তৈয়াৰ কৰাৰ বাবে চাউলৰ অধিক চাহিদা আছে।
অল ইণ্ডিয়া ৰাইচ এক্সপ্লয়ৰেটৰ এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি বিজয় চেতিয়াই কয়, "চীনে মুখ্যত ভঙা চাউল ক্ৰয় কৰি আছে। যি চাউল তেওঁলোকে ৱাইন আৰু নুডলছ তৈয়াৰ কৰিবলৈ ৰূপান্তৰ কৰিছে।"
তেওঁ কয় যে ক'ভিড-১৯ আৰম্ভ হোৱাৰ পূৰ্বে চীনে ভাৰতলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল আৰু সেই প্ৰতিনিধি দলটোৱে কেইবাটাও চাউল কল পৰিদৰ্শন কৰিছিল।
বিশেষজ্ঞসকলে কৈছে যে চাহিদাৰ এই বৃদ্ধিৰ আন এটা কাৰণ হ'ব পাৰে যে মাকৈৰ বৰ্ধিত মূল্য। ভঙা চাউলৰ চাহিদা এনে এক সময়ত বৃদ্ধি পাইছে, যেতিয়া শেহতীয়াকৈ বিশ্বব্যাপী খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।