বর্ধিত গৃহ ঋণৰ সুতৰ হাৰৰ পৰা অচিৰে সকাহ নাপায় গ্রাহকে

Story by  atv | Posted by  [email protected] • 1 Years ago
বর্ধিত গৃহ ঋণৰ সুত্ৰৰ হাৰৰ পৰা অচিৰে সকাহ নাপায় গ্রাহকে
বর্ধিত গৃহ ঋণৰ সুত্ৰৰ হাৰৰ পৰা অচিৰে সকাহ নাপায় গ্রাহকে
নতুন দিল্লী
 
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা বিভিন্ন সময়ত বেপ’বেট বৃদ্ধি কৰাৰ ফলত বেংক প্রতিষ্ঠানসমূহে ঘৰ আৰু গাড়ীৰ ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰি আহিছে।
 
 
এনে সময়তে বর্ধিত গৃহ ঋণ আৰু গাড়ী ঋণৰ সুদৰ হাৰৰ পৰা গ্রাহক অচিৰে সকাহ নোপোৱাব ইংগিত দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসে। 
গৱর্নৰগৰাকীয়ে কয় যে ইউক্রেইনৰ সংঘাত অব্যাহত থাকিলে দীৰ্ঘকালীন সময়ছোৱালৈ ঋণৰ সুদৰ হাৰত ইয়াৰ প্রভাব পৰিলক্ষিত হ'ব। 
তেওঁ লগতে কয় যে আগত সমযছোৱাত যোগান শৃংখলৰ সৈতে জড়িত দিশসমূহ কিছু উন্নত হোৱাত মুদ্রাস্ফীতি হ্রাস পোৱাৰ সম্ভাবনা আছে। ভূ-ৰাজনৈতিক আশংকাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশক প্ৰভাৱিত কৰিব।