অগৰু কাঠৰ সাম্ৰাজ্যৰ পৰা সংখ্যালঘু সমাজৰ উন্নয়নলৈ - হবিব মহম্মদ চৌধুৰী

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
হবিব মহম্মদ চৌধুৰী
হবিব মহম্মদ চৌধুৰী
দৌলত ৰহমান/গুৱাহাটী
 
শূন্যৰ পৰা আৰম্ভ কৰি অগৰুকাঠৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা হবিব মহম্মদ চৌধুৰীৰ বৰ্তমান এটি নতুন পৰিচয়। তেওঁ বৰ্তমান অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ নতুন অধ্যক্ষ। সম্পূৰ্ণ অৰাজনৈতিক পৃষ্ঠভূমিৰ পৰা অহা হবিব মহম্মদে এতিয়া উন্নয়ন পৰিষদৰ মুৰব্বী হিচাপে ৰাজ্যখনৰ মুছলমান সম্প্ৰদায়ৰ মাজত ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতিৰ সপোন দেখিছে। অসম চৰকাৰে তেওঁক নতুনকৈ উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিছত আৱাজ দ্যা  ভইছৰ  সাক্ষ্যৎকাৰত তেওঁ কয় যে ৰাজ্যখনৰ মুছলমান জনসংখ্যাৰ এক বৃহৎ অংশই তেওঁলোকৰ নিজৰ জীৱনধাৰা উন্নত কৰাৰ বাবে প্ৰগতিশীল আৰু ব্যৱহাৰিক দৃষ্টিভংগী অৱলম্বন কৰাৰ প্ৰয়োজন। দুৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত থকা মুছলমান সকলে কেৱল ধৰ্মীয় শিক্ষাতে সীমাবদ্ধ।

"মুছলমান সম্প্ৰদায়ৰ মাজত আধুনিক শিক্ষাৰ প্ৰসাৰ এক বৃহৎ প্ৰত্যাহ্বান। কেৱল ধৰ্মীয় শিক্ষাই সম্প্ৰদায়টোৰ বিকাশ ঘটাব নোৱাৰে। ইছলামত আধুনিক শিক্ষা গ্ৰহণ কৰাটো নিষিদ্ধ নহয়। পবিত্ৰ কোৰানৰ প্ৰথম শব্দটোৱে হ'ল 'ইক্ৰা', অৰ্থাৎ পঢ়া। ই মুছলমান সকলক শিকিবলৈ আৰু নিজকে শিক্ষিত কৰিবলৈ অনুপ্ৰাণিত কৰে কিয়নো আল্লাহে জ্ঞান আহৰণ কৰিব দিছে। অসমৰ বহু যুৱক হাফিজ (যিয়ে গোটেই কোৰানৰ সকলো শাৰী মনত ৰাখে)। এই যুৱকসকল অতি প্ৰতিভাশালী আৰু যদি আধুনিক শিক্ষা লাভ কৰে তেন্তে তেওঁলোকে চিকিৎসক, অভিযন্তা আৰু বিজ্ঞানী আদি হৈ দেশৰ সেৱা আগবঢ়াব পাৰে," হবিব মহম্মদে কয়।

প্ৰসিদ্ধ লেখক হোমেন বৰগোহাঁইৰ সৈতে হাবিব মহম্মদ
এ এম ডি বিৰ অধ্যক্ষ গৰাকীৰ প্ৰধান অগ্ৰাধিকাৰ হ'ব শিক্ষা আৰু মুছলমান যুৱক-যুৱতী সকলৰ বাবে নিযুক্তিৰ পথ মুকলি কৰাটো।
মহিলাসকলক অৰ্থনৈতিক আৰু সামাজিকভাৱে শক্তিশালী কৰাটো নতুন অধ্যক্ষ গৰাকীৰ আন এক অগ্ৰাধিকাৰ হ'ব। তেওঁ কয়: "মহিলা সকল অশিক্ষিত আৰু সুবিধাবঞ্চিত হৈ থাকিলে এখন সমাজ কেতিয়াও সলনি হ'ব নোৱাৰে।" অধ্যক্ষ গৰাকীয়ে আৰু কয়: "ৰাজ্যখনৰ গ্ৰাম্য আৰু চৰ অঞ্চলত বাস কৰা মুছলমানসকলে কৃষিৰ জৰিয়তে জীৱিকা অৰ্জন কৰিবলৈ সকলো প্ৰকাৰৰ কঠোৰ পৰিশ্ৰম কৰে। যদি এই কৃষকসকলক কৃষিক্ষেত্ৰত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয় তেন্তে তেওঁলোকে কৃষি উৎপাদনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে আৰু পাচলিৰ ক্ষেত্ৰত ৰাজ্যখনক অধিক স্বাৱলম্বী কৰি তুলিব পাৰে। মই চৰ অঞ্চলৰ কৃষি আধুনিকীকৰণ ওপৰত গুৰুত্ব আৰোপ কৰিম।"
গ্ৰাম্য আৰু দুৰৱৰ্তী অঞ্চলত বসবাস কৰা মুছলমান সকল ৰাজনীতিবিদ আৰু নিহিত স্বাৰ্থৰ নেতাসকলৰ হাতৰ পুতলা ন'হবলৈ আহ্বান জনায় হবিব মহম্মদে কয়: "আমি সেইখন শাসকীয় চৰকাৰক সমৰ্থন কৰা উচিত। যিখন চৰকাৰে সম্প্ৰদায়ৰটোৰ বিকাশৰ বাবে আন্তৰিক পদক্ষেপ লয়।"

হাবিব মহম্মদক এটা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছে
১৯৮৯ চনত হবিব মহম্মদে কলেজ এৰিছিল। পঢ়া শুনাৰ প্ৰতি তেওঁ আগ্ৰহী নাছিল। তেওঁৰ গৃহচহৰ মধ্য অসমৰ হোজাইৰ পৰা ডুবাইৰ সমৃদ্ধ অগৰুকাঠৰ তেলৰ ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হৈছিল। কিন্তু তিনি দশক আগতে ডুবাইলৈ যাত্ৰা কৰাটো হবিবৰ বাবে ইমান সহজ কাম নাছিল। তেওঁ নিজৰ বেয়া আৰু কঠিন দিনবোৰৰ কথা মনত পেলাই চুবুৰীয়া অঞ্চলৰ পৰা ঋণত অগৰুকাঠৰ তেল ক্ৰয় কৰি ডুবাইত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁ কয়: "পৰিবহনৰ ব্যয় পূৰণৰ বাবে মই জমা তেলৰ কিছু অংশ স্থানীয়ভাৱে কম দামত বিক্ৰী কৰিবলৈ বাধ্য হৈছিলোঁ। মোৰ ষ্টাৰ্ট-আপ ব্যয় পূৰণৰ বাবে সেই উপাৰ্জন পৰ্যাপ্ত নাছিল।"

অগৰুকাঠেৰে আৱৰি থকা হোজাই চহৰত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হোৱা হবিব মহম্মদ অগৰুকাঠৰ উৎকৃষ্ট সুবাসৰ সৈতে পৰিচিত আছিল। ডুবাইলৈ যোৱা সময়ত অহা প্ৰাৰম্ভিক বাধাবোৰৰ বাবে হবিব মহম্মদ বিচলিত হোৱা নাছিল। উদ্যোগটোৰ বিষয়ে তেওঁৰ গভীৰ জ্ঞান ব্যৱহাৰ কৰি ডুবাইৰ অৰ্ডাৰ পূৰণ কৰিবলৈ থাইলেণ্ডৰ অগৰউড চিপ আৰু তেল লাভ কৰি ভাল উপাৰ্জন কৰিছিল। কেইবাটাও ভ্ৰমণৰ পিছত হবিবে তেওঁৰ ঋণ পৰিশোধ কৰিবলৈ পৰ্যাপ্ত ধন উপাৰ্জন কৰিছিল আৰু তেওঁ অগৰ কাঠৰ উদ্যোগত নিজৰ পৰিচয় আৰু ভাগ্য গঢ়ি তুলিবলৈ  সক্ষম হৈছিল। শৈশৱৰ পৰাই হবিব মহম্মদে দক্ষণ-পূৱ এছিয়াৰ এখন সৰু কিন্তু ধুনীয়া দেশ লাও পিপলছ ডেমক্ৰেটিক ৰিপাব্লিকৰ (এল পি ডি আৰ) অগৰু কাঠৰ প্ৰাচুৰ্যৰ কাহিনী শুনিছিল। যাৰ সীমা উত্তৰ-পশ্চিমে বাৰ্মা আৰু চীন, পূৱে ভিয়েটনাম, দক্ষিণে কম্বোডিয়া আৰু পশ্চিমে থাইলেণ্ড। দেশখনৰ বিষয়ে তেওঁৰ কৌতুহল দিনে দিনে বৃদ্ধি পাব ধৰিছিল। এজন ব্যৱসায়ী হিচাপে তেওঁ ১৯৯৭ চনত প্ৰথম ভ্ৰমণ কৰাৰ পিছত বিদেশলৈ সঘনাই ভ্ৰমনকাৰী হৈ পৰিছিল
 
 
১৯৯৮ত তেওঁ লাওছত অগৰু ইন্টাৰনেচনেল ডেভেলপমেণ্ট কো লিমিটেড প্ৰতিষ্ঠা কৰে। বৰ্তমান এই কোম্পানীটো দক্ষিণ-পূৱ এছিয়াৰ অন্যতম বৃহৎ অগৰুকাঠৰ উদ্যোগ। তেওঁৰ কোম্পানীয়ে লাওছৰ পি ডি আৰত দহ লাখ অগৰু গছৰ খেতিৰ কাৰ্যসূচী আৰম্ভ কৰিছে। যাৰ অধীনত তেওঁলোকে ইতিমধ্যে চাৰি লাখ অগৰু গছ ৰোপণ কৰিছে। 

এইছ এছ এম এম গ্ৰুপ অফ কোম্পানী লাওছ পি ডি আৰৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে। লাওছ পি ডি আৰত গোটেই ভাৰত চৰকাৰৰ দ্বাৰা পুঁজি যোগান ধৰা, অগৰু কাঠৰ খেতি, অগৰউড চিপ, অগৰু তেল আহৰণ, সুগন্ধি, তথ্য প্ৰযুক্তি, লো খনন আৰু  লাইন অফ ক্ৰেডিট প্ৰকল্প পৰিচালনা কৰে। আনহাতে তেওঁলোকে আন দেশবোৰত মালিকানা আৰু যৌথ উদ্যোগ স্থাপন কৰিছে যিয়ে ইয়াক এক গোলকীয় প্ৰতিষ্ঠান ৰূপে গঢ়ি তুলিছে। ব্যৱসায়ৰ বাহিৰেও হবিব মহম্মদে বহু সামাজিক কামত নিজকে জড়িত কৰি দৰিদ্ৰ আৰু পিছপৰা লোকক সহায় কৰি আহিছে। তেখেতৰ মাক আৰু দেউতাকৰ সোঁৱৰণীত তেওঁ জে এফ ফাউণ্ডেচন নামৰ এটা এন জি অ স্থাপন কৰিছে। এই এন জি অৰ দ্বাৰা কোভিডৰ সময়ত তেওঁ এক লাখৰো অধিক মানুহক খাদ্য প্ৰদান কৰিছে।

হাবিব মহম্মদ এটা অনুষ্ঠানত উপস্থিত হৈছে
হবিব মহম্মদে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ বাবে বাণিজ্য উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক গঢ়ি তুলিবলৈ 'লুক ইষ্ট' নীতি আৰম্ভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১০ চনত হবিব মহম্মদে লাওছ পি ডি আৰত ভাৰতীয় চেম্বাৰ অফ কমাৰ্চ (ইনচেম) প্ৰতিষ্ঠা কৰিছিল তেওঁ ইনচেমৰ সভাপতি হিচাপে তিনিটা কাৰ্যকাল অতিক্ৰম কৰিছিল। হাবিব মহম্মদে উত্তৰ-পূব ভাৰতত লাওছ পি  ডি আৰ আৰু উত্তৰ-পূব ৰাজ্যসমূহৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু মুকলি ব্যৱসায়ৰ সুযোগ আৰু সাংস্কৃতিক আদান-প্ৰদানৰ বাবে কেইবাটাও ব্যৱসায়িক মঞ্চ আয়োজন আৰু পৃষ্ঠপোষকতা কৰিছিল। ২০১১ চনত লাওছৰ এটা  উচ্চপদষ্ঠ চৰকাৰী বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধি দলৰ উত্তৰ-পূৱ ভাৰত ভ্ৰমণৰ পৃষ্ঠপোষকতা কৰিছিল।

হবিব মহম্মদে পুনৰ কয়: "উত্তৰ-পূৰ্বাঞ্চলৰ এক কৌশলগত অৱস্থান আছে। বাংলাদেশ, চীন, ভূটান আৰু ম্যানমাৰৰ মাজত অৱস্থিত, ই আদৰ্শভাৱে সীমান্তপাৰ বাণিজ্যৰ বাবে অৱস্থিত। তদুপৰি, চুবুৰীয়া এছিয়ান অঞ্চল হৈছে আজি বিশ্বৰ আটাইতকৈ গতিশীল অৰ্থনৈতিক অঞ্চলসমূহৰ ভিতৰত এটা। আমাৰ চৰকাৰৰ 'লুক ইষ্ট পলিচী'য়ে এই অঞ্চলৰ সমগ্ৰ অৰ্থনৈতিক দৃশ্যপট সলনি কৰাৰ এক বৃহৎ সুযোগ প্ৰদান কৰিছে।"