দেশৰ ২০-২৫ খন চহৰত আৰম্ভ হ'ব ৫ জি সেৱা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী

অহা আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত দেশৰ ২০-২৫ খন চহৰত ৫ জি সেৱা আৰম্ভ হ'ব। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় দূৰসংযোগ মন্ত্রী অশ্বিনী বৈষ্ণৱে। 
 
মন্ত্রী অশ্বিনী বৈষ্ণৱে জনোৱা মতে ভাৰতে থলুৱাভাবে বিকশিত কৰা ৪ জি আৰু ৫জি সমাধানে এই খণ্ডত নতুন গতি প্রদান কৰিব। এক অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৪ জিৰ লগতে ৫ জিৰ প্রযুক্তিও ভাৰতে তাৎক্ষণিকভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। 
 
মন্ত্ৰীগৰাকীয়ে লগতে জনোৱা মতে, ৫ জি সেৱাৰ মূল্যও ভাৰতত ব্যয়সাধ্য হ'ব। কিয়নো বিশ্বৰ আন বহুতো দেশৰ তুলনাত ভাৰতৰ ৪ জি সেৱাৰ মাচুল এতিয়াও তুলনামূলকভাৱে যথেষ্ট কম।