অসমত জি এছ টি সংগ্ৰহৰ পৰিমাণ ২৬% বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
২০২২ বৰ্ষৰ এপ্রিল-ডিচেম্বৰৰ সময়ছোৱাত অসমত বৃদ্ধি পাইছে জি এছ টি আৰু অনা-জি এছ টি সংগ্ৰহৰ পৰিমাণ। এক তথ্যত প্রকাশ পোৱামতে এই সময়ছোৱাত জি এছ টি সংগ্ৰহৰ পৰিমাণ হৈছে ৯,২৮০ কোটি টকা। 
 
ইয়াৰ পূৰ্বৰ বৰ্ষৰ একেই সময়ছোৱাত এই পৰিমাণ আছিল ৭,৩৮৬ কোটি টকা। অর্থাৎ ২০২১ বৰ্ষৰ তুলনাত ২০২২ চনৰ এপ্ৰিল-ডিচেম্বৰৰ সময়ছোৱাত ২৬ শতাংশ বৃদ্ধি পায় জি এছ টি সংগ্রহ। সেইদৰে অনা-জি এছ টি কৰ সংগ্ৰহো ২৮ শতাংশ বৃদ্ধি হৈ ৫,১৩৭ কোটি টকা হৈছে। ২০২১ চনৰ এপ্ৰিল-ডিচেম্বৰত এই পৰিমাণ আছিল ৪,০২৫ কোটি টকা। 
 
উল্লেখ্য যে পেট্ৰ'লিয়াম, সুৰা, বৃত্তিগত কৰ আৰু বৈদ্যুতিক শুল্ক আদি অনা-জি এছ টিৰ অধীনত সামৰি লোৱা হয়। এই অনা-জি এছ টিৰ অধীনত পেট্ৰ'লিয়াম আৰু সুৰাৰ পৰা 'ভেট' হিচাপে সর্বাধিক ৰাজহ আদায় কৰিছে অসম চৰকাৰে। 
এটা বিশেষ সূত্রই জানিবলৈ দিয়ামতে আবকাৰী উপার্জনো ৩২ শতাংশ বৃদ্ধি পাই ১,৭৪৩ কোটি টকা হৈছে। ২০২১ চনৰ এপ্রিল-ডিচেম্বৰত এই পৰিমাণ আছিল ১,৩২০ কোটি টকা। ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ মুঠ ৰাজহ সংগ্ৰহৰ পৰিমাণ ২৭,২৭৫ কোটি টকালৈ বৃদ্ধি হৈছে। ২০১৬-১৭ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ২০,১৮৮ কোটি টকা। 
সেইদৰে ২০২১-২২ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈ হস্তান্তৰ কৰা মুঠ ৰাজহৰ পৰিমাণ ৬১,৭০৪ কোটি টকালৈ বৃদ্ধি হয়। ২০১৬-১৭ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ৩২,৭৮৭ কোটি টকা। অর্থাৎ বিগত ৫ বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ প্রায় ৫ গুণ বৃদ্ধি পাইছে। 
 
ইফালে পৰিবহণ বিভাগৰ পৰা অসম চৰকাৰে লাভ কৰা ৰাজহৰ পৰিমাণো চলিত বিত্তীয় বৰ্ষত যথেষ্ট হাৰত বৃদ্ধি পাইছে। পৰিবহণ বিভাগত অনলাইন ব্যবস্থা কার্যকৰী হোৱাৰ পিচৰে পৰা ৰাজহ সংগ্ৰহৰ হাৰ বৃদ্ধি পেৱা পৰিলক্ষিত হৈছে। চলিত বিত্তীয় বৰ্ষত পৰিবহণ বিভাগৰ পৰা প্ৰায় ১,২০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ হ'ব বুলি আশা প্রকাশ কৰিছে অসম চৰকাৰে।