দেশত বেংক ঋণৰ চাহিদা বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
দীনেশ কুমাৰ খাৰা
দীনেশ কুমাৰ খাৰা
নতুন দিল্লী 
 
দেশৰ অৰ্থনীতিৰ বিকাশৰ ইংগিত বহন কৰি ভাৰতত বেংক ঋণৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে বুলি মন্তব্য কৰিছে দেশৰ সৰ্ববৃহৎ বেংক প্রতিষ্ঠান ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ কুমাৰ খাৰাই। 
 
ব্লুমবার্গ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খাৰাই কয় যে প্রায় দুবছৰ ধৰি ঋণৰ বিকাশৰ হাৰ স্তিমিত হৈ থকাৰ পিচত এইবাৰ এই হাৰ আশাপ্রদভাৱে বৃদ্ধি পাবলৈ ধৰিছে। 
 
বিশেষকৈ বিভিন্ন বাণিজ্যিক প্রতিষ্ঠানে গ্রহণ কৰা ঋণৰ হাৰ যথেষ্ট আশাব্যঞ্জক। দেশত বেংকে ঋণৰ বিকাশৰ হাৰ তিনি বছৰৰ ভিতৰত সর্বাধিক হৈছে বুলিও খাৰাই উল্লেখ কৰিছে।