১৫ জুনৰ পৰা গুৱাহাটী-জয়পুৰৰ মাজত চলিব ইণ্ডিগ বিমান

Story by  atv | Posted by  Munni Begum • 1 Years ago
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠ
গুৱাহাটী 

আঞ্চলিক বিমান সংযোগৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠৰ পৰা গুৱাহাটী আৰু জয়পুৰৰ মাজত দৈনিক নতুন বিমান সেৱাৰ সংযোজন কৰা হৈছে।
 
ভাৰতৰ আগশাৰীৰ বিমান সেৱা প্ৰতিষ্ঠান ইণ্ডিগ'ৱে গুৱাহাটী আৰু জয়পুৰৰ মাজত দৈনিক পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ কথা সদৰী কৰিছে।
 
উল্লেখযোগ্য যে ৩৮০ আসনযুক্ত এয়াৰবাছ ৩২০ বিমান, ৬ই ০৩৫৭ খনে সন্ধিয়া ৭:৫০ বজাত গুৱাহাটীৰ পৰা উৰা মাৰি নিশা ১০:৪৫ বজাত জয়পুৰ অৱতৰণ কৰিব।
 
আনহাতে ই ০৩৫৪ বিমানখন আবেলি ৪:৪৫ বজাত জয়পুৰৰ পৰা উৰা মাৰি সন্ধিয়া ৭ বজাত গুৱাহাটীত অৱতৰণ কৰিব। এই সেৱা অহা ১৫ জুনৰ পৰা কাৰ্যকৰী হ'ব বুলি বিমানকোঠ কৰ্তৃপক্ষই জানিবলৈ দিছে।