অসমৰ বানপীড়িত অঞ্চলসমূহত ১৪৪টা ম'বাইল টাৱাৰ পুনৰ কাৰ্যক্ষম কৰিব ইণ্ডাছ টাৱাৰে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
অসমৰ বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য প্রক্রিয়া অব্যাহত থকাৰ সময়ত ম'বাইল নেটৱৰ্ক সংযোগ স্থাপনত সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডাছ টাৱাৰৰ অভিযন্তা আৰু টেকনিচিয়ানসকলে অসমৰ বিভিন্ন ঠাইৰ পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ থকা সত্ত্বেও গুৱাহাটী, শিলচৰ, বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু নগাঁও মণ্ডলৰ ১৪৪টা ম'বাইল টাৱাৰ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 
 
অসমৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ বানপীড়িত অঞ্চলসমূহত শক্তিশালী ম'বাইল নেটৱৰ্ক কার্যক্ষম কৰি তুলিবলৈ ইণ্ডাছ টাৱাৰ্ছে বিদ্যুৎ সংযোগ বিচ্ছিন্ন, বিভিন্ন এলেকাত পেট্ৰ'ল পাম্পসমূহ জলমগ্ন হোৱাৰ ফলত ইন্ধনৰ উপলব্ধতাৰ দৰে প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। 
 
এই সন্দৰ্ভত ইণ্ডাছ টাৱাৰ্ছৰ এন ই এছ এ সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেন্দ্ৰৰ গুৰুঙে কয় যে প্রাকৃতিক দুর্যোগত ক্ষতিগ্ৰস্ত হোৱা আন্তঃগাঁথনি আৰু যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাধাকো নেওচি কম দিনৰ ভিতৰতে টাৱাৰসমূহ পুনৰ সংযোগ কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে।