ডিগবৈ শোধনাগাৰক নতুন ৰূপ দিয়াৰ বাবে বিনিয়োগ ৭৪০.২০ কোটি টকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
ভাৰতৰ ভিতৰতে আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰ তথা বিশ্বৰ ভিতৰতে অন্যতম পুৰণি শোধনাগাৰ হিচাপে পৰিচিত ডিগবৈ শোধনাগাৰক নতুন ৰূপ দিয়াৰ বাবে ভাৰতীয় তেল নিগমে বিশেষ পৰিকল্পনা গ্রহণ কৰিছে। ১৯০১ চনৰ ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই তেল শোধনাগাৰটোৰ সম্প্ৰসাৰণৰ বাবে ৭৪০ কোটি টকা বিনিয়োগত অনুমোদন জনাইছে তেল নিগমৰ পৰিচালন মগুলীয়ে। 
 
শেহতীয়াকৈ ষ্টক এক্সচেঞ্জত দাখিল কৰা তথ্য অনুসৰি ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা ০.৬৫ নিযুত টনৰ পৰা বছৰি ১ নিযুত টনলৈ বৃদ্ধি কৰা হ'ব। এই সম্প্ৰসাৰণ প্ৰকল্পত প্ৰায় ৭৪০.২০ কোটি টকা ব্যয় হ'ব বুলি প্রতিষ্ঠানটোৱে জানিবলৈ দিয়ে। ৰাজহুৱা খণ্ডৰ তৈল প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত এই সম্প্ৰসাৰণ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। 
উল্লেখ্য যে পূর্বে আছাম অইল কোম্পানী লিমিটেড / বার্মা অইল কোম্পানীয়ে ডিগবৈ শোধনাগাৰটো পৰিচালনা কৰি আছিল। ১৯৮১ চনৰ ১৪ অক্টোবৰত ইয়াক ভাৰতীয় তেল নিগমৰ হাতত অৰ্পণ কৰা হয়। ইয়াৰ পিচৰে পৰা তেল নিগমৰ অসম সংমণ্ডলে ইয়াৰ পৰিচালনা কৰি আহিছে। সম্প্রতি ডিগবৈ তেল শোধনাগাৰত এল পি জি, পেট্ৰ'ল আৰু ডিজেলৰ লগতে ছালফাৰ আদি উৎপাদন কৰি অহা হৈছে। 
ভাৰতৰ সৰ্ববৃহৎ তেল শোধনাগাৰ আৰু ইন্ধন বিপণন প্রতিষ্ঠান হিচাপে ভাৰতীয় তেল নিগমে সমগ্ৰ দেশত ১০ টা তৈল শোধনাগাৰ পৰিচালনা কৰি আছে। য'ত বছৰি শোধন ক্ষমতা হৈছে ৮০.৫৫ নিযুত টন। এই হাৰ হৈছে ভাৰতত বছৰি শোধন হোৱা তেলৰ ৩২ শতাংশ।