মাছ-মাংস, শাক-পাচলি, গুড়, মুৰি, চিৰা, পিঠাগুড়ি, মৌ, পনীৰত আৰোপ জি এছ টি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 

দেশবাসীক মুদ্রাস্ফীতিয়ে জুৰুলা কৰাৰ সময়তে নতুন নতুন নিত্য-ব্যৱহার্য সামগ্ৰীৰ ওপৰত কৰ আৰোপৰ দিশে আগবাঢ়িছে জি এছ টি পৰিষদ।  জি এছ টি পৰিষদে শাক-পাচলি, খাদ্য-দ্রব্য, গুড়, মুৰি, চিৰা, পিঠাগুড়ি, মৌ, পনীৰ আদিৰ লগতে বিভিন্ন সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
মংগলবাৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত জি এছ টি পৰিষদৰ ৪৭ সংখ্যক বৈঠকত জি এছ টিৰ আওতাৰ বাহিৰত থকা সামগ্ৰী সন্দৰ্ভত গঠিত মন্ত্রীগোটৰ প্ৰতিবেদন গ্ৰহণৰ লগে লগে বহু নিত্য-ব্যৱহাৰ্য তথা অত্যাৱশ্যকীয় সামগ্রীত নতুনকৈ কৰ আৰোপ নিশ্চিত হৈ পৰিছে। 
ইতিপূৰ্বে জি এছ টিৰ পৰা আঁতৰত থকা সামগ্ৰীসমূহত জি এছ টি আৰোপ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বোম্মাইৰ অধ্যক্ষতাত গঠন কৰি দিয়া মন্ত্রীগোটৰ প্রতিবেদনখন জি এছ টি পৰিষদৰ অধ্যক্ষ তথা কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰণৰ ওচৰত আনুষ্ঠানিকভাৱে দাখিল কৰা হয়। তাৰ পিচত জি এছ টি পৰিষদৰ বৈঠকত মন্ত্রীগোটে দিয়া পৰামৰ্শাৱলী গৃহীত হয়। 
এই প্রতিবেদন দাখিলৰ লগে লগে কেতবোৰ শাক-পাচলি, খাদ্য-দ্রব্য, গুড়, মুৰি, চিৰা, পিঠাগুড়ি, মৌ, পনীৰ আদিৰ লগতে বিভিন্ন সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাটো নিশ্চিত হৈ পৰিল। ইপিনে কেঁচা চাহপাতৰ ওপৰতো ৫ শতাংশ জি এছ টি আৰোপৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। 
একেদৰে উত্তৰ-পূবৰ বিমান বন্দৰত বিমানত উঠা ইক'নমি শ্ৰেণীৰ টিকটত নতুনকৈ জি এ টি আৰোপতো অনুমোদন দিয়া হৈছে। একেদৰে ৰে'লপথেৰে সৰবৰাহ হোৱা বাতৰি কাকত, আলোচনী, ৰে'লেৰে সৰবৰাহ হোৱা সামগ্ৰী, ৰিজাৰ্ভ বেংক সেৱা আদিৰ ওপৰত জি এছ টি আৰোপ কৰিছে। ইপিনে এল ই ডি বাল্ব, লেম্প, প্রস্তুত চামৰা সামগ্ৰীত থকা জি এছ টি বৃদ্ধিতো অনুমোদন জনোৱ হৈছে। 
বেংকৰ চেকতো ১৮ শতাংশ জি এছ টি আৰোপৰ প্ৰস্তাৱত অনুমোদন জনায় জি এছ টি পৰিষদে। বুধবাৰে এখন সংবাদমেলত নতুন জি এছ টি হাৰ ঘোষণা আনুষ্ঠানিকভাৱে কৰিব জি এছ টি পৰিষদৰ অধ্যক্ষ তথা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে।