বজাৰত ব্যৱহৃত গাড়ীৰ মূল্য ১৫ শতাংশ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
বছৰটোৰ বিভিন্ন সময়ত নতুন গাড়ীৰ মূল্য বৃদ্ধি পাই থকাত শেহতীয়াকৈ গাড়ীৰ বজাৰত বাঢ়িছে ব্যৱহৃত গাড়ীৰ চাহিদা। ইয়াৰ সমান্তৰালকৈ বিগত সময়ছোৱাত ব্যৱহৃত গাড়ীৰ মূল্যও ১২-১৫ শতাংশ বৃদ্ধি পাইছে। 
 
ব্যৱহৃত গাড়ীৰ সংগঠিত খুচুৰা প্লেটফর্ম ড্ৰুম, মহিন্দ্ৰা ফাৰ্ষ্ট চইচ আৰু স্পিনিৰ দৰে প্রতিষ্ঠানসমূহে জনাই যে বিগত ৫ মাহত যথেষ্ট হাৰত বাঢ়িছে ব্যৱহহৃত গাড়ীৰ মূল্য। 
এই সন্দৰ্ভত ড্ৰুম, টেকন'লজিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্রতিষ্ঠাপক সন্দীপ আগৰৱালে কয় যে পূৰ্বে নতুন গাড়ীৰ তুলনাত নিৰ্দিষ্ট গাড়ীখনৰ পৰিৱৰ্তে ব্যৱহৃত গাড়ীৰ মূল্য ৪০ শতাংশ কম আছিল। কিন্তু এতিয়া অনলাইন আৰু অফলাইন খুচুৰা বজাৰত এনে ব্যৱহৃত গাড়ীৰ মূল্য নতুনৰ তুলনাত কেৱল ৩০-৩৪ শতাংশহে কম হোৱা দেখা যায়। 
তদুপৰি বিগত ২৪ মাহত বি এছ ৬ ইন্ধন নির্গমণ ইঞ্জিন বাধ্যতামূলক কৰাৰ লগতে কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি, চিপৰ নাটনিৰ দৰে বিভিন্ন সমস্যাৰ ফলত গাড়ী নির্মাতা প্রতিষ্ঠানসমূহে নতুনকৈ মুকলি কৰা গাড়ীৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। 
 
লক্ষণীয় যে চলিত বৰ্ষৰ প্ৰথমটো ত্রিমাসিকত অনলাইন প্লেট ফর্ম স্পিনিযোগে ব্যৱহৃত গাড়ী ক্ৰয় কৰা গ্ৰাহকৰ ৫৫ শতাংশ‍ই আছিল প্ৰথমবাৰলৈ গাড়ী ক্রয় কৰা গ্রাহক।