বজাৰত আইচক্ৰীমৰ চাহিদাৰ অভিলেখ

Story by  atv | Posted by  [email protected] • 1 Years ago
বজাৰত আইচক্ৰীমৰ চাহিদাৰ অভিলেখ
বজাৰত আইচক্ৰীমৰ চাহিদাৰ অভিলেখ
গুৱাহাটী
 
শেহতীয়াকৈ বজাৰত আইচক্ৰীমৰ চাহিদাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে। বিগত প্ৰায় দুটা বছৰত আইচক্ৰীমৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদনকাৰী প্রতিষ্ঠানসমূহে উৎপাদন ক্ষমতা বৃদ্ধিৰ পৰিকল্পনা কৰিছে। দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত দেশৰ সৰ্ববৃহৎ ব্ৰেণ্ড আমূলে এইবাৰ আইচক্ৰীমৰ বজাৰত অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্য লৈছে। 
 
 
উল্লেখ্য যে দেশৰ আইচক্ৰীমৰ বজাৰখনৰ ৫০ শতাংশতকৈও অধিক অংশীদাৰিত্ব আছে আমূলৰ দখলত। অহা দুবছৰৰ ভিতৰত প্রতিষ্ঠানটোৱে আইচক্ৰীম উৎপাদন প্ৰকল্পৰ ক্ষমতা দুগুণলৈ বৃদ্ধি কৰাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত প্ৰকল্পৰ সম্প্ৰসাৰণ কৰিব। 
 
সম্প্রতি দেশৰ বিভিন্ন প্ৰান্তৰ ১৭ টা স্থানত আমূলে আইচক্ৰীম প্ৰস্তুত কৰি আহিছে। এই সংখ্যা অচিৰেই দুগুণলৈ বৃদ্ধি কৰা হ'ব বুলি জানিবলৈ দিয়ে আমূল ফেডাৰেচনৰ চি অ' অ' জাইন মেহতাই। 
 
মেহতাই কয় যে অহা এবছৰৰ ভিতৰত ৯ স্থানত নতুন আইচক্ৰীম প্রকল্প স্থাপন কৰা হ'ব। অসমৰ আইচক্ৰীমৰ বজাৰখনতো পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্রতিষ্ঠানটোৱে গুৱাহাটীত স্থাপন কৰিব উৎপাদন প্রকল্প। গুৱাহাটীৰ লগতে কলকাতা, মধ্যপ্ৰদেশৰ উজ্জয়ন, মুম্বাইৰ সমীপৱৰ্তী তালোজা আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নতুন প্রকল্প স্থাপন কৰা হ'ব।
 
তদুপৰি গুজৰাটৰ বানাছকাস্থা, ভূজ, সুৰেন্দ্ৰনগৰ আৰু আমৰেলীতো নতুন আইচক্রীম প্রকল্প স্থাপন কৰা হ'ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে। 
 
উল্লেখ্য যে আমূলৰ লগতে মাদাৰ ডেইৰীকে ধৰি কেইবাটাও দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত প্রতিষ্ঠানে এইবাৰ আইচক্ৰীমৰ বজাৰত পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।