১৫ আগষ্টত আৰম্ভ হব ৰিলায়েন্স জিঅ'ৰ ৫জি সেৱা

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ৫জি সেৱাৰ প্ৰতিনিধিত্বমুলক ফটো
৫জি সেৱাৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
চলিত সপ্তাহৰ আৰম্ভণিতে ৰিলায়েন্স জিঅ' ইনফ কমৰ অধ্যক্ষ আকাশ আম্বানিয়ে ঘোষণা কৰিছিল যে সমগ্ৰ দেশত ৫জি সেৱাৰ যোগেদি তেওঁলোকে এইবাৰ 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰিব। 
 
তেওঁ কয় যে বিশ্বমানৰ ব্যয়সাধ্য ৫জি সেৱাৰ যোগেদি ভাৰতৰ গ্ৰাহকক নতুন দূৰসংযোগ সেৱা আগবঢ়াব জিঅ'ৱে। দেশৰ ডিজিটেল খণ্ডটো আগুৱাই নিয়াৰ প্ৰয়াসেৰে জিঅ' ৫জি স্পেকট্রামৰ নিলামত সফল হৈছে। 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২১ চনৰ ১২ মাৰ্চত শুভাৰম্ভ কৰিছিল আজাদী কা অমৃত মহোৎসৱ। এইবাৰ ১৫ আগষ্টত ৭৫ সপ্তাহৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। এই দিনটোতে জিঅ'ৱে এজি সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। 
নমুৰাই প্ৰকাশ কৰা তথ্য অনুসৰি ৫জি সেৱাৰ বাবে ৰিলায়েন্স জিঅ'ক ৭০০ মেগাহার্টছ বেণ্ড আগবঢ়োৱাৰ যোগেদি দেশৰ ৫জি খণ্ডটোক শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। অৱশ্যে জিঅ'ৱে ১৫ আগষ্টত ৫জি সেৱা আৰম্ভ কৰিব নে নকৰে, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই ।