কৃষিকৰ্মৰ জৰিয়তে নিবনুৱা সমস্যা দূৰ কৰাৰ অভিনৱ প্ৰয়াস চৈয়দ আব্দুল চুইটৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
চৈয়দ আব্দুল চুইট আৰু এখন প্ৰদৰ্শনী। ছবি সৌজন্য: মনচুট কেম ইণ্ডাষ্ট্ৰীজ
চৈয়দ আব্দুল চুইট আৰু এখন প্ৰদৰ্শনী। ছবি সৌজন্য: মনচুট কেম ইণ্ডাষ্ট্ৰীজ
দৌলত ৰহমান/ গুৱাহাটী

বৰ্তমান অসমৰ এক জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা। নিৱনুৱা সমস্যাৰ কোৰালে গ্ৰাস কৰিছে ৰাজ্যখনৰ বহু উচ্চ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত। কৰ্মসংস্থাপনৰ  অভাৱত বহু যুৱক যুৱতীয়ে আত্মহত্যাৰ দৰে পথ বাছি লোৱাও দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত। তেন্তেস্থলত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতক কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দি এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে চৈয়দ আব্দুল চুইট নামৰ এজন যুৱকে।
 
চৈয়দ আব্দুল চুইটে আধুনিক কৃষি ইনপুট নিৰ্মান উদ্যোগৰ আৰম্ভ কৰি এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। যিটো উদ্যোগ সম্প্ৰতি মনচুট কেম ইণ্ডাষ্ট্ৰীজ (Mansut Chem Industries) হিচাপে এক পৃথক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই উদ্যোগৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰাৰ বাবে জৈৱিক সাৰ, সংশ্লেষিত কীটনাশক, মাইক্ৰ' নিউট্ৰীয়েন্ট সাৰ আৰু বিভিন্ন প্ৰকাৰৰ উৎপাদন বৃদ্ধিকাৰী উৎপাদন কৰা হয়। গুৱাহাটীৰ পানীখাইটি, মৰিগাঁও জিলাৰ নেলী, কাউৰবাঁহা, বাক্সা জিলাৰ গৰেশ্বৰত তিনিটাকৈ মনচুট কেম ইণ্ডাষ্ট্ৰীজৰ ইউনিট স্থাপন কৰিছে আব্দুলে।
কৃষকসকলে তেওঁলোকৰ খেতিপথাৰত মনচুট কেম ইণ্ডাষ্ট্ৰীজৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। ছবি সৌজন্য: মনচুট কেম ইণ্ডাষ্ট্ৰীজ
এই ইউনিটে কেৱল মাত্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলৰ বাবে বিভিন্ন আধুনিক কৃষি ইনপুট যোগান ধৰাই নহয়, ই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালত এখন বিশাল বজাৰ দখল কৰিবলৈও সক্ষম হৈছে। 
 
চৈয়দ ৰামজান আলী আৰু চৈয়দা আচিকা বেগমৰ কনিষ্ঠ পুত্ৰ আব্দুল চুইটে এখন অতি পিছ পৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিল। কৃষি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আব্দুলে কাউৰবাঁহা আৰু ৰঙিয়া গাঁৱত প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰি উচ্চ শিক্ষাৰ বাবে  অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটলৈ যায়। তাৰ পিছত তেওঁ পশ্চিমবংগৰ শান্তিনিকেটনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা কৃষি ক্ষেত্ৰত  এম এছ চি ডিগ্ৰী লাভ কৰে। 
 
লক্ষ্ণৌৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কমাৰ্চ এণ্ড ট্ৰেডৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে। ২০০৪ বৰ্ষত আব্দুলে তেওঁৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁ বিভিন্ন আগশাৰীৰ ব্যক্তিগত কোম্পানীত কাম কৰিছিল, যদিও নিজে কিবা এটা কৰাৰ লগতে আনকো কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ এক দুৰ্বাৰ হেঁপাহ মনতে পুহি ৰাখিছিল। ২০১১ বৰ্ষত আব্দুলে চাকৰিৰ পৰা অব্যাহলতি লয়  আৰু প্ৰায় ২০ লাখ টকা ব্যয় কৰি পানীখাইটিত মনচুট কেম ইণ্ডাষ্ট্ৰীজৰ আৰম্ভ কৰে। বৰ্তমান তেওঁৰ কোম্পানীত প্ৰায় ২০০ তকৈও অধিক কৰ্মচাৰীয়ে নিযুক্ত হৈ আছে।
মনচুট কেম ইণ্ডাষ্ট্ৰীজৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ নিৰ্দেশিকা পঢ়িছে কৃষকসকলে। ছবি সৌজন্য: মনচুট কেম ইণ্ডাষ্ট্ৰীজ
আৱাজ দ্যা ভয়ইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চৈয়দ আব্দুল চুইটে কয়, "মই মোৰ উদ্যোগ স্থাপনত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় লোৱা নাছিলো। মনচুট কেম ইণ্ডাষ্ট্ৰীজে ধান, বিভিন্ন খৰীফ, ৰবি শস্য আৰু চাহ খেতি আদিৰ বাবে বিভিন্ন আধুনিক কৃষিজাত সামগ্ৰী উৎপাদন কৰি আহিছে। কৃষক সকলৰ সুবিধাৰ্থে দেশৰ বিভিন্ন প্ৰান্ত ক্ৰমে পাটনা, কলিকতা, শিলিগুড়ি, বেনাৰস আৰু দিল্লী আদি স্থানত উদ্যোগটোৰ বিপণন কাৰ্য্যালয় আছে। ইয়াৰউপৰিও আমি এটা জীৱন বিজ্ঞান বিভাগৰ আৰম্ভ কৰিছোঁ। এই বিভাগৰ অধীনত সৰ্বসাধাৰণ ৰাইজৰ ব্যৱহাৰৰ বাবে ৬২ বিধ ঔষধ প্ৰস্তুত কৰা হয়। ঔষধ প্ৰস্তুতৰ বাবে মহাৰাষ্ট্ৰৰ নাছিক গুজৰাট আৰু হিমাচল প্ৰদেশত মুঠ তিনিটা গোটৰ ব্যৱস্থা কৰা হৈছে।"
আব্দুল চুইটে লগতে কয়, "কৃষি মোৰ তেজত আছে। আজি মই অতিকৈ সুখী যে মই কৃষি কৰ্মৰ যোগেদি বহু নিবনুৱাক সংস্থাপন দিব পাৰিছোঁ। জাতি ধৰ্ম নিৰ্বিশেষে বৰ্তমান মোৰ উদ্যোগত ২০০ তকৈও অধিক  যুৱক-যুৱতী নিয়োজিত হৈ আছে। মই বহু দেশ ভ্ৰমণ কৰিছোঁ। ভ্ৰমণকালত মই দেখিছোঁ দেশবোৰত এবছৰত পথাৰত ৪-৫ বাৰকৈ শস্যৰ খেতি কৰা হয়। কিন্তু অসমত অধিকাংশ অঞ্চলত কেৱল এটা শস্যৰহে খেতি কৰা হয়। আৰু, কেতিয়াবা সেই শস্যৰো খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়।
 
"ৰাজ্য চৰকাৰে কৃষক সকলৰ আয় দুগুণ কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহিছে, যদিও এনে উন্নয়ন অসমৰ ভূমিবোৰত হৈ আহিছে। খাৰুপেটীয়া, হোজাই, লংকা, তুচ্ছপুৰ আৰু বৰপেটা আদিৰ দৰে কেইখনমান ঠাইত বৃহৎ পৰিমাণৰ কৃষি উৎপাদন হৈ আহিছে। যদি অসমৰ ২০ শতাংশ কৃষি ভূমি গোটে বছৰত কমেও ৩ বাৰকৈ শস্যৰ খেতি কৰা হয়, তেন্তে ৰাজ্যখনৰ অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট পৰিবৰ্তন ঘটিব। যাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও আব্দুলে মন্তব্য কৰে।"