বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি সমাজলৈ পৰিবৰ্তন অনা হাৰিয়ানাৰ ১০ গৰাকী প্ৰেৰণাদায়ক ব্যাক্তি

Story by  atv | Posted by  Munni Begum • 4 h ago
হাৰিয়ানাৰ ১০ গৰাকী প্ৰেৰণাদায়ক ব্যাক্তি
হাৰিয়ানাৰ ১০ গৰাকী প্ৰেৰণাদায়ক ব্যাক্তি
 
আৱাজ-দ্য ভইচ ব্যুৰো 
 
শস্য-শ্যামল ৰাজ্য হাৰিয়ানাৰ কেইগৰাকীমান এনে ব্যাক্তি, যিসকল সম্প্ৰতি সমাজৰ অধিকাংশ লোকৰ বাবে আশা, সাহস আৰু পৰিবৰ্তনৰ প্ৰকৃত উদাহৰণ হৈ পৰিছে। আৱাজ-দ্য ভইচে এনে ১০ গৰাকী সমাজ পৰিবৰ্তনকাৰী ব্যক্তিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিসকলে দাৰিদ্ৰ্য, পিছপৰা, সম্পদৰ অভাৱ আদি সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি নিজৰ পৰিশ্ৰম, সংগ্রাম আৰু নিষ্ঠাৰে হাৰিয়ানাক উন্নয়নৰ শিখৰলৈ লৈ গৈছে।    
 
হাজী ইব্ৰাহিম খান  
 
মেৱাটৰ হাজী ইব্ৰাহিম খানে চাৰে তিনি দশকৰো অধিক সময় ধৰি পানী সংৰক্ষণ অভিযানৰ সৈতে জড়িত হৈ আছে। আৰাৱল্লী জল বিৰাদাৰীৰ সভাপতি হিচাপে তেওঁ নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰি আহিছে। 
 
হাজী ইব্ৰাহিম খান
 
তেওঁ কয়, "শৈশৱৰ পৰাই আমি পানীৰ চৰম অভাৱৰ সন্মুখীন হৈ আহিছো। বিশেষকৈ মহিলাসকলে অধিক এই সমস্যাত ভোগে, কিয়নো তেওঁলোকে ঘৰৰ সকলো কাম কৰি পানী আনিবলৈ বহুদূৰ বাট খোজ কাঢ়িবলগীয়া হৈ আহিছে। মই 'ৱাটাৰমেন' ৰাজেন্দ্ৰ সিঙৰ পৰা প্ৰেৰণা লাভ কৰিছিলো। মই প্ৰথমে ঘট্টা শ্বামছাবাদৰ সমীপত দুখন পাহাৰৰ মাজত এটা বান্ধ নিৰ্মাণ কৰিছিলো। ইয়াৰ দ্বাৰা গাঁওবাসীৰ খোৱাপানীৰ সমস্যা সমাধান হৈছিল। পৰৱৰ্তী সময়ত তৰুণ ভাৰত সংঘৰ সহায়ত পট খোৰী, ফিৰোজপুৰ ঝিৰকা, গিয়াছানিয়ান বাস, মেউলি আদি কেইবাখনো গাঁৱৰ পাহাৰৰ শীৰ্ষত বন্যপ্ৰাণীৰ বাবে কেইবাটাও  'জোহাড়' (বৰষুণৰ পানী সংৰক্ষণৰ জলভূমি) নিৰ্মাণ কৰা হৈছিল।" 
 
পাৰভেজ খান 
 
প্ৰতিভাই যে, যিকোনো ঠাইলৈ লৈ যাব পাৰে সেই কথা প্ৰমাণ কৰিছে মেৱাটৰ পাৰভেজ খানে। তেওঁৰ এখন সৰু গাঁৱৰ পৰা প্ৰতিভাৰ বাবেই আমেৰিকা গৈ পাইছিল। ২০২৪ চনৰ মে' মাহত লুইজিয়ানাত অনুষ্ঠিত হোৱা এছ ই চি আউটড'ৰ ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপত তেওঁ ১৫০০ মিটাৰ দৌৰত ৩ মিনিট ৪২.৭৩ ছেকেণ্ডত খেলখন সমাপ্ত কৰি সোণৰ পদক লাভ কৰিছিল।
 
পাৰভেজ খান
 
তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠত্ব অৱশ্যে ৩ মিনিট ৩৮.৭৬ ছেকেণ্ড, যিটো কেলিফৰ্ণিয়াত লাভ কৰিছে। তেওঁ ৮০০ মিটাৰ দৌৰতো তৃতীয় স্থান লাভ কৰিছিল। 
 
মুমতাজ খান
 
নুহৰ চাণ্ডেনী গাঁৱৰ মুমতাজ খান হৈ পৰিছে মেৱতৰ কণ্ঠ। বহু সামাজিক আন্দোলনত অংশগ্ৰহণ কৰাৰ লগতে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তেও নিজৰ অঞ্চলৰ সমস্যাৰ বিষয়ে উত্থাপন কৰি আহিছে। মুমতাজ চাণ্ডেনীৰ শিক্ষা আৰু মহিলা সৱলীকৰণৰ পদক্ষেপৰ বাবে পৰিচিত। 
 
মুমতাজ খান
 
তেওঁ কয়, "শৈশৱৰ পৰাই মই বিভিন্ন মঞ্চৰ পৰা মেৱাটৰ উন্নয়নৰ হকে মাত মাতি আহিছো। মই জিলা গঠন, কৃষকক উচিত ক্ষতিপূৰণ, শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ বিষয়সমূহৰ সৈতে জড়িত আন্দোলনসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলো।" 
 
ছিদ্দিক আহমদ মেউ
 
ডাঃ ছিদ্দিক আহমেদ মেউ হৈছে হাৰিয়ানাৰ এজন প্ৰখ্যাত লেখক আৰু সমাজকৰ্মী। তেওঁ মেৱাটৰ ইতিহাসৰ ওপৰত বিস্তৃতভাৱে কাম কৰি আহিছে।
 
ছিদ্দিক আহমদ মেউ
 
তেওঁ কয়, "মেৱাটৰ ইতিহাসৰ ওপৰত মোৰ প্ৰথম লেখাটো ১৯৯১ চনত তথ্য আৰু জনসংযোগ বিভাগৰ আলোচনী 'হাৰিয়ানা সম্বাদ'ত প্ৰকাশ পাইছিল। তাৰ পাছত আৰু বহু প্ৰবন্ধ প্ৰকাশিত হৈছিল। ১৯৯৭ চনত মোৰ প্ৰথমখন গ্ৰন্থ 'মেৱাটঃ এ কুইষ্ট' প্ৰকাশিত হৈছিল। ১৯৯৯ চনত মোৰ দ্বিতীয়খন গ্ৰন্থ 'মেৱতী সংস্কৃতি' প্ৰকাশিত হৈছিল। তেতিয়াৰে পৰা মই কিতাপ লিখি আহিছো, আৰু ২০২৫ চনৰ ভিতৰত, মেৱাটৰ ইতিহাস, সংস্কৃতি আৰু লোককাহিনী সম্পৰ্কীয় মোৰ ১২ খন কিতাপ প্ৰকাশিত হৈছে। ইয়াৰ উপৰিও মোৰ তিনিখন কবিতা সংকলন প্ৰকাশিত হৈছে আৰু আন দুখন প্ৰকাশৰ পথত আছে। ইয়াৰ বাহিৰেও মোৰ প্ৰায় ২০০টা কবিতা ১০ টা সহযোগিতামূলক কবিতা সংকলন প্ৰকাশ পাইছে।" 
 
মহম্মদ ৰফিক চৌহান
 
কৰ্ণালৰ মহম্মদ ৰফিক চৌহান হৈছে এজন অধিবক্তা আৰু সমাজকৰ্মী। তেওঁ শিক্ষা, স্বাস্থ্য, পৰিৱেশ আৰু নাৰী অধিকাৰৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে কাম কৰা হাৰিয়ানা মুছলিম খিদমাৎ সভা নামৰ স্বেচ্ছাসেৱী সংগঠনটো পৰিচালনা কৰি আহিছে।
 
মহম্মদ ৰফিক চৌহান
 
তেওঁ নাৰীৰ অধিকাৰৰ বাবে ইমানেই সংকল্পবদ্ধ যে, কেতিয়াবা যদি তেওঁ এনে কোনো ভুক্তভোগী মহিলাক লগ পায়, যিয়ে তেওঁৰ মাচুল পৰিশোধ কৰিব নোৱাৰে, তেতিয়া তেনে লোকসকলৰ গোচৰসমূহ বিনামূলীয়াকৈ গ্ৰহণ কৰে আৰু কাগজ পত্ৰৰ বাবেও  তেওঁ কোনো ধৰনৰ মাচুল নলয়। 
 
ৰুখছানা
 
নুহৰ ছুনাৰী গাঁৱৰ ৰুখছানা হৈছে এতিয়া গুৰুগ্ৰামত এগৰাকী দণ্ডাধীশ। প্ৰথম দুটা প্ৰচেষ্টাত তেওঁ হাৰিয়ানা ন্যায়িক সেৱা আৰু উত্তৰ প্ৰদেশ ন্যায়িক সেৱাত সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল, যদিও অৱশেষত তেওঁ পশ্চিমবংগৰ ন্যায়িক সেৱাৰ পৰীক্ষাত তৃতীয় স্থান লাভ কৰে।
 
ৰুখছানা
 
বৰ্তমান তেওঁৰ এই সফলতাই হাৰিয়ানা আৰু দেশৰ বহু যুৱতীক অনুপ্ৰাণিত কৰিছে, বিশেষকৈ যিসকলে ভাবি লৈছিল যে, এগৰাকী যুৱতীৰ পৃথিৱী তেওঁৰ ঘৰৰ চাৰিখন দেৱালৰ ভিতৰতে সীমাবদ্ধ।  
 
ৰফিক আহমদ
 
কৰ্ণালৰ ইন্দ্ৰীৰ ৰফিক আহমেদ হৈছে স্বাধীন কৰ্ণালৰ প্ৰথমগৰাকী মুছলমান স্নাতক। তেওঁ জনকল্যাণৰ বাবে, বিশেষকৈ মছজিদ নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
 
ৰফিক আহমদ
 
তেওঁ কয়, "১৯৬০ৰ পৰা ১৯৬২ৰ ভিতৰত বহু মছজিদ আৰু ঈদগাহ নিৰ্মাণ কৰা হৈছিল। মই গোটেই জীৱন এই কামবোৰ কৰিয়ে কটাইছো। বহু লোকে এই অভিযানৰ লগত যোগদান কৰিছে আৰু লাহে লাহে ইয়াৰ সংখ্যা বৃদ্ধি পাই আহিছে। তেওঁৰ মতে, ইছলামৰ প্ৰকৃত মনোভাৱ প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ। 
 
ৰাজেশ খান মচ্ছাহাৰী
 
শোনিপাটৰ ৰাজেশ খান মচ্ছাহাৰী হৈছে এগৰাকী অধিবক্তা আৰু সুপৰিচিত সমাজকৰ্মী। ২০০৬ চনৰ পৰা তেওঁ কবৰস্থান পৰিচালনা কৰা 'কবৰস্থান ইণ্টিজামিয়া সংঘৰ্ষ সমিতি'ৰ সভাপতি হৈ আছে।
 
ৰাজেশ খান মচ্ছাহাৰী
 
তেওঁলোকে কবৰস্থানৰ পানী আৰু বিদ্যুৎ যোগান নিশ্চিত কৰে, বেদখলমুক্ত কৰে, সীমাৰ দেৱাল নিৰ্মাণ কৰে, অভিভাৱকহীন মৃতদেহৰ কবৰ দি আহিছে। 
 
আছলাম খান
 
গুৰুগ্ৰামৰ আছলাম খান হৈছে দৰিদ্ৰ আৰু অনাথ শিশুসকলক সহায় কৰা হাৰিয়ানা অঞ্জুমান চেৰিটেবল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক। এই ট্ৰাষ্টৰ আৰম্ভণি হৈছিল যেতিয়া আছলামে তেওঁৰ মাতৃৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যোৱাত, তাত তেওঁ ৰোগীসকলক টকাৰ অভাৱত ভুগি থকা দেখিছিল।
 
আছলাম খান
 
এই দৃশ্য দেখি তেওঁ গভীৰভাৱে আৱেগিক হৈ আৰ্তজনৰ বাবে এটা ট্ৰাষ্ট গঠন কৰাৰ সিদ্ধান্ত লৈছিল। ২০০৩ চনত তেওঁৰ এই সংগঠনটো আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হৈছিল। 
 
হোছিয়াৰ খান 
 
হিছাৰৰ হোছিয়াৰ খান হৈছে মুছলিম কল্যাণ সমিতিৰ সভাপতি। সংস্থাটোৱে মুছলমান সম্প্ৰদায়ৰ কল্যাণৰ বাবে কাম কৰি আহিছে।
 
হোছিয়াৰ খান
 
তেওঁলোকে সংৰক্ষণ, মৌলিক সুবিধা আৰু সম্প্ৰদায়ৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰি আহিছে। হিছাৰত মছজিদ নথকাৰ বাবে কমিটীৰ খৰচেৰে ক্ৰান্তিমান পাৰ্কত ঈদৰ নামাজৰ আয়োজন কৰা হৈ আহিছে।