পানবাৰী মছজিদ: ইছলামিক স্থাপত্যৰ এক উৎকৃষ্ট উদাহৰণ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ঐতিহাসিক পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ
ঐতিহাসিক পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ
চামচুল হুদা পাটগীৰি / গুৱাহাটী 
 
ঐতিহাসিক পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এটি বুৰঞ্জী প্ৰসিদ্ধ মছজিদ।  কিছু ইতিহাসবিদৰ মতে এইটো নামনি অসমৰ প্ৰথম মছজিদ। ধুবুৰী চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মছজিদটো। ১৫ আৰু ১৬ শতিকাত নিৰ্মিত এই তিনিটা গম্বুজযুক্ত মছজিদ ইছলামিক স্থাপত্যৰ এক উৎকৃষ্ট উল্লেখযোগ্য উদাহৰণ।  
 
ৰঙামাটি মছজিদত বংগৰ চুলতানসকলৰ ৰাজত্বকালৰ পৰম্পৰাগত স্থাপত্য কলাৰ বহুল প্ৰসাৰ দেখা যায়। মছজিদৰ বাহিৰ আৰু ভিতৰৰ স্থাপত্য কলাই বাৰুকৈয়ে আচৰিত কৰে। সুদৃশ্যমান গম্বুজ কেইটাৰ আকাৰ তথা ভব্যতাই আজিও তৎকালীন মোগলকালৰ ইছলামিক নিৰ্মান পদ্ধতিৰ এক উৎকৃষ্ট স্বাক্ষৰ কঢ়িয়াই আছে। 
ৰঙামাটি মছজিদ বা পাণবাৰী মছজিদ নিৰ্মাণৰ সময়কাল সম্পৰ্কে দুটা প্ৰচলিত ধাৰণা আছে। কিছু ইতিাসবিদৰ  মতে পাণবাৰী মছজিদ ১৪৯৩ চনৰ পৰা ১৫১৯ চনৰ মাজত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰোৱাইছিল। তেওঁ কমতাপুৰ ৰাজ্য দখল কৰাৰ পিছত তেওঁৰ জয় উদযাপন কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ এই মছজিদ নিৰ্মাণ কৰোৱাইছিল। আন কিছুমানৰ মতে মোগোল শাসক ঔৰংজেৱৰ সেনাপতি আৰু বংগৰ নবাব মীৰজুমলায়ে অসম আক্ৰমণ কৰা কালছোৱাত ১৬৬২ চনত এই মছজিদ নিৰ্মাণ কৰোৱাইছিল।
মছজিদৰ কাষতে সম্ভৱত একে সময়তে নিৰ্মাণ কৰা এক সুদ্ৰিশ্য ঈদগাহ আৰু এটা দ' কুঁৱা আছে। মজিদৰ পৰিসৰত পিছত নিৰ্মাণ কৰা খোজ কাঢ়িবলৈ পথ আৰু এটা মিনাৰ আছে। মুঠ ১৫০ গৰাকী মানুহে ইয়াত একে সময়তে নামাজ পঢ়িব পাৰে। 
 
ঐতিহাসিক পানবাৰী মছজিদৰ প্ৰাংগণত মুছলমান ধৰ্মালম্বীলোকে নামাজ পঢ়াৰ এক দৃশ্য
 
কোঁচ ৰজাসকলৰ ৰাজ্যৰ অন্তৰ্গত ৰঙামাটি এসময়ত সমৃদ্ধিশালী ঠাই আছিল। হাট্ বজাৰসহ ই কোঁচ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সীমান্ত গড় আছিল। সমীপৰ সীমান্ত প্ৰদেশ গাৰোসকলৰ লগত বিনিময় প্ৰথাৰে এই অঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল আছিল।
পিছলৈ অসম আক্ৰমণকাৰী বংগৰ চুলতান আৰু মোগল সাম্ৰাজ্যৰ অধীনলৈ অহা ৰঙামাটি গড় দখল কৰি পাৰ্শ্বৱৰ্তী আহোম সাম্ৰাজ্যৰ বিৰুদ্ধে এই গড় ব্যৱহাৰ কৰিছিল। কিছুমানৰ মতে এই অঞ্চল আলাউদ্দিন হুছেইন শ্বাহৰ সদৰ মহকুমা আছিল আৰু এই পানবাৰী মছজিদটোৱেই মুছলমান সেনা-জোৱান সকলৰ একমাত্ৰ উপাসনাস্থলী আছিল।
লোকবিশ্বাস মতে প্ৰায় ২০০ বছৰ আগতে স্থানীয় লোকসকলে পাণবাৰী পাহাৰত হাবি জংগলৰ মাজত কাকতলীয় ভাবে এই মছজিদটোক প্ৰত্যক্ষ কৰি পিছলৈ ইয়াক উদ্ধাৰ কৰে। তেওঁলোকে ইয়াক চাফ-চিকুণ কৰি পিছলৈ দৈনিক উপাসনা স্থল তথা নামাজ পঢ়িবলৈ লয়। বৰ্তমান এই বৃহত্তৰ পানবাৰী অঞ্চলটো এক ধৰ্মীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। এই অঞ্চলত চলোৱা খনন কাৰ্যত মোগল যুগৰ এখন নগৰৰ অৱশেষ, ইটাৰ বেদী, পোৰা মাটিৰ পাত্ৰ ইত্যাদি উদ্ধাৰ হৈছে। 
 
ঐতিহাসিক পানবাৰী মছজিদৰ ভিতৰৰ এক দৃশ্য
 
পাণবাৰী মছজিদ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নসমূহৰ ভিতৰতো এক অন্যতম কৃত্তিস্তম্ভ। ইয়াৰ আশে-পাশে সিঁচৰত হৈ থকা ধ্বংসাৱশেষসমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত। ইছলাম ধৰ্মৰ মূল উৎসৱ ঈদ-ঊল ফিটৰ আৰু ঈদ-উল-জুহা পাণবাৰী মছজিদত উলহ-মালহেৰে উদযাপন কৰা হয়। দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰীয়ে মছজিদলৈ আহে। প্ৰতি শুকুৰবাৰে জুম্মা নামাজ পঢ়িবলৈও ইয়ালৈ বহু লোকৰ সমাগম হয়। পাণবাৰী মছজিদ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।
 
ঐতিহাসিক পানবাৰী মছজিদৰ চৌহদৰ এক দৃশ্য
 
ইয়ালৈ ধুবুৰী, গুৱাহাটী আৰু কোচ বিহাৰৰ পৰা নিয়মীয়া বাছ চলাচল কৰে। ই ফকীৰাগ্ৰাম ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩০ কিঃমিঃ নিলগত। প্ৰায় ২০০ কিঃমিঃ নিলগত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আটাইতকৈ ওচৰৰ কাৰ্যক্ষম বিমানবন্দৰ।