ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ ভোগৰ থাল লাভ কৰা এটা স্থানীয় মুছলমান পৰিয়াল

Story by  atv | Posted by  Munni Begum • 1 Years ago
আব্দুৰ ৰহমান আৰু বিল্বেশ্বৰ দেৱালয়
আব্দুৰ ৰহমান আৰু বিল্বেশ্বৰ দেৱালয়
চন্দন ভাগৱতী / গুৱাহাটী
 
এক আটিল আৰু সুঠাম দেহৰ ওখ-পাখ মানুহজন। পৰিশীলিত কথা-বতৰা আৰু মাৰ্জিত আচৰণ তেওঁৰ। কিন্তু সাহসী আৰু স্পষ্টবাদী। হক কথা ক'বলৈ যিদৰে ভয় বা সংকোচ নকৰে, তেনেদৰে নিজৰ ভুলটো স্বীকাৰ কৰিবলৈও দ্বিধাবোধ নকৰে। আজি অশীতিপৰ বয়সতো তেওঁ সপ্ৰতীভ। জাতি-ধৰ্মৰ ঊৰ্ধত মানুহক ভালপোৱা এক বিশাল মনৰ অধিকাৰী তেওঁ। লগতে অধ্যয়নপুষ্টও। 
 
অৱসৰ গ্ৰহণৰ কুৰি বছৰ পাৰ হৈ যোৱাৰ পিছতো নিজকে একাকিত্বৰ মাজত বিলীন হ'বলৈ নিদি বিভিন্ন মানুহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকে, বিভিন্নজনক প্ৰয়োজন অনুসৰি বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াই নিজৰ জীৱনটোক সঁচা অৰ্থত উদযাপন কৰি আছে। তেওঁৰ ভাষাত, ভাল কাম কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। আমি ঈশ্বৰকতো দেখা নাই। ই আমাৰ এক বিশ্বাস। কিন্তু মানুহ সত্য। সেইবাবে মানুহক সহায় কৰা, সজ কাম কৰা আৰু অন্যায় নকৰাটোৱেই ধৰ্ম। 
মানুহজনৰ নাম আব্দুৰ ৰহমান। জন্মস্থান নলবাৰী জিলাৰ বিল্বেশ্বৰ। বৰ্তমান তেওঁ গুৱাহাটীৰ হাতীগাঁৱৰ বাসিন্দা। সুস্থ মানসিকতা তেওঁ জন্মসূত্ৰে পৰম্পৰাগতভাৱে লাভ কৰা এক সম্পদ। তেওঁৰ ককাক আছিল ভদৌ শ্বেখ। সমাজক নেতৃত্ব দিব পৰা এজন খামি ডাঠ মানুহ। বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ ফালৰ পৰা তেওঁক দিয়া হৈছিল ঠাকুৰীয়া বিষয়বাব। সেইমৰ্মে তেওঁ বেলশৰৰ মাতাপাৰা, চান্দাপাৰা আৰু দেউৰীপাৰা এই তিনিটা চুবুৰিৰ দায়িত্ব লাভ কৰিছিল। তেওঁ তাৰ পৰা খাজানা তুলি দেৱালয়ৰ দলৈক জমা দিব লাগিছিল আৰু তাৰ মানুহখিনিৰ মাজত কিবা বিবাদ হ'লে তাক নিষ্পত্তি কৰিব লাগিছিল।
বামুণৰ দ' পথাৰত দেৱালয়ৰ ফালৰ পৰা তেওঁক ভোগ দখলৰ বাবে দিয়া হৈছিল তিনি বিঘা দেৱোত্তৰ ভূমি। সন্মানীয় ব্যক্তিৰ বাবে সুকীয়াকৈ ৰখা দেৱালয়ৰ এঘাৰখন ভোগৰ থালৰ এখন আছিল ভদৌ ঠাকুৰীয়াৰ নামত। এয়া ঊনবিংশ শতিকাৰ কথা। 
 
নলবাৰী জিলাৰ বেলশৰত অৱস্থিত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ মুখ্যদ্বাৰ
 
তেওঁৰ পুত্ৰ এনায়েৎ আলী আছিল এগৰাকী কৃতী শিক্ষক। তেওঁ কটন কলেজিয়েটত শিক্ষকতা কৰিছিল। প্ৰখৰ মেধাসম্পন্ন এনায়েৎ আলীয়ে কৃতী শিক্ষক হিচাপে গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলী আহমেদ, বাহাৰুল ইছলাম আদিৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল। গ্ৰাম্যাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ নিজৰ ওপজা গাঁৱত প্ৰাকস্বাধীনতা কালতে বিল্বেশ্বৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। এইগৰাকী এনায়েৎ আলীৰে বৰপুত্ৰ আব্দুৰ ৰহমান। 
শৈশৱৰে পৰাই তেওঁৰ খেলা-ধূলাৰ প্ৰতি খুব ৰাপ। এগৰাকী ফুটবল খেলুৱৈ হিচাপে কৈশোৰতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেওঁ। আন্তঃস্কুল টুৰ্ণামেণ্টতো তেওঁ নাম কৰিছিল। অভিনয়তো ৰাপ আছিল তেওঁৰ। স্থানীয়ভাৱে মঞ্চস্থ হোৱা কেইবাখনো নাটকত অভিনয় কৰি তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। 
কিন্তু কটন কলেজত পঢ়ি থকা অৱস্থাতে হঠাৎ পিতৃ বিয়োগ ঘটাত তেওঁৰ মূৰৰ ওপৰতে পৰিছিল পৰিয়ালটোৰ সমস্ত দায়িত্ব। পঢ়া-শুনা আধাতে এৰি ঘৰলৈ উভতি যাবলগীয়া হৈছিল তেওঁ। প্ৰচণ্ড অভাৱ-অনাটনৰ সন্মুখীন হৈ দিন কটাবলগীয়া হৈছিল। এদিন অভিনয়কে পেছা হিচাপে ল'বলৈ মুম্বাই যাবলৈ তেওঁ গুৱাহাটী পাইছিলহি, হাতত মোমায়েকৰ পৰা লোৱা দুটকাই সম্বল। 
 
অসম আৰক্ষীৰ পোচাকত আব্দুৰ ৰহমান
 
পাণবজাৰত এদিন অকস্মাৎ লগ পালে ইতিমধ্যে বেলশৰ থানাত কাম কৰি অহা নৰনাথ সিং নামৰ কনিষ্টবল এজনক। তেওঁ খবৰ দিলে অসম আৰক্ষীত এ এছ আই নিযুক্তিৰ বিজ্ঞাপন দিছে, কিন্তু সিদিনাই আবেদন কৰাৰ অন্তিম দিন। সিদিনা আছিল ১৯৬৩ চনৰ ১৭ নৱেম্বৰ। পিছে তেওঁৰ হাতত আবেদন মাচুল দিবলৈ টকা নাই। তাকে জানি কনিষ্টবলজনেই জেপৰ পৰা তিনি টকা উলিয়াই দিলে। আবেদন কৰি চাকৰিটো তেওঁ পালে। চাকৰিত সোমাই তেওঁ দৰং আৰক্ষীৰ দলত ফুটবল খেলিও পাৰদৰ্শিতা দেখুৱালে। অবিভক্ত দৰং আৰক্ষী দলৰ তেওঁ তিনি বছৰ (১৯৬৫-৬৬-৬৭) অধিনায়ক আছিল।
চাকৰিৰ দায়িত্বত তেওঁ চতিয়া, বেংতল, পাণেৰী, শিৱসাগৰ আদিৰ লগতে গুৱাহাটীৰ বিভিন্ন থানাত সেৱা আগবঢ়াইছিল। অসমৰ বিভিন্ন ঠাইত তেওঁ বিভিন্ন জটিল পৰিস্থিতি সুন্দৰকৈ চম্ভালি বিভাগীয় প্ৰশংসাও লাভ কৰিছিল। একাধিকবাৰ তেওঁ ভাৰতীয় পুলিচ মেডেলৰ বাবেও মনোনীত হৈছিল। অকল বিভাগীয় ক্ষেত্ৰতে নহয়, সামাজিক ক্ষেত্ৰতো তেওঁ সমানেই তৎপৰ। 
৭০ৰ দশকত তেওঁ বদলি হ'ল উত্তৰ শালমাৰালৈ। তাৰ কিছুদিন পিছতে দুৰ্গাপূজা। উত্তৰ শালমাৰাত এতিয়াও চলি থকা দুৰ্গাপূজাখন তেওঁ ইমান জাকজমকতাৰে আৰম্ভ কৰিলে, যাৰ বাবে স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিল। ওচৰ-পাঁজৰৰ সকলো ৰাইজ উৎসাহেৰে উবুৰি খাই পৰিল পূজাথলীত। একেই আড়ম্বৰেৰে তেওঁ দুবছৰ চলালে পূজাখন। 
 
বেলশৰত অৱস্থিত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ চৌহদ
 
"এদিন নিশা মই সপোনত বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰটো দেখিলোঁ। আচৰিতভাৱে তাৰ কিছুদিন পিছতেই মোৰ বঙাইগাঁৱলৈ বদলি হ'ল। ভাল ঠাই এখন পালোঁ।" তেওঁ এইদৰে কয়। 
 
উল্লেখ্য যে, আব্দুৰ ৰহমান তাৰ পৰা বদলি হৈ অহাৰ পিছতো তাত পূজাখন এইপৰ্যন্ত একেই উদ্যমেৰে চলি আছে। বিভিন্ন ঠাইত নিয়মানুৱৰ্তিতা আৰু আত্মোৎসৰ্গাৰ মনোভাবেৰে কাম কৰি তেওঁ ২০০১ চনত অৱসৰ গ্ৰহণ কৰে। ইতিমধ্যে তেওঁ গুৱাহাটীৰ হাতীগাঁৱত নিগাজিকৈ থাকিবলৈ লয়। 
এতিয়া বয়সৰ বাবে ঘনাই যাব নোৱাৰিলেও গাঁৱৰ সৈতে সম্পৰ্ক তেওঁ এৰা নাই। তেওঁৰ দেহটোহে হাতীগাঁৱত, মনটো বেলশৰতে থাকে। গাঁৱৰ মানুহৰ মনতো তেওঁ আগৰ দৰেই আব্দুল গান্ধী হৈয়ে আছে। গাঁৱৰ মানুহে আপোনাক গান্ধী কিয় বোলে বুলি সোধোঁতে তেওঁ কয়, "নাজানো, কোনে কেতিয়া আৰু কিয় মোক গান্ধী বুলিবলৈ ল'লে। এদিন মই ৰাইজৰ মাজত গান্ধী হৈ পৰিলোঁ। মই কাকো অন্যায় নকৰোঁ আৰু কাৰো অন্যায় সহ্য নকৰোঁ, মোৰ মনত জাতিগত বা ধৰ্মীয় কোনো ভেদভাব নাই, মই যিমান পাৰোঁ আনক সহায় কৰোঁ। হয়তো সেইবাবেই তেওঁলোকে মোক আব্দুল গান্ধী বুলি মাতে।"
বয়সৰ বাবে শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ পৰিলেও মানসিকভাৱে তেওঁ এতিয়াও অত্যন্ত সবল। আমাৰ সৈতে তেওঁৰ অতীতৰ কথা পাতি থকা অৱস্থাত স্মৃতিকাতৰ হৈ পৰা আব্দুল গান্ধী ওৰফে আব্দুৰ ৰহমানে আজন্ম লগ পোৱা গাঁওখনৰ অনেক লোকৰ উপৰি কৰ্মক্ষেত্ৰত লগ পোৱা আৰক্ষী বিষয়া কে পি এছ গীল, জে কে সিনহা, পি এম ৰামমোহন, এম ৰামচন্দ্ৰন, আৰ চি ৰাস্তোগী, নৰেন বৰশইকীয়া, আতাউৰ ৰহমান আদি বিভিন্নজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।