গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিত সাম্প্ৰদায়িক একতা-সম্প্ৰীতিৰ ছবি

Story by  atv | Posted by  Munni Begum • 1 Years ago
গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো
গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো
অনন্ত কুমাৰ নাথ / যোৰহাট

কোনো ব্যৱসায়িক লাভালাভৰ বাবে নহয়, নিজৰ সাংস্কৃতিক আৰু কলাসুলভ প্ৰতিভা কেৱল সাধাৰণ জনগণৰ সামগ্ৰিক উন্নয়নৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে আগবঢ়োৱা অৰিহণা অতিকৈ সাধুবাদৰ যোগ্য। ছাত্ৰাৱস্থাতে 'ৰাজ্যে আছে দুইটি পাঠা/ একটি কাৰো একটি সাদা' শীৰ্ষক কবিতাৰ জৰিয়তে বৰ্ণবৈষম্যহীন সমাজৰ বাৰ্তা দি যোৱা গণশিল্পীগৰাকীৰ সাম্যবাদী জীৱন দৰ্শন সাম্প্ৰতিক কালতো প্ৰাসংগিক। 
 
ৰাভাৰ নৃত্য আৰু অভিনয়ৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা তেজপুৰৰ বাণ থিয়েটাৰত অংকুৰিত আৰু সমাদৃত হৈছিল। তেতিয়াৰ কলিকতা আৰু বোম্বাইৰ সাংস্কৃতিক জগতত তেওঁৰ অপৰিসীম, অগাধ পাণ্ডিত্য থকাৰ পিছতো ৰাভাই বাহিৰলৈ গৈ প্ৰতিষ্ঠিত হোৱাৰ সলনি অসমতে থাকি গ'ল। এই কথাই তেওঁৰ জন্মভূমিৰ প্ৰতি থকা স্নেহ প্ৰতীয়মান কৰে। 
সংগ্ৰামী হৈও শিল্পৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰা এনে এজন মহান শিল্পীৰ জন্ম অসম মুলুকত হোৱাৰ বাবেও আমি নিজকে অত্যন্ত ভাগ্যশালী বুলি মানিবই লাগিব। এহাতে অস্ত্ৰ আৰু এহাতে সুকুমাৰ কলাৰ আৰাধনাৰে এনে এজন সব্যসাচী লোকৰ জন্ম খুউব কমেইহে হয়। সংগ্ৰামী জীৱনত অৱশ্যে এই গুণবোৰে তেওঁক সহায় নকৰাকৈ থকা নাই। 
তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' নিৰ্মাণতো বিশেষ ধৰণেৰে সহায় আগবঢ়ায়ছিল। ১৯৪৮ চনত মুক্তিপ্ৰাপ্ত ষষ্ঠখন অসমীয়া কথাছবি ' ছিৰাজ' তেওঁ ফণী শৰ্মাৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল। 
 
বিষ্ণুপ্ৰসাদ ৰাভাই সাহিত্য চৰ্চা কৰি থকা এক মূহুৰ্ত
 
তথ্য অনুসৰি, ৰাজ্য খনত বোলছবি নিৰ্মাণ কৰাৰ পৰিৱেশ ৰচনা কৰাৰ অৰ্থে 'নটসূৰ্য' ফণী শৰ্মাই ১৯৪৭ চনত এক বুনিয়াদ গঠন কৰে। ' চিত্ৰাৱলী পিকচ পিকচাৰ্ছ লিমিটেড' নামৰ উক্ত উদ্যোগটোৰ বাবে ৰাইজেও দান বৰঙণি আগবঢ়ায়। কোম্পানীৰ অংশ বিক্ৰী কৰি ধন সংগ্ৰহৰ লগতে ছবি নিৰ্মাণ কাৰ্য্যতো সমানে সমানে মনোনিবেশ কৰে। সেই কোম্পানীৰ বেনাৰত লক্ষীধৰ শৰ্মাৰ একে নামৰ গল্পৰ আধাৰত ' ছিৰাজ' বোলছবিৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছিল কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই। 
সাম্প্ৰদায়িক সম্প‌্ৰীতিৰ অভূতপূৰ্ব নিদৰ্শন এই ছবিৰ কাহিনী কথনত প্ৰদৰ্শন কৰা সফলতাই ৰাইজৰ ভূয়সী প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছিল। কাহিনী অনুসৰি, ধনীৰ দুলাল কন্দৰ্পৰ সৈতে দৰিদ্ৰ পৰিয়ালৰ যুৱতী সীতাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। কিন্তু কন্দৰ্পৰ পৰিয়ালে এই কথা জানিব পাৰি কন্দৰ্পক কলিকতালৈ পঠিয়াই দি সীতাক আন এজনৰ সৈতে বিয়া দিবলৈ যো-জা কৰে যদিও সীতা ঘৰৰ পৰা পলাই যায়।
ঘটনাৰ পাকচক্ৰত পৰি তেওঁ মুছলমান সম্প্ৰদায়ৰ চিৰাজৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয়। সেই সময়ত সীতা অন্তঃসত্বা আছিল আৰু এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত তেওঁৰ মৃত্যু হয়। ছিৰাজৰ ভগ্নী ফাতেমাই সন্তানটিৰ নাম নুৰ অৰ্থাৎ পোহৰ ৰাখে। ছিৰাজে তাইৰ নাম ৰাখে সাৱিত্ৰী। এই নামকৰণে খিলঞ্জীয়া মুছলমানৰ সৈতে অসমীয়া সমাজৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিক সুদৃঢ় কৰা নাইনে?
 
বাওঁফালৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু অভিনেতা বলৰাজ সাহানী
 
ইফালে, কন্দৰ্পৰ মাকে তেওঁক সাৱিত্ৰীৰ প্ৰকৃত সত্য নজনালেও কন্দৰ্পই কালক্ৰমত সকলো কথা জানিব পাৰে। কন্দৰ্পই সাৱিত্ৰীক তেওঁৰ বন্ধু কলিকতাৰ সুবিমল ফুকনৰ ওচৰত ৰাখে আৰু ফুকনৰ ভাগিনীয়েক অনিলৰ লগত বিয়া দিয়াৰ সিদ্ধান্ত লয়। আনহাতে, কন্দৰ্পৰ পত্নী সৰযুৱে সকলো কথা জানিব পাৰে আৰু ইয়াৰ সমান্তৰালভাৱে সুবিমল ফুকনেও অনিলৰ লগত সাৱিত্ৰীৰ বিয়া দিয়াত আপত্তি দৰ্শায়। 
এইখিনি সময়ত অতি সুন্দৰ ভাৱে নায়ক ছিৰাজে জাত-পাত, ভেদাভেদ পৰিহাৰ কৰিবলৈ অনুৰোধ কৰে যদিও সফল নহয়। বিফল মনোৰথে ছিৰাজে সাৱিত্ৰীক ঘৰলৈ নিবলৈ ওলাওতেই আধুনিক চিন্তা আৰু জ্ঞানেৰে সমৃদ্ধ অনিলে সাৱিত্ৰীৰ পাণি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। 
কাকতালীয়ভাৱে সৰযুৱে নৱপৰিণীতা সাৱিত্ৰীক বোৱাৰী হিচাপে আদৰি আশীৰ্বাদ দিয়ে। হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এনে সবল কাহিনীৰ বাবে বোলছবিখনে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেজপুৰৰ আশে পাশে বিভিন্ন ঠাইত বহিঃদৃশ্যগ্ৰহন আৰু কলিকতাৰ কালী ফিল্ম ষ্টুডিঅ'ত আন্তঃ বিভাগৰ দৃশ্যগ্ৰহণ হোৱা 'ছিৰাজ' ৰ সংগীত পৰিচালনাৰ ভাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ হাতত ন্যস্ত কৰা হয় যদিও গীতৰ সুৰ মনঃপূত নোহোৱাত ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্যই সুৰ দিয়া দুটা গীত অন্তৰ্ভূক্ত কৰি তেওঁলোকক সহকাৰী সংগীত পৰিচালক ৰূপে ৰখা হয়। অৱশ্যে, ৰাভাই নৃত্য পৰিচালক ৰূপেও অংশগ্ৰহণ কৰে।
 
বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহ
 
নিৰ্মীয়মান অৱস্থাত ছবিখনৰ বাবে অৰ্থৰ প্ৰয়োজন হোৱাত প্ৰযোজক চন্দ্ৰধৰ গোস্বামীয়ে নিজৰ জাহাজ বিক্ৰী কৰি ২০ হাজাৰ টকা গোটালেও সেয়া পৰ্যাপ্ত নোহোৱাত নগাঁৱৰ কাশীপ্ৰসাদ বিহানীৰ পৰা বাকীখিনি টকা লৈ ছবিখন সম্পূৰ্ণ কৰিছিল। সেই সময়ত কলকাতাত ছবিখনৰ কাম কৰাটো অতিশয় কঠিন আৰু প্ৰত্যাহ্বানপূৰ্ণ আছিল। কিয়নো, কলকতা আৰু নোৱাখালিত ভয়াৱহ ধৰণে সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ তুংগত উঠিছিল। এনে পৰিপ্ৰেক্ষিতত সমাজলৈ এক শুভ বাৰ্তা প্ৰচাৰ কৰা হৈছিল ছবিখনৰ জৰিয়তে।
 
বিষ্ণুপ্ৰসাদ ৰাভাই বাতৰি কাকত পঢ়ি থকা এক মূহুৰ্ত
 
এনে অন্ধকাৰাচ্ছন্ন পৰিৱেশত মুক্তি লাভ কৰা বোলছবিখনে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে তাৰ সমৰ্থনত এটি উদাহৰণেই পৰ্যাপ্ত হ'ব। ইন্টাৰনেটত পোৱা তথ্য অনুসৰি, দৰ্শকে ছিৰাজ চাবলৈ গৰু-গাড়ীৰে আহিছিল আৰু টিকট নাপাই হলৰ ওচৰত ৰাত্ৰিযাপন কৰি ছবিখন উপভোগ কৰি পিছদিনাহে ঘৰমুৱা হৈছিল।
 
বিষ্ণুপ্ৰসাদ ৰাভাৰ  ছিৰাজ বোলছবিৰ এক পোষ্টাৰ
 
১৯৮৮ চনত ডঃ ভূপেন হাজৰিকাই ছবিখন পুনৰ্নিমাণ কৰিছিল যদিও তেওঁ নায়কৰ ভূমিকাত আশা কৰা মতে ফণী শৰ্মাৰ মৃত্যু হোৱাত নিপন গোস্বামীকলৈহে কৰিবলগীয়া হৈছিল। অৱশ্যে, ছবিখনে আশানুৰূপ ভাবে সফল নহ'ল।