হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে দেৱী বন্দনাৰে মুখৰিত কৰা নগাঁওৰ এখন সৰস্বতী পূজা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
নগাঁওৰ ১৯৮নং টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত সৰস্বতীৰ প্ৰতিমা; (সোঁফালে) প্ৰাৰ্থনাৰ সময়ত টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল
নগাঁওৰ ১৯৮নং টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত সৰস্বতীৰ প্ৰতিমা; (সোঁফালে) প্ৰাৰ্থনাৰ সময়ত টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল
 
মুকুট শৰ্মা / গুৱাহাটী

সমাজৰ একতা-সংহতি আৰু ধৰ্মীয় সম্প্ৰীতি বিনষ্ট কৰিবলৈ এচাম দুষ্ট চক্ৰই অহৰহ প্ৰচেষ্টা চলাই থকাৰ সময়তে অসমৰ নগাঁও জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ে বিৰল নিদৰ্শন দাঙি ধৰিছে। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে বছৰ বছৰ ধৰি একেলগে বাস কৰি অহা নগাঁওৰ টাউন পানিগাঁও অঞ্চলৰ ৰাইজে প্ৰতিবছৰে ১৯৮ নং টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত উলহ-মালহেৰে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী মা সৰস্বতীৰ চৰণত প্ৰণিপাত জনায়।  

এইবাৰো ২৬ জানুৱাৰীৰ দিনা অঞ্চলটোৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে টাউন পানিগাঁও প্ৰাথমিক বিদ্যালয়ত সৰস্বতী পূজা আয়োজন কৰি সমগ্ৰ অঞ্চলটোত শান্তি-সম্প্ৰীতি আৰু একতা-সংহতিৰ এক উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। 

"প্ৰতিবছৰৰ দৰে এইবাৰো আমি বৃহত্তৰ টাউন পানিগাঁও অঞ্চলবাসীৰ সহযোগত সৰস্বতী পূজা আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছো। আমাৰ এই অঞ্চলটোত হিন্দু-মুছলমান-বাঙালী আদি সম্প্ৰদায়ৰ লোক বাস কৰে। সেয়ে, আমাৰ স্কুলত ভিন্ন ধৰ্মৰ ছাত্ৰ-ছাত্ৰী আছে আৰু সকলোৱে একগোট হৈ পূজা আয়োজন কৰো। হিন্দু-মুছলমান সকলো লোকে আমাৰ ইয়াত মা-প্ৰসাদ ধোৱাৰ পৰা আৰম্ভ কৰি পূজাৰ সকলো কাম-কাজত মিলি-জুলি অংশ লয়। বিদ্যালয়ৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ আঁতৰৰ গাঁওৰ মুছলমান ল'ৰা-ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলেও সৰস্বতী পূজাত অংশ ল'বলৈ আমাৰ বিদ্যালয়লৈ আহে। আমাৰ বিদ্যালয়ৰ মুছলমান ছাত্ৰীসকলেও মেখেলা চাদৰ পিন্ধি পূজালৈ আহে আৰু চাকি-বন্তি নৈবদ্য আগবঢ়াই বাগ দেৱীৰ চৰণত সেৱা জনায়।"বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই আৱাজ দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত কয়।  

ইফালে, ১৯৮ নং টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ৩গৰাকী মুছলমান সম্প্ৰদায়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়েও ধৰ্মীয় বাধা নেওচি সৰস্বতী পূজা আয়োজনত আগভাগ লয় আৰু অঞ্চলটোৰ নতুন প্ৰজন্মক ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই জানিবলৈ দিয়া অনুসৰি, বিদ্যালয় প্ৰাংগনত সৰস্বতী পূজা উপলক্ষে জাতি-ধৰ্ম নিৰ্বিশেষে অঞ্চলটোৰ প্ৰায় এহাজাৰ লোক সমবেত হয়।  
 

নগাঁওৰ ১৯৮নং টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয়
 
মনকৰিবলগীয়া যে, টাউন পানিগাঁও প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই সৰস্বতী পূজাৰ সমান্তৰালকৈ সময়ে সময়ে অন্যান্য আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ প্ৰয়াস চলাই আহিছে। ইয়াৰ অংশস্বৰূপে অলপতে বিদ্যালয়খনত অনুষ্ঠিত হয় 'দধিচী মুনিৰ দেহত্যাগ ও বৃত্তাসুৰ বধ’ নামৰ এখন ভাওনা। যোৱা সোমবাৰে নিশা প্ৰদৰ্শন হোৱা ভাওনাখনত বিদ্যালয়খনৰ মুঠ ২৩জন কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰে। লক্ষ্যণীয় দিশটো হ’ল যে, 'দধিচী মুনিৰ দেহত্যাগ ও বৃত্তাসুৰ বধ’ নামৰ ভাওনাখনত টাউন পানিগাঁও প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰা সকলো ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীয়ে একেলগে অভিনয় কৰি অসমৰ একতা-সংহতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ভাওনাৰ দৃশ্য
অসমীয়া সমাজৰ পৰা যাতে ভাওনা হেৰাই নাযায় আৰু উঠি অহা প্ৰজন্মই যাতে ভাওনাক জীয়াই ৰাখিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি টাউন পানিগাঁও বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই বিদ্যালয় প্ৰাংগনত ভাওনা আয়োজনৰ সিদ্ধান্ত লৈছিল। এইদৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতিক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ সমান্তৰালকৈ গুৰুজনাই দেখুৱাই যোৱা সমন্বয়ৰ নিদৰ্শন দাঙি ধৰাৰ অভিনৱ পদক্ষেপ হাতত লয়। 

“আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ আধ্যাত্মিক দিশসমূহতো আগবাঢ়ি যাব পাৰে, আৰু যুৱ-উচ্ছৃখলতাৰ পৰা যাতে আমি তেওঁলোকক আঁতৰাই ৰাখিব পাৰো, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিদ্যালয়ত ভাওনা প্ৰদৰ্শনৰ প্ৰয়াস কৰিছো। আধ্যাত্মিক শিক্ষাই তেওঁলোকক একোগৰাকী সু-নাগৰিক হোৱাত সহায় কৰিব আৰু তেওঁলোকৰদ্বাৰা সমাজত এক সুস্থ বাতাৱৰণ সৃষ্টি হ’ব বুলি মই অনুভৱ কৰো। যিহেতু তেওঁলোক আমাৰ ভৱিষ্যত, গতিকে আমি তেওঁলোকক সকলো দিশত আগবঢ়াই নিব লাগিব,” প্ৰধান শিক্ষক বৰাই কয়। 

উল্লেখ্য যে, 'দধিচী মুনিৰ দেহত্যাগ ও বৃত্তাসুৰ বধ’ নামৰ ভাওনাখনত অভিনয় কৰা ২৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ ৩গৰাকী আছিল মুছলমান সম্প্ৰদায়ৰ। ইয়াৰ ২জন ল’ৰা আৰু এজনী ছোৱালী। জুবিন ফাৰহিন নামৰ মুছলমান ছোৱালীজনীয়ে ‘সূৰ্য’ৰ ভাওত অভিনয় কৰাৰ লগতে মুছলমান ছাত্ৰ মহম্মদ নাছিৰুদ্দিনে ‘বিশ্বকৰ্মা’ আৰু ছাহনৱাজ ইছলামে ‘গুৰু বৃহস্পতি’ৰ ভাও লৈ উপস্থিত দৰ্শকক আপ্লুত কৰে। 
 

ভাওনাত ভাও লোৱা বিভিন্ন ধৰ্মাৱলম্বী শিক্ষাৰ্থীসকল
 
১৮৯৫ চনত স্থাপিত টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ আৰম্ভণিৰ পাঠদান পানীগাঁও নামঘৰত কৰা হৈছিল। ১২৮ বছৰীয়া শৈক্ষিক ইতিহাস বহন কৰি অহা প্ৰাথমিক বিদ্যালয়খনে বিগত তিনিটা গুণোৎসৱত 'এ+' গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। ভাওনাখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা  বিদ্যালয়খনৰ  ছাত্ৰ-ছাত্রীসকল হৈছে ক্ৰমে চন্দ্ৰামিতা বৰা ( শ্ৰীকৃষ্ণ), কস্তুৰী বৰা (লক্ষ্মী), হিমাশ্ৰী কলিতা (ইন্দ্ৰ), পাৰ্থজিৎ গগৈ (কাৰ্তিক), জুবিন ফাৰহিন ( সূৰ্য ),গীতাৰ্থ কাশ্যপ (চন্দ্ৰ), পাহি বৰা (জয়ন্ত), নয়ন শইকীয়া (অগ্নি), বৰ্ণিল হাজৰিকা (বৰুণ), অংকিতা কোঁৱৰ (যমৰজা), ছাহনাৱাজ ইছলাম (বৃহস্পতি), কৃষ্টি শইকীয়া (বৃত্তাসুৰ), স্মৃতিৰেখা বৰা (ৰুদ্ৰাসুৰ), লুইত বৰা (ব্ৰজাসুৰ), প্ৰিয়াংশু সন্দিকৈ (কালসুৰ), অভিজিৎ বৰা (পলম্বাসুৰ), তনয় দে' (ব্ৰহ্মা), জাগৃতি জ্ঞানম (দধীচী মুনি), দেৱাশ্ৰী কলিতা (নাৰদ),মহম্মদ নাছিৰউদ্দিন (বিশ্বকৰ্মা), সীমাশ্ৰী দাস (শচী), নমিতা দাস ( উৰ্বশী) আৰু দেৱোৎপল দাস (দূত)। 
 
"আমি যেতিয়া বিদ্যালয়ত ভাওনা আয়োজনৰ পৰিকল্পনা কৰিছিলো, তেতিয়াই মুছলমান ছাত্ৰ-ছাত্ৰী অভিনয় কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছিল। তেওঁলোকৰ অভিভাৱকৰ সৈতেও মই কথা পাতিছিলো। অভিভাৱকসকলেও কোনো সংকোচ নোহোৱাকৈ নিজৰ সন্তানক ভাওনাত ভাও ল’বলৈ অনুমতি দিছিল। প্ৰকৃততে আমাৰ এই অঞ্চলটোত বা বিদ্যালয়খনত জাতি-ধৰ্মক লৈ কোনো ভেদাভেদ নাই। আমি সকলোৱে মিলিজুলি সকলো অনুষ্ঠান আয়োজন কৰো। মুছলমান বুলি আমি কাকো আঁতৰাই নাৰাখো আৰু তেওঁলোকেও মুক্ত মনেৰে আমাৰ সকলো অনুষ্ঠানত অংশ লয়। সেইদিনা ভাওনাৰ আৰম্ভণিতে আমি নাম-প্ৰসংগৰ আয়োজন কৰিছিলো। তাত মুছলমান লোকসকলেও আন্তৰিকতাৰে অংশ লৈছে। তেওঁলোকেও চাকি-বন্তি নৈবদ্য আগবঢ়ায়। ইয়াৰ পূৰ্বে যোৱা বছৰ আমি ইয়াত ৰাস আয়োজন কৰিছিলো। তেতিয়াও সকলো ধৰ্মৰ লোকে উলহ-মালহেৰে বিদ্যালয় প্ৰাংগনত একগোট গৈছিল।"- প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই আৱাজ দ্য ভইচক কয়।  

উল্লেখ্য যে, পাঠ্যপুথিৰ শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নগাঁওৰ টাউন পানিগাওঁ প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰ্মৰ লোকৰ সহযোগিতাত যোৱা বছৰ ৰাস মহোৎসৱৰ আয়োজন কৰি অঞ্চলটোত একতা-সম্প্ৰীতিৰ এক উছৱমুখৰ পৰিৱেশৰ সূচনা কৰিছিল। তেওঁলোকৰ এই প্ৰয়াসক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।