ষট পূজা মুছলমান সমাজৰ বাবেও এক প্ৰাচীন ধৰ্মীয় উত্‍সৱ

Story by  atv | Posted by  Munni Begum • 1 Years ago
মুছলমান সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰা ষট পূজা
মুছলমান সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰা ষট পূজা
মনোজ কুমাৰ ওজা / তিনিচুকীয়া
 
বৃহস্পতিবাৰৰ আবেলিৰ কথা। আৱাজ-দ্য ভইচৰ এই প্ৰতিনিধিয়ে মহম্মদ সমীৰ আলীৰ বাসগৃহত উপস্থিত হৈছিল। আটকধুনীয়াকৈ সজাই ৰখা তেওঁৰ পদূলিমুখৰ গেটখনৰ আলোকসজ্জাবোৰে এই কথা প্ৰমাণ কৰিছিল যে উজনি অসমৰ তিনিচুকীয়া জিলাৰ হিন্দু লোকসকলৰ সমান্তৰালকৈ আলী পৰিয়ালেও পোহৰৰ উত্‍সৱ দীপাৱলী পালন কৰিছিল। ফটকাৰ শব্দই যিদৰে তেওঁলোকৰ পদূলিমুখ ৰজনজনাই আছিল, ঠিক সেইদৰে মাটিৰ চাকিয়ে চৌদিশ পোহৰাই তুলিছিল। 
 
তেনে এক পৰিৱেশত আমি সমীৰ আলীক পোনপটীয়াকৈ সুধিছিলো, ‘আপোনালোকে ষট পূজাও উদযাপন কৰে নেকি?’ "হয়। আমি ষট পূজা পালন কৰোঁ। কিয় নকৰিম! সকলো এক। আমাৰ মাঁহতেও ষট পূজা পালন কৰি আহিছিল৷ এতিয়া আমি পালন কৰোঁ। সকলো ধৰ্ম এক। কোনো পাৰ্থক্য নাই। হৃদয়ৰ পবিত্ৰতাৰে অনুভৱ কৰা উচিত৷ মই ইছলাম, হিন্দু, শিখ বা অন্য ধৰ্মৰ জৰিয়তে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰলৈ যোৱাৰ সকলো উপায়ক সন্মান কৰো।" সমীৰ আলীৰ পত্নী ছাকিনা খাতুনে আমাক এইদৰে উত্তৰ দিয়ে। 
তেওঁ পুনৰ কয়,"গোটেই মাহটো আমাৰ পৰিয়ালত আমিষ খাদ্য সম্পূৰ্ণৰূপে নিষিদ্ধ৷ আনকি আমাৰ পোহনীয়া জন্তু কুকুৰ টম আৰু পোহনীয়া মেকুৰী পুচিও এতিয়া নিৰামিষ খাদ্য খাই আছে। দেওবাৰে আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ গৈ সূৰ্য দেৱতাক প্ৰণাম জনাম।" 
উল্লেখ্য যে, মূলতঃ জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ ধৰ্মীয় উৎসৱ হিচাপে পৰিচিত ষট পূজাত কোনো পণ্ডিত বা পূজাৰীৰ প্ৰয়োজন নাথাকে। লগতে এই পূজাত কোনো বেদৰ মন্ত্ৰও জপ কৰা নহয়। 
 
ষট পূজাৰ প্ৰসাদ প্ৰস্তুত কৰা এক দৃশ্য আৰু ফল মূলৰ বজাৰৰ এক দৃশ্য
 
এই উৎসৱে হিন্দুসকলৰ মাজত জাতি ভেদ, লিংগ বৈষম্য, ভাষা দণ্ড, আন্তঃৰাজ্যিক সীমান্ত বাধা, বিভিন্ন লোকৰ ধৰ্মীয় বিশ্বাস আৰু আন বহুতো লোকৰ মাজত সামাজিক বিভাজন ভংগ কৰিছে। ভাৰতৰ মুছলমানসকলে মোগল ৰাজবংশৰ পৰাই ইয়াক পালন কৰি আহিছে। 
শিক্ষক চন্দ্ৰভাল মিশ্ৰই কয়, "ভাৰতৰ গাঁও বা নগৰত বাস কৰা সকলে ভালদৰে জানে যে কেনেকৈ হিন্দু-মুছলমানে এটা ঘৰত সুখী পৰিয়ালৰ দৰে একেলগে জীয়াই আছে। হিন্দুসকলে তাজিয়াত অংশগ্ৰহণ কৰে। সংকটত মুছলমান পণ্ডিতৰ পৰামৰ্শ লয়। মুছলমানসকলেও শুভেচ্ছা জনায়।ষট পূজাই হওঁক বা হনুমান জয়ন্তীয়েই হওঁক, ভাৰতীয় মুছলমান সকলো হিন্দুৰ দৰেই উৎসাহী। আৰু জানেনে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই পৰম্পৰা চলি আহিছে। মাত্ৰ কম সংখ্যক লোকেহে নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে সমাজত বিভেদ সৃষ্টিৰ চেষ্টা কৰি আছে। কিন্তু তেওঁলোকৰ অসৎ ইচ্ছা কেতিয়াও পূৰণ নহ’ব।”
মূলতঃ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য বিহাৰ, ঝাৰখণ্ড ,উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশত ষট পূজা পালন কৰা হয়। কিন্তু যোৱা প্ৰায় ৫ দশকত ই অসমৰ অন্যতম জনপ্ৰিয় উৎসৱত পৰিণত হৈছে৷ অসমত ৰাজ্য চৰকাৰে ষট পূজা উপলক্ষে কৰ্মচাৰীসকলক এদিনীয়া ছুটীও দিয়ে।
 
ষট পূজাত মুছলমান লোকে অংশগ্ৰহণ কৰাৰ এক দৃশ্য
 
সমগ্ৰ বিশ্বতে ইয়াক উদযাপন কৰা হয় য’তেই ভাৰতীয় লোক যায়, নদীৰ পাৰত পালন কৰে। মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহেও হিন্দু উৎসৱ পালনৰ অনুমতি দিয়ে।
কেৱল লাখ লাখ মুছলমানেই যে ষট পূজাত অংশ লৈছে তেনে নহয়, এনে বহু লোক আছে যিয়ে পূব অৰুণাচল প্ৰদেশৰ গ্ৰামাঞ্চল আৰু উজনি অসমৰ পৰা চহৰলৈ মিঠা নেমু, কেঁচা হালধি, চুপাৰি আদিৰ দৰে পূজা-সামগ্ৰী লৈ আহে। আৰু অতি সস্তীয়া হাৰত বিক্ৰী কৰে, যাতে সকলো ভক্ত, আনকি দৰিদ্ৰ ব্যক্তিয়েও কোনো ধৰণৰ আৰ্থিক বাধা নোহোৱাকৈ পূজা সম্পন্ন কৰিব পাৰে। 
তিনিচুকীয়া বজাৰত এনেধৰণৰ সামগ্ৰী বিক্ৰী কৰি থকা আব্দুল কাদিৰ অন্যতম। তেওঁ হাঁহি হাঁহি কয়, "মই সকলোকে আশীৰ্বাদ কৰিছো। মই ইয়াত বাণিজ্যৰ বাবে নহয়, বৰঞ্চ ছট পূজাৰ ভক্তসকলক সহায় কৰিবলৈ আহিছো। তেওঁলোকক মই নামমাত্ৰ দামত প্ৰয়োজনীয় পূজাৰ সামগ্ৰী যোগান ধৰো।"
 
ওস্তাদ বিছমিল্লাহ খান
 
তিনিচুকীয়াৰ পৰা শিলচৰ, কাৰ্বি আংলঙৰ পৰা নলবাৰীলৈ আৱাজ দ্য ভইচ-এ এনে শ শ মুছলমান লোকৰ সৈতে যোগাযোগ স্থাপন কৰিছে। যিয়ে হয় ষট পূজা উদযাপন কৰে, অথবা তিবা প্ৰকাৰে ভক্তসকলক সহায় কৰি আছে।
 
উল্লেখ্য যে, চাৰি দিনধৰি চলি থকা এই বৃহৎ উৎসৱটো শুকুৰবাৰৰ পৰা নদীত পবিত্ৰ স্নানৰ সৈতে আৰম্ভ হৈছে আৰু দেওবাৰে অস্ত যোৱা সূৰ্যক নৈবেদ্য আগবঢ়োৱা হ'ব। উদিত সূৰ্যক উপাসনা কৰাৰ পিছত সোমবাৰে পুৱা এই উৎসৱৰ সামৰণি পৰিব। থেকুৱা ,খেজুৰ আৰু ফলমূল গ্ৰহণেৰে ৩৬ ঘণ্টীয়া এই উপবাসৰ সামৰণি পৰিব।  
 
এটা ভোজপুৰী লোকগীতত ইয়াক গোৱা হৈছে :
গংগা নদীৰ  ষটপূজা ঘাটত বিছমিল্লা খানে চেহনাই বজাইছে
হিন্দু আৰু মুছলমান দুয়ো সুখী,
সূৰ্য্যক স্মৰণ কৰা,
যি দুয়োকে সমানে পোহৰ দিয়ে
আৰু তেওঁলোকক আশীৰ্বাদ কৰক