জিকিৰক পুনৰ জীপাল কৰি তোলাৰ প্ৰচেষ্টা অসমীয়া চৈয়দ কল্যান ন্যাসৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
আজিমুদ্দিন আহমেদে দেওবাৰে জিকিৰ কৰ্মশালা পৰিচালনা কৰিছে
আজিমুদ্দিন আহমেদে দেওবাৰে জিকিৰ কৰ্মশালা পৰিচালনা কৰিছে
আৰিফুল ইছলাম/গুৱাহাটী
 
১৬৩৪ চনত সুদূৰ বাগদাদৰ পৰা ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিছিল  চুফী সন্ত আজান পীৰ। অসমত থাকি তেওঁ ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও ৰচনা কৰিছিল জিকিৰ  আৰু সেই জিকিৰ সকলোৱে আঁকোৱালি লৈছিল। কিন্তু উদ্বেগৰ বিষয় যে আজান পীৰে ৰচনা কৰা জিকিৰ সমূহৰ ভবিষ্যত এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। জিকিৰ আৰু জাৰিসমূহ সংৰক্ষণ আৰু বহুল প্ৰচাৰৰ বাবে বিভিন্ন সময়ত বিভিন্নজনে বিভিন্নধৰণে চেষ্টা কৰি আহিছে। তাৰেই এক প্ৰচেষ্টা  ফল আছিল কটন বিশ্ববিদ্যালয়ত দেওবাৰে অনুস্থিত কৰা দিনযোৰা জিকিৰ কৰ্মশালা।
 
জিকিৰৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ওপৰত লক্ষ্য ৰাখি দেওবাৰে অসমীয়া চৈয়দ কল্যান ন্যাসৰ আজি প্ৰথম বাৰ্ষিকী হিচাপে সাহিত্যাচাৰ্য, পদ্মভূষন চৈয়দ আব্দুল মালিক দেৱ আৰু সমাজকৰ্মী প্ৰয়াত চৈয়দা আছিয়া খাতুনৰ সোঁৱৰণীত আয়োজন কৰে এই জিকিৰৰ কৰ্মশালা। জিকিৰৰ কৰ্মশালা খন অনুষ্ঠিত কৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত। জিকিৰ কৰ্মশালা অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপত উপস্থিত থাকে জিকিৰ বিষয়ত প্ৰথম পি এইছডি ডিগ্ৰী লাভ কৰা ড৹ ভুৱনেশ্বৰ ডেকা আৰু বিশিষ্ট লেখক তথা নৰ্থইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবিৰ হুছেইন। জিকিৰ কৰ্মশালা অনুষ্ঠানটো উদ্বোধন কৰে দুয়োগৰাকী বিশিষ্ট অতিথিয়ে। 
 
জিকিৰ সৰ্মশালাটোত প্ৰশিক্ষক হিচাপত আছে বিশিষ্ট জিকিৰ শিল্পী মহম্মদ আজিমুদ্দিন আহমেদ। নাজিৰা, বিজনি মহাবিদ্যালয়, বাইহাটা চাৰিআলি, নলবাৰী, যোৰহাট আৰু গুৱাহাটীৰ নামঘৰৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বয়সৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। 
 

কৰ্মশালাত এটা দলে জিকিৰ গায়ছে দেওবাৰে

অনুষ্ঠানটিৰ উপস্থিত থাকি জিকিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৱাছবিৰ হুছেইনে কয়: "এটা জাতি আগবাঢ়িব হ'লে, জাতিটোৰ সংস্কৃতি সুৰক্ষিত হৈ থাকিব লাগিব। অসমীয়া সংস্কৃতিত জিকিৰক আগবঢ়াই নিবলৈ আমি সদায় সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰ এই তিনিটা বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানৰ একাংশ প্ৰতিনিধিৰ লগত এক বৈঠক অনুষ্ঠিত কৰিছিল আৰু মুছলমানৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি কেইবাখনো বিশেষ সমিতি গঠন কৰি দিছিল আৰু তাৰে এখন সমিতিৰ  মোক অধ্যক্ষ হিচাপত নিযুক্তি দিছিল। সেইসূত্ৰেই মই সমিতিৰ সদস্যসকলৰ লগত অসমৰ প্ৰায়বোৰ ঠাই ঘূৰি বহু মানুহ লগ পাইছিলোঁ আৰু তেওঁলোকে জিকিৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছিল।
 
 
"মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত যেনেকৈ অন্য কোনোৱে লিখিব নোৱাৰে ঠিক তেনেকৈ জিকিৰো কোনোৱে নতুনকৈ লিখিব নোৱাৰে আৰু তাৰ সুৰ সলনি কৰিব নোৱাৰে। এনেধৰণৰ জিকিৰৰ কৰ্মশালাৰ যথেষ্ট প্ৰয়োজন আছে। জিকিৰৰ কৰ্মশালাত যি সকল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে তেওঁ এই বিষয়ত পাৰ্গত হ'ব লাগিব। জিকিৰৰ প্ৰচাৰৰ ক্ষেত্ৰত আমি যিমানখিনি কাম কৰিব লাগিছিল সিমান কৰিব পৰা নাই। ভাৰতৰ অন্য ৰাজ্যতকৈ অসম অলপ ব্যতিক্ৰম। অন্য ৰাজ্যৰ তুলনাত অসমত বিভিন্ন ধৰ্ম আৰু জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি যথেষ্ট বেছি। এই মিলাপ্ৰীতিত আঁৰত ঐতিহাসিক কাৰণ জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰৰ কথাকে আমি উদাহৰণস্বৰূপে ল'ব পাৰো। আজান পীৰে তেওঁৰ কিছুমান দৰ্শন জিকিৰৰ মাজেৰে সমাজৰ মাজলৈ লৈ যাব চেষ্টা কৰিছিল।জিকিৰক কেৱল আমি অসমীয়া মুছলমানৰ  সংস্কৃতি বুলি কব নোৱাৰো। বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতিৰ এটা অংশ জিকিৰ।"
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জিকিৰৰ ওপৰত গৱেষণা কৰি প্ৰথম পি এইছডি ডিগ্ৰী লাভ কৰা ড৹ ভুৱনেশ্বৰ ডেকাই কয়: "জিকিৰ সংৰক্ষণ কৰিবৰ বাবে এখন বিশেষ জিকিৰ সংৰক্ষণ সমিতিৰ প্ৰয়োজন। ব্যক্তিগতভাৱে সংৰক্ষণ আছে। জিকিৰ শিল্পী আৰু যিসকল জিকিৰৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত, তেওঁলোকৰ যোগেদি জিকিৰ সংৰক্ষণ কৰিব লাগিব। তেতিয়া  আজান পীৰে ৰচনা কৰা জিকিৰখিনি পুনৰ উদ্ধাৰ হ'ব তেতিয়া জিকিৰ সম্পূৰ্ণ গৱেষণা বা অন্যান্য সমীক্ষাৰ কাৰণে সুবিধাজনক হ'ব। কিছু কিছু জিকিৰ উদ্ধাৰ কৰা হৈছে যদিও সেইখিনিয়ে যথেষ্ট নহয়। অসমৰ বহু শিল্পীয়ে শুদ্ধভাৱে জিকিৰ পৰিবেশন কৰিব পৰা নাই। সুৰ আৰু শব্দ শুদ্ধ হ'ব লাগিব। এই কথাখিনি শিল্পীসকলে জানিলেহে জিকিৰ শুদ্ধ ৰূপত প্ৰচাৰ হব। বৰগীতৰ দৰে জিকিৰকো আমি সঠিক ৰূপত মূল্যাংকণ কৰিব লাগিব। জিকিৰৰ মূল আধাৰ গ্ৰন্থ হ'ল কোৰান আৰু হাদিছ।  কোৰান আৰু হাদিছৰ তত্বসমূহ আজান পীৰে জিকিৰৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল।"
১৫০ ৰো অধিক জিকিৰ প্ৰেমী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো শুৱনি কৰিছে। অহা ডিচেম্বৰ মাহত জিকিৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে বুলি অসমীয়া চৈয়দ কল্যান ন্যাসৰ সাংগঠনিক সম্পাদক চৈয়দ মাৰুফ হুছেইনে জানিব দিয়ে।