তেওঁ উল্লেখ কৰে যে মন্দিৰ কৰ্তৃপক্ষৰ আন্তৰিক আপ্যায়নত তেওঁলোক আপ্লুত হৈছিল। "আমি আন সকলোৰে সৈতে একেলগে বহিছিলোঁ আৰু দুপৰীয়াৰ আহাৰ খাইছিলো। তাত যি পৰিৱেশ বিৰাজ কৰিছিল সেয়া সঁচাকৈয়ে শংকৰ আৰু আজানৰ অসমৰ উৎকৃষ্ট ছবি আছিল। এনে দৃশ্য সাধাৰণতে অতি বিৰল।" ৰহমানে ব্যাখ্যা কৰে।
মহাপুৰুষ মাধৱদেৱক অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী প্ৰখ্যাত গুৰু আৰু সমাজ সংস্কাৰক হিচাপে গণ্য কৰা হয়। তেওঁ এগৰাকী কবি আৰু লেখকো আছিল। মাধৱদেৱে নামঘোষা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰি অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিছিল।
ঢেকীয়াখোৱা বৰনামঘৰ সন্দৰ্ভত এটা জনপ্ৰিয় কাহিনী আছে যে মাধৱদেৱে তেতিয়াৰ বুঢ়া ৰজাৰ সেনা (সুৰক্ষা বাহিনী)ৰ পৰা পলাই আহি ইয়াত এটা বৃদ্ধ দম্পতীৰ ঘৰত আশ্ৰয় লৈছিল। দৰিদ্ৰ বৃদ্ধ দম্পতীহালে তেওঁক ঢেকীয়া আৰু চাউলৰ সুস্বাদ্য খাদ্য আগবঢ়াইছিল।
প্ৰবাদ অনুসৰি, মাধৱদেৱে দম্পতীহালৰ পঁজাঘৰটোত এটা তেলৰ চাকি জ্বলাইছিল আৰু তেওঁলোকক এই শিখা জ্বলাই ৰাখিবলৈ কৈছিল। বিশ্বাস কৰা হয় যে এই শিখা এতিয়াও বৰনামঘৰৰ চৌহদত জ্বলি আছে।