ভাগৱত-মাদানীৰ মন্তব্য ৰাজনৈতিক মৰিচীকা নহয়, এক আশাৰ বাৰ্তা

Story by  atv | Posted by  Munni Begum • 1 Years ago
মোহন ভাগৱত আৰু  মৌলানা মাহমুদ মাদানী
মোহন ভাগৱত আৰু মৌলানা মাহমুদ মাদানী
  আতিৰ খান
 
দুই প্ৰভাৱশালী মতাদৰ্শবাদী ক্ৰমে আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱত আৰু জমিয়ত-উলেমা-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ শেহতীয়া মন্তব্যই দেশত শেহতীয়াকৈ উদ্ভাৱ হোৱা ধৰ্মীয় উত্তেজনা কিছু পৰিমাণে হ’লেও শান্ত কৰিছে। তেওঁলোকে যি কৈছে সেয়াই নিশ্চিতভাৱে সম্প্ৰদায়বোৰৰ সংঘাত দ্ৰুতভাৱে ঠিক নকৰিব, কিন্তু তেওঁলোকৰ দাবীবোৰে নিশ্চিতভাৱে ধৰ্মীয় অধিকাৰৰ ওপৰত চলি থকা বিতৰ্কত যুক্তিৰ অনুভূতি আনিছে। ইয়ে সম্ভৱতঃ অদূৰ ভৱিষ্যতে কিছু একত্ৰীকৰণ আৰু মনৰ মিলনৰ পথ প্ৰশস্ত কৰিব পাৰে। কিয়নো, হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ ভুক্তভোগীসকলৰ দাবীৰ বাবেই এই সংঘৰ্ষৰ উদ্ভৱ হৈছে।
 
যি সময়ত ভাৰতীয় মুছলমান সমাজ অস্থিৰ হৈ পৰিছে, সেই সময়তে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ভাৰতীয় মুছলমানৰ এটা বৃহৎ অংশই বিশ্বাস কৰে যে তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ ওপৰত আক্ৰমণ হৈছে আৰু সেয়ে সম্প্ৰদায়টোৰ ভিতৰত ইয়াক লৈ মন্থন হৈছে। 
নাগপুৰত শেহতীয়াকৈ আগবঢ়োৱা ভাষণত ভাগৱতে কয় যে বৰ্তমানৰ হিন্দু আৰু মুছলমান সকলক বিদেশী আক্ৰমণকাৰীৰ অতীতৰ কাৰ্যকলাপৰ বাবে জগৰীয়া কৰিব নোৱাৰে। পূৰ্বৰ ৰজাসকলে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ঘৃণনীয় হিংসাত্মক কাৰ্য্যত লিপ্ত হৈছিল। ৮০০ বছৰ পূৰ্বে কি ঘটিছিল, তাৰ ওপৰত এতিয়াৰ হিন্দু অথবা মুছলামৰ কোনো নিয়ন্ত্ৰণ নাই। গতিকে তেওঁলোকক কাৰ্য্যসমূহৰ মালিকীস্বত্বৰ বাবে মাত মাতিব নোৱাৰি আৰু মাত মতা উচিত নহয়। নতুবা জন্মৰ আগতেই যি ঘটিছিল তাৰ বাবে কাকো লজ্জানত কৰা উচিত নহয়। তেওঁৰ এই মন্তব্যই দয়োটা সম্প্ৰদায়ৰ মাজত চলি থকা সংঘাত আৰু উত্তেজনা কিছু প্ৰশমিত কৰিছে। ভাগৱতৰ এই স্থিতিয়ে ধৰ্মীয় বিভাজনকাৰীক সমৰ্থন নকৰা ভাৰতীয়সকলকো সকাহ দিছে। 
আগুৱাই যোৱাৰ পথ হিচাপে ভাগৱতে এইটোও পৰামৰ্শ দিছিল যে জ্ঞানবাপী মছজিদ, মথুৰা ঈদগাহ আদিৰ দৰে বিবাদসমূহ আদালতৰ বাহিৰৰ নিষ্পত্তিৰ দ্বাৰা সমাধান কৰিব পৰা যাব, যদি সেইটো নহয় তেন্তে আইনী আশ্ৰয়ৰ ব্যৱস্থা আছে। তেওঁ লগতে কয় যে দেশৰ সকলো মছজিদৰ মালিকীস্বত্বক লৈ বিতৰ্ক সৃষ্টি কৰাৰ কোনো যুক্তি নাই। অযোধ্যাত ৰাম মন্দিৰ পুনৰুদ্ধাৰৰ বাবে আৰ এছ এছে মানুহক সংগঠিত কৰিছিল আৰু সেই উদ্দেশ্য সাধন হৈছে আৰু এনে পৰিকল্পনা আৰু নাই বুলিও মোহন ভাগৱতে উল্লেখ কৰে।
 
সম্প্ৰীতিৰ এক প্ৰতীক হাজোৰ পোৱামক্কা
 
আনহাতে, জামাইত-উলেমা-হিন্দ নেতা মৌলানা মেহমুদে সমাজৰ আগত দিয়া দেওবন্দ ভাষণত অতি আকৰ্ষণীয় কথা কিছুমান দাঙি ধৰিছে। অতি আৱেগিক ভাষণত তেওঁ কয় যে মুছলমানসকলে ভাৰত ত্যাগ নকৰে আৰু ভাৰতক বদনাম কৰিবলৈ আন কোনো দেশক অনুমতি নিদিয়ে।
তেওঁ ক’ব বিচাৰিছিল যে ভাৰতীয় মুছলমানসকলে প্ৰত্যাহ্বান থাকিলেও সমস্যাবোৰ ধৈৰ্য্যসহকাৰে সমাধান কৰিব। কিন্তু জাতিটোৰ প্ৰতি তেওঁলোকৰ মোহক কোনো মূল্যতে প্ৰত্যাহ্বান জনাব নোৱাৰি। ভাৰতীয় মুছলমানসকল আৱেগিকভাৱে সেই মহান জাতিটোৰ লগত জড়িত হৈ আছে, যাক তেওঁলোকে নিজৰ ঘৰ বুলি কয়।
মৌলানা মেহমুদ মাদানীৰ ভাষণক একাংশ মুছলমান ৰাজনৈতিক নেতাই সমালোচনা কৰাটো আচৰিত কথা নহয়। তেওঁলোকে কৈছে যে তেওঁ মুছলমানসকলক এক দুৰ্বল সম্প্ৰদায় হিচাপে প্ৰক্ষেপ কৰিছে। যদিও মাদানীয়ে এটা শক্তিশালী কথা কৈছিল যে ভাৰতীয় মুছলমানৰ অধিকাৰবোধ আনসকলৰ দৰেই সৱল। ইফালে, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ বক্তব্যক কেইবাজনো মুছলমান ধৰ্মগুৰুৱে আদৰণি জনায়। তেওঁলোকে কৈছে যে ভাগৱতে কোৱা কথাষাৰ মহত্ত্ব তেতিয়াহে প্ৰতিফলিত হ’ব, যেতিয়া হিন্দু ধৰ্মৰ দুষ্ট চক্ৰবিলাকৰ ওপৰত ইয়াৰ মন্তব্যৰ প্ৰভাৱ পৰিব। 
 
জ্ঞানবাপী মছজিদৰ চৌহদত লোকৰ সমাগম
 
ভাগৱতৰ বক্তব্যক সংখ্যাগৰিষ্ঠ মুছলমান পণ্ডিত আৰু ধৰ্মীয় নেতাই আদৰণি জনোৱাটো সাম্প্ৰতিক উত্তেজনাপূৰ্ণ পৰিস্থিতিত সঁচাকৈয়ে যথেষ্ট গুৰুত্বপূৰ্ণ। হিন্দুসকলে নিজৰ ধৰ্মীয় উপাসনাস্থলী আৰু যিবোৰ পূৰ্বতে মুছলমান আক্ৰমণকাৰীয়ে অপবিত্ৰ কৰিছিল, সেইবোৰ পুনৰ লাভ কৰিব বিচাৰে। আনহাতে, যোৱা ৪ বছৰত চলি অহা ধাৰাবাহিক পৰিঘটনাবোৰে মুছলমানসকলক চিন্তিত কৰি তুলিছে। 
বিশেষকৈ ক্ষমতাত থকা ৰাজনীতিবিদসকলৰ পৰা কোনো ধৰণৰ সম্প্ৰীতিমূলক বক্তব্যৰ অনুপস্থিতিত একাংশ মুছলমান ৰাজনৈতিক নেতাই, যিসকলে সম্প্ৰদায়টোক প্ৰতিনিধিত্বও নকৰে, এনে বক্তব্য আগবঢ়াইছে যাৰ ফলত সমাজত ওলোটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে নেতাই সমাজৰ বাবে উপকাৰতকৈ অধিক ক্ষতিহে কৰিছে। সেয়ে আৰ এছ এছৰ মুৰব্বী ভাগৱত আৰু জমাইতৰ সভাপতি মৌলানা মাদানীৰ এই মন্তব্য ৰাজনৈতিক মৰিচীকা নহয়। সমন্বয়মুখী ভাৰতৰ বাবে ই এক আশাৰ বাৰ্তা। 
ঐতিহাসিক বিৱৰণী অনুসৰি ধৰ্মীয় স্থানসমূহ বিদেশী ইছলামিক শাসকসকলে অ-পবিত্ৰ কৰিছিল। এইবোৰ কেৱল ভাৰতৰ বাবেই নাছিল, ঐতিহাসিক তথ্য অনুসৰি বিশ্বৰ আন আন ঠাইতো সংঘটিত হৈছে যেনে দামাস্কাছৰ উমাইয়াদ মছজিদতো এনে পৰিঘটনা সংঘটিত হৈছে। ইস্তানবুলৰ আয়া ছফিয়া মছজিদ আছিল এটা খ্ৰীষ্টান গীৰ্জা, কিন্তু ইয়াক মছজিদলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু ইয়াক পুনৰ নিৰ্মাণ কৰি মিনাৰ আৰু আচাৰ-অনুষ্ঠানৰ অজুৰ বাবে থকা অঞ্চলৰ দৰে সংযোজন কৰা হৈছিল। কিছুদিন আগতে ভাল জ্ঞানৰ প্ৰচলন আছিল আৰু এতিয়া ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।
 
এগৰাকী হিন্দু ধৰ্ম গুৰুৱে এগৰাকী মুছলমান ধৰ্মগুৰুক সাৱতি ধৰি সম্প্ৰীতিৰ এক নিদৰ্শন দাঙি ধৰিছে
 
আন কিছুমান ক্ষেত্ৰত আৰৱ নেতাসকলে সামৰিক শিবিৰৰ কেন্দ্ৰত প্ৰথমটো মছজিদৰ পৰিকল্পনা তৈয়াৰ কৰিছিল। ঐতিহাসিকভাৱে বহুতো ইছলামিক ৰজাই নিজৰ কৰ্তৃত্বক চিহ্নিত কৰিবলৈ বিশাল কীৰ্তিচিহ্নস্বৰূপ মছজিদ নিৰ্মাণ কৰিছে, যেনে, আব্বাছিসকলৰ গ্ৰেট মছজিদ অৱ ছামাৰা অথবা অতি শেহতীয়াকৈ কাছাব্লাংকাৰ দ্বিতীয় হাছান মছজিদ।
ইছলামত ধৰ্ম আৰু ৰাজনীতিৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাত আধিপত্য বিস্তাৰৰ বাবে মুছলমান শাসকসকলৰ বাবে ই হয়তো অধিক ৰাজনৈতিক বাধ্যবাধকতা আছিল। যুগ যুগ ধৰি যিমানেই কাৰণ নহওক কিয় তেওঁলোকৰ কাৰ্য্যবোৰক গুৰুতৰ অৱজ্ঞাৰে দেখা যায়।
কিন্তু, এনে ধ্বংসাত্মক কাৰ্য্য কেৱল মুছলমান ৰজাসকলৰ মাজতে সীমাবদ্ধ নহয়। ৰিচাৰ্ড এইচৰ মতে, বাৰ্ড কলেজৰ ধৰ্ম আৰু এছিয়ান অধ্যয়নৰ অধ্যাপক ডেভিদে তেওঁৰ ৰচনাত কৈছে যে জৈন আৰু বৌদ্ধ ধৰ্মৰ মন্দিৰ হিন্দু ৰজাই ধ্বংস কৰিছিল। হিন্দু ধৰ্ম পুনৰ প্ৰৱৰ্তনৰ নামত ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰতিমূৰ্তি, স্তুপ, বিহাৰ ভাঙি পেলোৱা হৈছিল। সাহিত্যিক আৰু প্ৰত্নতাত্ত্বিক দুয়োটা তথ্যই বৌদ্ধ ধৰ্মৰ বিৰুদ্ধে হোৱা হিংসাত্মক কাৰ্য্যৰ বিষয়ে বহু কথাই কয়। কেইবাটাও বৌদ্ধ বিহাৰ ব্ৰাহ্মণসকলে দখল কৰি হিন্দু মন্দিৰলৈ ৰূপান্তৰিত কৰিছিল।
 
ইছলাম ধৰ্মালম্বী লোকসকলে ঈদৰ নামাজ আদায় কৰিছে
 
আমি আমাৰ বিদ্যালয়ৰ বুৰঞ্জী গ্ৰন্থত পঢ়িবলৈ পোৱা বুৰঞ্জীবিদ ৰোমিলা থাপাৰে সেই কথা উল্লেখ কৰিছে যে হিন্দু শাসক পুষ্যমিত্ৰ ছুংগাই মহাপুৰুষ অশোকে নিৰ্মাণ কৰা হাজাৰ হাজাৰ বৌদ্ধ স্তুপ ভাঙি পেলাইছিল। একেদৰে, ব্ৰিটিছ ৰাজত্বৰ কেইবাজনো ইংৰাজ লেখক যেনে, মাৰে টি টাইটাছ আৰু কানিংহামে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতলৈ অহা মুছলমান আক্ৰমণকাৰীয়ে ধৰ্মীয় স্থানসমূহ অপবিত্ৰ কৰাৰ বিষয়ে বিশদ বিৱৰণ আগবঢ়াইছে।
ভাৰতীয় লেখক প্ৰফুল্ল গোৰাদিয়াই তেওঁৰ গ্ৰন্থ ‘হিন্দু মছজিদ’ত গভীৰ গৱেষণা কৰি আনকি ভাঙি পেলোৱা মন্দিৰৰ ধ্বংসাৱশেষেৰে নিৰ্মাণ কৰা মছজিদৰ বিপৰীতে মছজিদলৈ ৰূপান্তৰিত মন্দিৰৰ মাজত স্পষ্ট পাৰ্থক্যও সন্নিৱিষ্ট কৰিছে। ২০০২ চনত প্ৰকাশিত গ্ৰন্থখনৰ আৰম্ভণিতে তেওঁ লিখিছে- “হিন্দু আৰু মুছলমানৰ মাজত বন্ধুত্ব অতি প্ৰয়োজনীয় যদিহে ভাৰতে হেৰুৱা শতিকাবোৰ ধৰি ৰাখিব বিচাৰে।” 
তেওঁ নিজৰ কিতাপখন লিখাৰ আগতে প্ৰতিটো বিতৰ্কিত ধৰ্মীয় কাঠামো ব্যক্তিগতভাৱে পৰিদৰ্শন কৰিছিল। গোৰাদিয়াই কৈছিল যে ঘটনাক্ৰমে মুছলমান হোৱা সতীৰ্থ ভাৰতীয়সকলক অপমান কৰা বা তেওঁলোকৰ মাজত ক্ষোভৰ সৃষ্টি কৰা তেওঁৰ উদ্দেশ্য নাছিল, যাতে ধৰ্মীয় ৰক্তপাতৰ সৃষ্টি নহয়। লেখকৰ উদ্দেশ্য আছিল ভাৰতীয়সকলক একত্ৰিত কৰা।
 
অলোপতে জ্ঞানৱাপী মছজিদক লৈ হোৱা বিতৰ্কৰ পিছত মছজিদ চৌহদলৈ ওলাই অহা লোকৰ সমাগম
 
ভাৰতীয় মুছলমানসকলে সঠিকভাৱে যুক্তি দৰ্শাই আহিছে যে পূৰ্বতে নিৰ্মাণ কৰা মছজিদসমূহ মন্দিৰ ভাঙি বা হিন্দু ধৰ্মীয় স্থানৰ ধ্বংসাৱশেষৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। বৰ্তমানৰ পৰিস্থিতি আৰু সংঘাতত যদিহে এনে বিষয়সমূহ আদালতৰ বাহিৰত সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰিব নোৱাৰি, তেন্তে বিজ্ঞানী আৰু পুৰাতত্ত্ববিদসকলৰ সামৰ্থ্য বৃদ্ধি কৰাটোৱেই হ’ব সৰ্বোত্তম উপায়। বিবাদিতসকলৰ প্ৰাপ্যতাৰ আঁৰৰ সত্য বিচাৰি উলিওৱাত তেওঁলোকৰ মূল্যায়ন আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব ধৰ্মীয় গাঁথনি। এক উচিত তদন্তৰ সহায়ত ভাৰতীয় ন্যায়পালিকাই নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।
ফলাফল যিয়েই নহওক কিয়, ধৰ্মীয় সহাৱস্থানক অনুপ্ৰাণিত কৰিব পৰা আচৰিত উদাহৰণ পৃথিৱীত আছে। বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা ইণ্ডোনেছিয়াত বালিৰ মন্দিৰসমূহ সুন্দৰভাৱে সংৰক্ষণ কৰা হৈছে। ইয়াৰ নাগৰিকে নিজৰ বহুত্ববাদী সংস্কৃতি আৰু ধৰ্মক লৈ গৌৰৱ অনুভৱ কৰে। ভাৰতত ধৰ্মীয় কাঠামোৰ ওপৰত বিবাদ নিষ্পত্তি নোহোৱালৈকে ৰাজ্য চৰকাৰসমূহে ন্যায়িক প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ আগতে আৰু পিছত আইন-শৃংখলা নিয়ন্ত্ৰণত থকাটো নিশ্চিত কৰিব লাগিব। দুয়োটা সম্প্ৰদায়ৰ দুষ্ট চক্ৰসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব।
উগ্ৰ দৃষ্টিভংগীৰ ৰাজনীতিবিদসকলে নিজৰ ৰাজনৈতিক দল নিৰ্বিশেষে তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰিব লাগিব। আমি পাহৰিব নালাগে যে আজি আমি যিয়েই কৰোঁ কাইলৈ সেয়া ইতিহাস হৈ পৰিব। আজি আমি গ্ৰহণ কৰা কৰ্মপন্থাই আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে দুখদায়ক পৰিস্থিতি হ’ব নালাগে।