২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত অযোধ্যা মছজিদ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

Story by  atv | Posted by  DaulatRahman • 1 Years ago
প্ৰস্তাৱিত মছজিদৰ চৌহদ
প্ৰস্তাৱিত মছজিদৰ চৌহদ
লক্ষ্ণৌ
 
ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি নিৰ্মাণ কৰা অযোধ্যাত এটা মছজিদ নিৰ্মাণৰ কাম অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি এই কামৰ দায়িত্ব অৰ্পণ কৰা ট্ৰাষ্টে প্ৰকাশ কৰিছে।
 
"আমি আশা কৰিছো যে চলিত মাহৰ শেষৰ ফালে অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ পৰা প্ৰস্তাৱিত মছজিদ, চিকিৎসালয়, সামূহিক পাকঘৰ, পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰৰ মানচিত্ৰত অনুমোদন লাভ কৰিব। ইয়াৰ পিছত অতি সোনকালে আমি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিম।" কালচাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সম্পাদক অথৰ হুছেইনে এইদৰে কয়।
 
২০২৩ চনৰ ডিচেম্বৰৰ শেষৰ ফালে ধনীপুৰ অযোধ্যা মছজিদৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।পাঁচ একৰ মৌলৱী আহমদুল্লাহ শ্বাহ কমপ্লেক্সৰ বাকী অংশ, পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ কয়।
দীৰ্ঘদিনীয়া অযোধ্যা বিবাদৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে এসময়ত বাবৰি মছজিদ থকা ২.৭৭ একৰ ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে, আৰু উত্তৰ প্ৰদেশত মছজিদ নিৰ্মাণৰ বাবে পাঁচ একৰ মাটি আবণ্টন দিবলৈ নিৰ্দেশ দিয়ে . মন্দিৰৰ বাবে ‘ভূমি পূজন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ আগষ্ট মাহত সম্পন্ন কৰিছিল আৰু মন্দিৰ ট্ৰাষ্টৰ মতে, ২০২৪ চনৰ জানুৱাৰী মাহত ভক্তৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে। ২০২৪ চনৰ আৰম্ভণিতে পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে মন্দিৰ আৰু মছজিদ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময় তাৎপৰ্যপূৰ্ণ।
উত্তৰ প্ৰদেশৰ চুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডে মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টেও এখন চিকিৎসালয়, সামূহিক পাকঘৰ, পুথিভঁৰাল আৰু গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
হুছেইনে কয় যে, "ট্ৰাষ্টে সকলো প্ৰস্তাৱিত গঠন একেলগে নিৰ্মাণৰ কাম আৰম্ভ কৰিব আৰু মছজিদটোৰ আকাৰ সৰু হোৱাৰ বাবে প্ৰথমে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যদিও কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, আশাকৰোঁ এবছৰৰ ভিতৰত নিৰ্মাণ হ'ব।"
 
কমপ্লেক্সটোৰ মছজিদ আৰু অন্যান্য গঠন নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেওঁ কয়।
 
হুছেইনে কয় যে চিকিৎসালয়খন ১০০খন বিচনাৰ পৰা আৰম্ভ হ’ব আৰু পিছত ২০০খন বিচনাযুক্ত সুবিধালৈ উন্নীত কৰা হ’ব। কমিউনিটি কিচেনত প্ৰথম অৱস্থাত দৈনিক ১০০০ লোকক সেৱা আগবঢ়োৱাৰ ক্ষমতা থাকিব আৰু পৰৱৰ্তী সময়ত ২০০০ লোকৰ বাবে সম্প্ৰসাৰণ কৰা হ’ব।
 
তেওঁ কয় যে ট্ৰাষ্টে ভাৰত-ইছলামিক গৱেষণা কেন্দ্ৰ আৰু পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্ত লৈছে যাতে অঞ্চলটোৰ ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰে।