সমন্বয়মুখী অসম; শংকৰদেৱৰ তিথিত জলপান বিতৰণ শিখ ধৰ্মাৱলম্বী লোকৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
উত্তৰ গুৱাহাটীস্থিত আউনী-আটী শাখা সত্ৰ উত্তৰাধিকাৰীসকলৰ সৈতে  খালচা চেণ্টাৰ নৰ্থইষ্টৰ বিষয়ববীয়াসকল
উত্তৰ গুৱাহাটীস্থিত আউনী-আটী শাখা সত্ৰ উত্তৰাধিকাৰীসকলৰ সৈতে খালচা চেণ্টাৰ নৰ্থইষ্টৰ বিষয়ববীয়াসকল
মুন্নী বেগম / গুৱাহাটী 
 
ধৰ্ম তথা সমাজ সংস্কাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা, নাম কীৰ্তন আৰু তেওঁৰ চহকী সৃষ্টিৰাজিয়ে অসমীয়া জাতিৰ লগতে শিখ ধৰ্মালম্বী লোকৰ মাজতো প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সোমবাৰে উত্তৰ গুৱাহাটীস্থিত আউনী-আটী শাখা সত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত 'খালচা চেণ্টাৰ নৰ্থইষ্টে' অংশগ্ৰহণ কৰিছে। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে খালচা চেণ্টাৰে ৰাইজৰ মাজত জলপান বিতৰণৰ এক কাৰ্যসূচীও গ্ৰহণ কৰিছে।  
 
এই বিষয় সন্দৰ্ভত "আৱাজ দ্য ভইচ"ৰ সৈতে হোৱা সাক্ষাৎকাৰত খালচা চেণ্টাৰ নৰ্থ ইষ্টৰ অধ্যক্ষ কেপ্তেইন পি পি সিঙে কয়, "মানৱ সেৱাই হৈছে উত্তম ধৰ্ম। সেই সেৱা খাদ্য বিতৰণ, বস্ত্ৰ বিতৰণ, ধন বিতৰণ তথা নিজৰ বিচাৰ বিবেচনাৰ বিতৰণ কৰাও হ'ব পাৰে। আমাৰ খালচা চেণ্টাৰ নৰ্থ ইষ্টে বিগত চাৰি বছৰ ধৰি দুখীয়া তথা আৰ্তজনক সহায় কৰাৰ লগতে ভোকাতুৰক খাদ্য যোগান ধৰি আহিছে। আমি জাতি ধৰ্ম নিৰ্বিশেষে সেৱা আগবঢ়াই আহিছো।" 
"সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে উত্তৰ গুৱাহাটীতস্থিত আউনী-আটী শাখা সত্ৰত আয়োজিত এক অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছিলো। তাত ভকত তথা সাধাৰন ৰাইজৰ মাজত আমি জলপান বিতৰণ কৰিছিলো। আমি এটা কথা বিশ্বাস কৰো যে আমি সকলো এক ইশ্বৰৰ সন্তান। আমাৰ মাজত কোনো ভেদা-ভেদ নাই। যি মহাপুৰুষজনাই আমাৰ মাজত প্ৰচাৰ কৰি গৈছিল। সেয়েহে আমি সকলোৱে একতাৰে একত্ৰিত হৈ থাকিব লাগে। তেতিয়াহে গুৰুজনাই কোৱাৰ দৰে এখন সুস্থ সমাজ গঢ়িব পৰা যাব।" পি পি সিঙে পুনৰ কয়।  
উল্লেখ্য যে, খালচা চেণ্টাৰ নৰ্থ ইষ্টে সকলো সময়তে দুখীয়া তথা আৰ্তজনৰ ওচৰত থিয় হৈ আহিছে। ক'ভিডকালীন পৰিস্থিতিৰ সময়তো তেওঁলোকে দৈনিক ৫ হাজাৰকৈ লোকৰ মাজত খাদ্য বিতৰণ কৰিছিল আৰু শেহতীয়াকৈ হৈ যোৱা সংহাৰী বানৰ সময়তো ৰাজ্যৰ কেইবাখনো জিলাত কেইবাটাও শিবিৰ পাতি বানপীড়িত সকলক সহায়ৰ হাত আগবঢ়াইছিল। 
 
উত্তৰ গুৱাহাটীৰ আউনী-আটী শাখা সত্ৰত উদযাপন কৰা গুৰুজনাৰ তিৰোভাৱ তিথিত ৰাইজক জলপান যোগান ধৰিছে খালচা চেণ্টাৰ নৰ্থইষ্টে
 
কেপ্তেইন পি পি সিঙে কয়, "খালচা চেণ্টাৰ নৰ্থইষ্টে ২০১৯ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰাই গুৱাহাটী মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাংগণত ৰোগী তথা ৰোগীৰ অভিভাৱক সকলৰ লগতে ভোকত থকা লোকৰ মাজত দুপৰীয়াৰ আহাৰ বিতৰণ অৰ্থাৎ "লংগৰ"ৰ ব্যৱস্থা আৰম্ভ কৰি আহিছে। তেতিয়াৰ পৰাই আজি পৰ্যন্ত প্ৰতি বুধবাৰে লংগৰৰ ব্যৱস্থা কৰি অহা হৈছে। আমাৰ এই ব্যৱস্থাৰ জৰিয়তে প্ৰতি বুধবাৰে কমেও ১৫০০ লোকে খাদ্য গ্ৰহন কৰি আহিছে। ইয়াৰোপৰি, শেহতীয়াকৈ ৰাজ্যত হৈ যোৱা সংহাৰী বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল ক্ৰমে কামৰূপ, কামৰূপ মেট্ৰ', মৰিগাওঁ, মংগলদৈত বানপীড়িত লোকক খাদ্য সামগ্ৰী বিতৰণ কৰিছিলো। অনহাতে মৰিগাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বানে বিধ্বস্ত কৰা এখন চৰকাৰী খণ্ডৰ বিদ্যালয় আমাৰ চেণ্টাৰে পুনৰ্নিৰ্মাণো কৰি দিছিল।"  
দান বৰঙণিৰে জাতি ধৰ্ম নিৰ্বিশেষে সহায় কৰি অহা খালচা চেণ্টাৰ নৰ্থইষ্টৰ সৈতে বিভিন্ন জাতি তথা ধৰ্ম ক্ৰমে শিখ, হিন্দু, মুছলিম, বঙালী, মাৰোৱাৰী, নেপালী, বড়ো, কছাৰী আদি সকলো লোক জড়িত হৈ আছে।  
কেপ্তেইন পি পি সিঙে কয়, "খালচা চেণ্টাৰ নৰ্থইষ্ট এনেকুৱা এটা অনুষ্ঠান, যি অনুষ্ঠানৰ সৈতে বিভিন্ন জাতি তথা ধৰ্মৰ বহুত লোক জড়িত হৈ আছে। আমাৰ অনুষ্ঠানে আৰ্তজনক সহায় কৰাৰ লগতে সকলো ধৰ্মীয় অনুষ্ঠান তথা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে। খালচা চেণ্টাৰে বিহু, খ্ৰীষ্টমাছ, ঈদ, পুজা আদি উৎসৱ পাৰ্বনত শিবিৰ পাতি ৰাইজক বিনামূলীয়াকৈ জলপান যোগান ধৰি আহিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসতো শিবিৰ পাতি তাত ৰাইজৰ মাজত শীতল পানীয় আৰু জলপান যোগান ধৰিছিলো। আমাৰ  ২০/২৫ জনীয়া এটা দল আছে। যিয়ে ২৪ ঘণ্টাই সেৱা অগবঢ়োৱাৰ বাবে সাজু হৈ থাকে।" 
 
দুখীয়া তথা আৰ্তজনক যোগান ধৰাৰ উদ্দেশ্যে খালচা চেণ্টাৰ নৰ্থইষ্টে প্ৰস্তুত কৰিছে আহাৰ
 
দুখীয়াক তথা আৰ্তজনক সহায় কৰি অহাৰ লগতে অতি কম খৰচত তেওঁলোকক চিকিৎসা সেৱা অগবঢ়োৱাৰ বাবে খালচা চেণ্টাৰ নৰ্থইষ্টে এক চিকিৎসা কেন্দ্ৰ আৰু এটা মডেল কিট্‌চেন নিৰ্মানৰ বাবে ভূমি বিচাৰি ৰাজ্য চৰকাৰৰ ওচৰত এক আবেদন জনাইছে বুলিও কেপ্তেইন পি পি সিঙে কয়।
 
মৰিগাওঁ জিলাৰ বানপীড়িত ৰাইজৰ বাবে বানসাহাৰ্য প্ৰদানৰ উদ্দেশ্যে খালচা চেণ্টাৰ নৰ্থইষ্টৰ এক শিবিৰ
 
সিঙে কয়, "আমাৰ উদ্দেশ্য হ'ল যে কোনো ব্যক্তিয়ে যাতে অনাহাৰে দিন তথা ৰাতি কটাব নালাগে। সেয়েহে আমি মহানগৰীত এটা মডেল কিট্‌চেন আৰু এক চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছিলো। মডেল কিট্‌চনৰ জৰিয়তে আমি গুৱাহাটী মহানগৰীৰ অনাহাৰে দিন অতিবাহিত কৰা লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰিব পাৰিম। ইয়াৰোপৰি চিকিৎসা কেন্দ্ৰ জৰিয়তে আমি দৈন্য লোকসকলক অতি কম খৰচত উন্নত চিকিৎসা সেৱা আগবঢ়োৱাব পাৰিম। কিন্তু অতি পৰিতাপৰ কথা যে আজি পৰ্যন্ত চৰকাৰৰ তৰফৰ পৰা ইয়াৰ বাবে কোনো সু-ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।"  
 
খালচা চেণ্টাৰ নৰ্থইষ্টৰ উদ্যোগত খাদ্য বিতৰণ
 
সেৱাই হৈছে মানৱ ধৰ্ম। কিন্তু বৰ্তমান আমাৰ সমাজত একাংশ স্বাৰ্থলোভী ব্যক্তিয়ে ধৰ্মৰ গইনা লৈ সমাজত ঘৃণা বিয়পোৱাৰ বাবে অপ্ৰাণ চেষ্টা চলাই আহিছে। সিঙে কয়, "কোনো ধৰ্মই হিংসা তথা ঘৃণাৰ উপদেশ নিদিয়ে। ধৰ্মই সদায় সকলোকে শান্তি আৰু সম্প্ৰীতিৰে একত্ৰিত হৈ জীয়াই থকাৰ উপদেশ দিয়ে। কিন্তু আমাৰ সমাজত একাংশ স্বাৰ্থলোভী লোক আছে, যিয়ে আমাৰ মাজত শান্তি বিঘ্নিত কৰি চৌদিশে অশান্তি বিয়পাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে। এনে লোক কোনো এক নিৰ্দিষ্ট ধৰ্মৰ নহয়। এনে লোক, শিখ, হিন্দু, মুছলমান, বঙালী, সকলোৰে মাজত সিচঁৰিত হৈ আছে। আমি এনে লোকৰ কাম বা কথা আওঁকাণ কৰিব লাগে আৰু সমাজৰ বাবে আমাৰ নিজৰ নিজৰ কাম কৰি যাব লাগে।"