নাট্যচৰ্চাক জীৱনৰ অভিন্ন অংশ কৰি লোৱা সু-চিকিৎসক ডাঃ জাহানাৰা বেগম

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ডাঃ জাহানাৰা বেগম
ডাঃ জাহানাৰা বেগম
মুকুট শৰ্মা / গুৱাহাটী

চিকিৎসকৰ দৰে এক ব্যস্ততাপূৰ্ণ বৃত্তিৰ সৈতে জড়িত হৈ থকাৰ পিছতো নাট্যচৰ্চাক জীৱনৰ অভিন্ন অংশ কৰি লৈছে অসমৰ বিশিষ্ট স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ জাহানাৰা বেগমে। এগৰাকী সু-চিকিৎসক হিচাপে যিদৰে তেওঁ হাজাৰ হাজাৰ লোকক আৰোগ্য কৰি তুলিছে, ঠিক একেদৰে এগৰাকী সু-অভিনেত্ৰী হিচাপে অজস্ৰ নাট্যপ্ৰেমীৰ মন-মগজুত গভীৰভাৱে ৰেখাপাত কৰিবলৈ সক্ষম হৈছে। অসমৰ অনাতাৰ, মঞ্চ আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৰিহণাৰ বাবে শেহতীয়াকৈ যশস্বী অভিনেত্ৰীগৰাকীয়ে লাভ কৰিছে সন্মানীয় বীণা প্রসাদ উৎকৰ্ষ বঁটা। ইয়াৰ পূৰ্বে ডাঃ সান্ত্বনা বৰদলৈ, মলয়া গোস্বামী, চেতনা দাস,  ভাগীৰথী বাই কদমৰ দৰে বিশিষ্ট অভিনেত্ৰী আৰু নাট পৰিচালকে এই মৰ্যদাপূৰ্ণ বঁটা লাভ কৰিছিল। 
 
মাত্র তিনি বছৰ বয়সতে দেউতাকে লিখা এখন একক চৰিত্ৰৰ নাটকেৰে মঞ্চ-প্ৰৱেশ ঘটিছিল সম-সাময়িক অসমৰ অগ্রণী অভিনেত্রী ডাঃ জাহানাৰা বেগমৰ। নগাঁৱৰ নতুন বজাৰ নিম্ন বুনিয়াদী বিদ্যালয়, নগাঁও চৰকাৰী ছোৱালী হাইস্কুল, শিৱসাগৰৰ ফুলেশ্বৰী ছোৱালী হাইস্কুল আৰু গুৱাহাটীৰ কালিৰাম ছোৱালী হাইস্কুলত শিক্ষা লাভ কৰি পিছলৈ তেওঁ কটন মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। বৃত্তিত চিকিৎসক ডাঃ বেগম বর্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষক।
আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট চিকিৎসক তথা অভিনেত্ৰীগৰাকীয়ে কয়, "যেতিয়াৰে পৰাই বুজা হৈছো, তেতিয়াৰে পৰাই অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলো। নগাঁৱৰ ঘৰৰ কাষতে থকা এলফিনিষ্টন চিনেমাহলত চোৱা এখন হিন্দী ভাষাৰ চিনেমা ‘দো কলিয়া’ চাই মই স্বতঃস্ফূৰ্তভাৱে একক অভিনয় কৰিবলৈ লৈছিলো। সেয়াই আছিল আৰম্ভণি। তেতিয়া হয়তো অভিনয় কি বস্তু ভালকৈ বুজিও পোৱা নাছিলো।"
১৯৭৩ চনত ফুলেশ্বৰী ছোৱালী হাইস্কুলত অষ্টম শ্রেণীত পঢ়ি থাকোঁতেই 'চাকনৈয়া' নামৰ নাটকখনত সুন্দৰ অভিনয় কৰি শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰা বেগমে হাইস্কুলৰ পৰ্যায়ত বিভিন্ন প্রতিযোগিতাত অংশ গ্ৰহণ কৰি বহুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। ১৫ বছৰ বয়সত গুৱাহাটীত আব্দুল মজিদৰদ্বাৰা পৰিচালিত ‘চোৰ’ নামৰ নাটকখনত মুখ্য চৰিত্ৰত অভিনয়ৰ জৰিয়তে তেওঁ পূৰ্ণাংগ নাটকৰ জগতত প্রৱেশ কৰে। ইয়াৰ পিছত ক্ৰমে নিউ আর্ট প্লেয়াৰ প্রযোজিত 'ৰূপালীম’(১৯৭৮), প্রগতি শিল্পী সংঘ প্রযোজিত ‘মৃত্যুঞ্জয়’, ইন্দ্ৰ বনিয়াৰদ্বাৰা পৰিচালিত আৰু দীপক সংঘৰ প্ৰযোজিত নাটকত তেওঁ অভিনয় কৰে। 
 
ডাঃ জাহানাৰা বেগমে বীণা প্রসাদ উৎকৰ্ষ বঁটা গ্ৰহণ কৰা মুহূৰ্তৰ এক দৃশ্য
 
ডাঃ বেগমে এইদৰে কয়, "ফুলেশ্বৰী ছোৱালী হাইস্কুলত পঢ়ি থাকোতে চাকনৈয়া নামেৰে জীৱনৰ প্ৰথমখন মঞ্চনাটত অভিনয় কৰিছিলো। তেতিয়া মই অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ পাইছিলো। ইয়াৰ পিছতে অভিনয়ক উন্মাদৰ দৰে ভাল পাবলৈ লৈছিলো। পঢ়িব বিচাৰিছিলো অভিনয়ৰ অ আ ক খ। জীৱনে গতি সলাইছিল আৰু জীৱনটোৱে মোৰ বাবে আছিল অভিনয়ৰ পাঠ্যপুথি। এইদৰে, এটা সময়ত অভিনয় জীৱনৰ এক অভিন্ন অংশত পৰিণত হৈছিল।"
ইফালে, চিকিৎসকৰ দৰে এক ব্যস্ততাপূৰ্ণ বৃত্তিৰ সৈতে জড়িত হৈ থকাৰ পিছতো নাট্যচৰ্চাক জীৱনৰ অভিন্ন অংশ কৰি লোৱা সন্দৰ্ভত তেওঁ কয়, "চিকিৎসক বাবেই হয়তো ব্যস্ততাপূৰ্ণ সময়ৰ সৈতে জীৱনৰ আন কাম বা নাট্যচৰ্চা সময়মতে কৰি যাব পাৰিছো। কাৰণ, সময়ৰ কাম সময়ত কৰাটো মোৰ এক পুৰণি অভ্যাস। কেৱল চিকিৎসক বুলিয়ে নহয়, আন বৃত্তিৰ সৈতে জড়িত হলেও মই নাট্যচৰ্চা কৰি থাকিলোঁহেতেন। কিয়নো, নাট্যচৰ্চাই মোৰ জীৱন। ইয়াৰ অবিহণে মই জীয়াই থাকিব নোৱাৰো। জীয়াই থাকিবলৈ অভিনয় কৰিবই লাগিব। অভিনয় মোৰ প্ৰাণত আছে।" 
কটন মহাবিদ্যালয়ত পঢ়ি থাকোঁতে একক অভিনয় আৰু একাংকিকা নাটকৰ প্ৰতিযোগিতাত কেইবাটাও বঁটা লাভ কৰা ডাঃ বেগম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পাঁচ বছৰ ধাৰাবাহিকভাৱে শ্রেষ্ঠ অভিনেত্রীৰ বঁটাৰে সন্মানিত হৈছিল। একে সময়তে তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নাটকতো অভিনয় কৰিবলৈ লয় আৰু দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, ঈশান বৰুৱা, ধীৰু ভূঞা, মাখন দেৱান, প্রাঞ্জল শইকীয়া, অৱনী বৰা আদিৰ দৰে যশস্বী নাট্যকাৰ আৰু অভিনেতাসকলৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰো কেইবাখনো নাটকত অভিনয় দক্ষতা প্ৰদৰ্শন কৰে।
 
ডাঃ জাহানাৰা বেগমে মঞ্চত কৰা অভিনয়ৰ এক দৃশ্য
 
বৰ্তমানলৈকে প্রায় তিনি কুৰি নাটকত অভিনয় কৰা ডাঃ বেগমে ২০০৯ চনত ‘জে বি প্ৰডাকচন' নামৰ এটি নাট্য-প্রযোজনা সংস্থা স্থাপন কৰে। ইয়াৰ পিছৰে পৰা তেওঁ নিৰৱচ্ছিন্নভাৱে নাটকৰ প্রযোজনা আৰু অভিনয় কৰি আহিছে। প্রযোজনা সংস্থাটোৱে বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ আঠখন নাটকৰ এক সমাৰোহ আয়োজন কৰি জীৱিত অৱস্থাতে নাট্যকাৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সেইদৰে, ২০১৩ চনত জে.বি প্ৰডাকচনৰ উদ্যোগত চন্দ্ৰধৰ গোস্বামী নাট সমাৰোহৰ আয়োজন কৰা হয়। ‘জে বি প্ৰডাকচন'ৰ প্ৰযোজনাত ডাঃ বেগমে কেইবাখনো নাটকত দুৰ্দান্ত অভিনয়েৰে নাট্যপ্ৰেমী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰে অন্যতম নাটসমূহ হ’লঃ ‘চিত্রলেখা' (২০০৯), 'অদিতিৰ আত্মকথা’, ‘অন্য এক অধ্যায়’ (২০১০), 'আহাৰ মাহৰ এদিন’, ‘বাদুলী' (২০১১), ‘আ ডল্‌ছ হাউজ’, ‘জনক নন্দিনী’, ‘নাথৱতী অনাথবৎ' (২০১২), 'ব্রকেন ইমেজেজ’, ‘এচেৰেঙা ৰদ' (২০১৩), 'মালঞ্চ' (২০১৪), 'কাঞ্চন' (২০১৫), 'আধে অধুৰে' (২০১৬), ‘লেহৰো কা ৰাজহংস' (২০১৭), ‘একান্ত এনিশা’ (২০২২), ইত্যাদি। 
উল্লেখ্য যে, জাহানাৰা বেগম অভিনীত ‘আধে অধুৰে’ নাটখন ১৯বাৰ মঞ্চস্থ হৈছিল আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰদ্বাৰাও আমন্ত্ৰিত হৈছিল। একেদৰে, ‘লেহৰো কা ৰাজহংস’ ৭বাৰ আৰু ‘মালঞ্চ’ ৬বাৰ মঞ্চস্থ হৈছিল। অষ্টম ৰাষ্ট্ৰীয় থিয়েটাৰ অলিম্পিকত অতিথি অভিনেত্রী হিচাপে অংশ গ্ৰহণ কৰা ডাঃ বেগম বৰ্তমান জাৰ্মান নাট্যকাৰ বাৰ্টল্ট ব্ৰেখট( Bertolt Brecht)ৰ ‘মাদাৰ কাৰেজ’, ইটালীয়ান নাট্যকাৰ ডাৰিঅ’ ফ’(Dario Fo)ৰ ‘এ ৱ’মেন এল’ন’(A woman alone) আৰু মাৰাঠী নাটক ‘ৰক্তপুষ্প'ৰ প্ৰযোজনা কৰি আছে।
নাটকৰ লগতে বিশিষ্ট চিকিৎসকগৰাকীয়ে অসমীয়া চলচ্চিত্ৰতো অভিনয় কৰিছে। গুণ গুণ গানে গানে' (২০০২), ‘কেকটাছ' (২০১৫), সীমা-দ্যা ষ্ট’ৰী আনট’ল্ড' আৰু 'কানীন(২০১৭)নামৰ ছবি কেইখনত ডাঃ বেগমৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিছিল। সীমা-দ্যা ষ্ট’ৰী আনট’ল্ড'ত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ শৈলধৰ বৰুৱা সোঁৱৰণী বঁটাৰ প্রতিযোগিতাত জুৰীৰ বিশেষ বঁটা আৰু প্ৰাগ চিনে এবাৰ্ডত শ্ৰেষ্ঠ সহ-অভিনেত্রীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। জাহানাৰা বেগম অভিনীত 'কানীন' নামৰ ছবিখনে দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ছিলভাৰ কেমেৰা বঁটা লাভ কৰে। 
 
মঞ্চত ডাঃ জাহানাৰা বেগম
 
মনকৰিবলগীয়া যে, মুছলমান পৰিয়াল এটাত জন্ম গ্ৰহণ কৰিলেও তেওঁ অভিনয়ৰ ক্ষেত্ৰত কেতিয়াও কোনো বাধা-নিষেধৰ সন্মুখীন হোৱা নাছিল। শৈশৱৰে পৰা পিতৃ-মাতৃৰ পৰা লাভ কৰিছিল অফুৰন্ত সাহস আৰু প্ৰেৰণা। 
ডঃ জাহানাৰ বেগমে শৈশৱৰ কথা স্মৰণ কৰি এইদৰে কয়, "আমাৰ ঘৰখন আৰু পৰিয়ালটি ৰক্ষণশীল নাছিল। মুছলমান সমাজত কিছুমান লোকে নাচ-গান-অভিনয় আদিক বাধা দিয়ে। অৱশ্যে, শিক্ষাৰ পোহৰে আলোকিত কৰি ৰখা সমাজত এইবোৰ বাধা নিষেধ নাথাকে। মই কোনো বাধাৰ সন্মুখীন হোৱা নাছিলো। বৰঞ্চ মোৰ দেউতা মহবুবৰ ৰহমান মোৰ অভিনয় শিক্ষাৰ গুৰু আছিল। তেওঁ একক অভিনয়ৰ ৰচক আছিল আৰু মঞ্চৰ নাটকৰ নাট্যকাৰ-পৰিচালকো আছিল। মোৰ মাতৃ জ্যোৎস্না ৰহমানেও মোক অফুৰন্ত সাহস আৰু প্ৰেৰণা যোগাইছিল। অৱশ্যে ময়ো অভিনয়ৰ সমান্তৰালকৈ সঠিকভাৱে পঢ়াশুনা আগুৱাই নিছিলো। পঢ়া-শুনাৰ ক্ষেত্ৰত অভিনয়ক কেতিয়াও বাধা হ’বলৈ দিয়া নাছিলো।"  
১৯৮২ চনত বজালীৰ বাঘমাৰা অঞ্চলৰ সু-সন্তান ডাঃ গোপেন্দ্র মোহন দাসৰ সৈতে বিবাহ-পাশত আৱদ্ধ হোৱা ডাঃ জাহানা বেগম তিনিটা পুত্র সন্তানৰ মাতৃ। তেওঁলোক সম্প্ৰতি অসমৰ নাট্য-সংস্কৃতিৰ পীঠস্থান তেজপুৰৰ বাসিন্দা।