বাংলাদেশত শংকৰদেৱ ইনষ্টিটিউট অব্ থটছ ট্ৰাষ্টৰ আধাৰশিলা স্থাপন

Story by  atv | Posted by  [email protected] • 1 Years ago
শংকৰদেৱৰ তিথিত গুৰুজনাক শ্ৰদ্ধা জনাই নাম-প্ৰসংগ (ফাইল ফটো)
শংকৰদেৱৰ তিথিত গুৰুজনাক শ্ৰদ্ধা জনাই নাম-প্ৰসংগ (ফাইল ফটো)

গুৱাহাটী

অসমৰ পঞ্চদশ শতিকাৰ প্ৰখ্যাত ধৰ্ম আৰু সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা শংকৰী সংস্কৃতি আৰু নব্য বৈষ্ণৱ ধৰ্মই বাংলাদেশৰ জনসাধাৰণকো প্ৰভাৱান্বিত কৰিছে।

শংকৰদেৱৰ আদর্শ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে বাংলাদেশত আধাৰশিলা স্থাপন কৰা হৈছে 'শংকৰদেৱ ইনষ্টিটিউট অব থটছ ট্রাষ্ট'ৰ। একশৰণ নামধৰ্ম ব্যাপকভাৱে প্ৰসাৰত ব্ৰতী হৈ এই প্রতিষ্ঠান স্থাপনত আগভাগ লৈছে শংকৰী গৱেষক সুবোধ চন্দ্র দাসে। শংকৰদেৱৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিক লৈ গৱেষণাত নিয়োজিত দাসৰ বিশেষ তৎপৰতাত বুধবাৰে প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰে বাংলাদেশৰসাংসদ শামছন নাহাৰ আৰু অধ্যাপক ৰুমানা আলী এমপিয়ে।

ঢাকাৰ সমীপৰ গাজীপুৰ শ্ৰীপুৰত আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত শ্ৰীপুৰ পৌৰসভাৰ মেয়ৰআনিচুৰৰহমানৰআনিছৰলগতে সাংবাদিক, নাৰী সংগঠনৰ নেত্ৰী, বিশিষ্ট ব্যৱসায়ী আদি উপস্থিত থাকে। অনুষ্ঠানত সভাপতিত্ব কৰে ট্ৰাষ্টৰ সভাপতি তথা গৱেষক আচার্য সুবোধ শাস্ত্রীয়ে।

উল্লেখ্য যে, বাংলাদেশত শংকৰদেৱৰ একশৰণ নামধৰ্মৰ প্ৰতি আকৰ্ষিত অনুগামীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। দেশখনৰ ভিন্ন প্ৰান্তত গুৰুজনাৰ সাহিত্য-সংস্কৃতিৰ চৰ্চা হৈছে। মনকৰিবলগীয়া বিষয়টো হ’ল যে এই চৰ্চা কেৱল হিন্দু সমাজৰ মাজতে নহয়, মুছলমান সম্প্ৰদায়ৰ মাজতো বৃদ্ধি পাইছে।

নিজে অসমীয়া নহয় যদিও শংকৰী গৱেষক সুবোধ চন্দ্র দাসে শংকৰদেৱৰ নামধৰ্মক লৈচাৰিখনকৈ গ্ৰন্থ ৰচনা কৰিছে। অসমীয়া নোহোৱা স্বত্বেও তেওঁবৈষ্ণৱ ধর্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কামত নিজকে নিয়োজিত কৰি এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰয়াত পিতৃ বৈষ্ণব আদৰ্শৰ অনুগামী আছিল বাবে দাস শংকৰদেৱৰ প্ৰতি আকৰ্ষিত হয়।