দিল্লীৰ মোগল গাৰ্ডেনৰ নাম ‘অমৃত উদ্যান’ কৰিলে চৰকাৰে

Story by  atv | Posted by  [email protected] • 1 Years ago
দিল্লীৰ মোগল গাৰ্ডেনৰ নাম ‘অমৃত উদ্যান’ কৰিলে চৰকাৰে
দিল্লীৰ মোগল গাৰ্ডেনৰ নাম ‘অমৃত উদ্যান’ কৰিলে চৰকাৰে
নতুন দিল্লী

"আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত থকা বাগিচাখনৰ নাম সলনি কৰা হৈছে। ৰাষ্ট্ৰপতিৰ উপ প্ৰেছ সচিব নৱিকা গুপ্তাই কয় যে স্বাধীনতাৰ ৭৫ বছৰ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাক 'অমৃত উদ্যান' বুলি এক উমৈহতীয়া নাম দিয়া হৈছে।
 
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত মোগল আৰু পাৰ্চী বাগিচাৰ পৰা অনুপ্ৰাণিত তিনিখন বাগিচা আছে। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ একে নামৰ বাগিচাখনৰ পৰা অনুপ্ৰাণিত হোৱাখনক জনসাধাৰণ আৰু কৰ্তৃপক্ষই জনপ্ৰিয়ভাৱে "মোগল গাৰ্ডেন" বুলি কৈ আহিছিল। কিন্তু বাগিচাখনক আনুষ্ঠানিকভাৱে কেতিয়াও "মোগল গাৰ্ডেন" নামেৰে নামাকৰণ কৰা হোৱা নাছিল।
১৫ একৰ মাটিত বিস্তৃত অমৃত উদ্যানক প্ৰায়ে ৰাষ্ট্ৰপতি ভৱনৰ আত্মা হিচাপে গণ্য কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি জম্মু-কাশ্মীৰৰ মোগল গাৰেডন, তাজমহলৰ আশে-পাশে থকা বাগিচা আৰু আনকি ভাৰত আৰু পাৰস্যৰ ক্ষুদ্ৰ চিত্ৰৰ পৰাও অমৃত উদ্যনে প্ৰেৰণা লাভ কৰে।
 
২৯ জানুৱাৰী দেওবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অমৃত উদ্যান উদ্বোধন কৰিব। ৩১ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ দুমাহৰ বাবে জনসাধাৰণৰ বাবে এই উদ্যান মুকলি থাকিব। সাধাৰণতে বাগিচাখন ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে এমাহৰ বাবে ৰাজহুৱা দৰ্শনৰ বাবে মুকলি কৰা হৈছিল।