পবিত্ৰ অৱশিষ্ট থকা হজৰতবাল দৰগাহৰ এক হুলস্থুলীয়া ইতিহাস আছে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
হজৰতবল দৰগাহৰ প্ৰৱেশদ্বাৰৰ দৃশ্য
হজৰতবল দৰগাহৰ প্ৰৱেশদ্বাৰৰ দৃশ্য
এহছান ফাজিলি/শ্ৰীনগৰ
 
দেওবাৰে ঈদ-ই-মিলাদ উন নবী উপলক্ষে দাল হ্ৰদৰ পাৰৰ হজৰতবাল দৰগাহত এক লাখৰো অধিক ভক্তই প্ৰাৰ্থনাৰ বাবে আৰু বিশেষকৈ হজৰত মহম্মদৰ জন্মবাৰ্ষিকীত তেওঁৰ অৱশিষ্ট পবিত্ৰ ময়-ই-মুক্কাদাছৰ দীদাৰ (দৃশ্য)ৰ বাবে একত্ৰিত হয়।
 
শনিবাৰে মীলাদ শ্বব আৰু গভীৰ নিশাৰ নমাজৰ বাবে বৃহৎ সংখ্যক ভক্তই দৰগাহত সময় কটায়। দেওবাৰে মুছলমানসকলে পাঁচবাৰকৈ জামাত নামাজ আগবঢ়াব। চাৰিজন খলিফাৰ মেৰাজ-ই-আলম আৰু উৰুশ উপলক্ষেও এই পবিত্ৰ অৱশিষ্ট প্ৰদৰ্শিত হয়।
কাঁচৰ কেচত ৰখা পবিত্ৰ অৱশিষ্ট – নবীৰ চুলি এটুকুৰা – বৃহস্পতিবাৰে নিশা আৰু মিলাদৰ পিছত শুকুৰবাৰে ডিডাৰৰ বাবেও প্ৰদৰ্শন কৰা হ’ব। শেহতীয়াকৈ ক’ভিড প্ৰট’কলৰ বাবে বৃহস্পতিবাৰ-শুকুৰবাৰে নিশাৰ প্ৰাৰ্থনাৰ ওপৰত কৰ্তৃপক্ষই নিষেধাজ্ঞা উঠাই দিছে।
ৰাজনৈতিক কাৰণ আৰু ক’ভিডৰ বাবে তিনি বছৰৰ নিষেধাজ্ঞাৰ পিছতহে হজৰতবালে ভক্তৰ প্ৰাৰ্থনা অনুষ্ঠিত হৈছে। তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে সকলো ব্যৱস্থা কৰা হৈছে বুলি জে এণ্ড কে ৱাকফ ব’ৰ্ডেৰ ড০ দাৰাখচান আন্দ্ৰাবিয়ে জানিবলৈ দিয়ে। এই উপলক্ষে ৱাকফ ব’ৰ্ডে মহানগৰীত শোভাযাত্ৰা উলিয়ায়।
 
ঈদ-ই-মিলাদ-উন-নবীৰ বাবে সজ্জিত হজৰতবল দৰগাহ
 
ৱাকফ ব’ৰ্ডৰ প্ৰশাসক ফয়াজ আহমদ ভাটে কয় যে, “পানী, বিদ্যুৎ, অনাময় ব্যৱস্থাকে ধৰি সুবিধা প্ৰদান কৰা হৈছে, আনহাতে গৰম আৰু ঠাণ্ডা পানীৰে ২৫২ টা ৱাশ্বৰুম” স্থাপন কৰা হৈছে। মহানগৰীৰ মাজমজিয়াৰ পৰা হজৰতবাল দৰগাহলৈ অহা-যোৱা কৰা যান-বাহন সুকলমে চলাচল কৰাৰ বাবেও যান-বাহন আৰক্ষীয়ে এক পৰিকল্পনা জাৰি কৰিছেদয়া
এই অৱশিষ্টটোৰ এক আকৰ্ষণীয় ইতিহাস আছে; ইয়াক চৌদি আৰৱৰ পবিত্ৰ চহৰ মদিনাৰ পৰা নবীৰ বংশধৰ চৈয়দ আব্দুল্লা মাদানীয়ে আনিছিল আৰু ১৬৩৫ চনত মোগলৰ শাসনৰ সময়ত কৰ্ণাটকৰ বিজাপুৰত বসতি স্থাপন কৰিছিল।
মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চৈয়দ হামিদে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে এই অৱশিষ্ট। মোগলে অঞ্চলটো জয় কৰাৰ পিছত আৰু তেওঁলোকে চৈয়দ হামিদৰ বাগিচাসমূহ কাঢ়ি নিয়াৰ পিছত তেওঁ এই অৱশিষ্টটো কাশ্মীৰৰ এজন আগশাৰীৰ ব্যৱসায়ী খোৱাজা নুৰুদ্দিন ইছবাৰীক অৰ্পণ কৰে।
 
ভক্তসকলে হজৰতবল দৰগাহত নামাজ পঢ়াৰ এক দৃশ্য। ফাইল ফটো
 
কিন্তু সম্ৰাট ঔৰংজেবে এই বিষয়ে জানিব পাৰি জব্দ কৰে। ৰাজস্থানৰ আজমেৰস্থিত মইনুদ্দিন চিষ্টিৰ দৰগাহলৈ পঠিয়াইছিল। ৯ দিনৰ ভিতৰতে তেওঁ মন সলনি কৰি সেই অৱশিষ্টটো ইছবাৰীলৈ ঘূৰাই দিলে।
ইয়াৰ মাজতে কাৰাগাৰত বন্দী হৈ থকা ইছবাৰীৰ মৃত্যু হৈছিল। ১৭০০ চনত ইছবাৰীৰ মৃতদেহৰ সৈতে কাশ্মীৰলৈ অনা হৈছিল এই অৱশিষ্ট। ঈশবাৰীৰ জীয়ৰী ইনায়াত বেগম অৱশিষ্টটোৰ ৰক্ষক হৈছিল। তেওঁ প্ৰথমে খোৱাজা বাহা-উদ-দিন নাকষবন্দীৰ দৰগাহত ৰাখিছিল আৰু পিছলৈ হজৰতবাললৈ স্থানান্তৰিত হৈছিল।
এই অৱশিষ্টটো কাশ্মীৰলৈ অনাৰ পাছৰে পৰা বান্দায় পৰিয়াল নামেৰে জনাজাত ইনায়াত বেগমৰ পুৰুষ বংশধৰসকলেই এই অৱশিষ্টৰ ৰক্ষক।
 
১৯৬৮ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত জে এণ্ড কে মুছলিম ঔকাফ ট্ৰাষ্টৰ শ্বেইখ মহম্মদ আব্দুল্লাহৰ তত্বাৱধানত হজৰতবাল দৰগাহৰ বৰ্তমানৰ গঠন নিৰ্মাণ কৰা হৈছিল।
 
ঈদ-ই-মিলাদ-উন-নবীৰ দিনা এজন ধৰ্মগুৰুয়ে পবিত্ৰ অৱশিষ্ট দেখুৱাইছে। ফাইল ফটো
 
কাশ্মীৰৰ আটাইতকৈ শ্ৰদ্ধাৰ দৰগাহ হোৱাৰ উপৰিও হজৰতবলক নেচোনেল কনফাৰেন্সে ৰাজনৈতিক লাভৰ বাবেও ব্যৱহাৰ কৰিছিল।
১৯৬৩ চনৰ ২৭ ডিচেম্বৰৰ ৰাতিপুৱা হজৰতবাল দৰগাহৰ পৰা মই-ই-মুক্কাদাছ নিৰুদ্দেশ হোৱাৰ চাঞ্চল্যকৰ খবৰ পাই কাশ্মীৰৰ ৰাইজে। “এই আচৰিত খবৰটোৱে মানুহৰ মাজত ব্যাপক শোক আৰু যন্ত্ৰণাৰ সৃষ্টি কৰিলে। অতি কম সময়তে লাখ লাখ লোক খালী ভৰিৰে, খালী মূৰত, কান্দি আৰু শোকত ভাগি পৰি ৰাজপথলৈ ওলাই আহিল। ময়-ই-ৰসুল-ই-পাক কো ৱাপাছ কাৰো এ জালিমো শ্লোগান চিঞৰিবলৈ ধৰিলে আৰু ‘আল্লাহু-আকবৰ (আল্লাহ মহান) আৰু ইয়া ৰছুল আল্লাহ (হে, আল্লাহৰ ৰাছুল) চিঞৰিছিল,” কাশ্মীৰৰ খালিদ বছিৰ অটৰে 'Kashmir: Exposing the Myth behind narrative' শীৰ্ষক এটা লেখাত লিখিছে।
অসাধাৰণ পৰিস্থিতি চম্ভালিবলৈ ৰাজ্য চৰকাৰক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কেইবাজনো নেতা আৰু বিষয়াক নিযুক্তি দিয়ে।
 
৯০ ৰ দশকৰ আৰম্ভণিতে হজৰতবল দৰগাহত জেকেএলএফ উগ্ৰপন্থী। ফাইল ফটো
 
ইয়াৰ এসপ্তাহতকৈও অধিক সময়ৰ পাছত ১৯৬৪ চনৰ ৪ জানুৱাৰীত ঘোষণা কৰা হয় যে পবিত্ৰ অৱশিষ্টটো উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ প্ৰামাণ্যতা যত্ন লোৱাসকলে পৰীক্ষা কৰিছে। তথাপিও পুৰণি কালৰ মানুহে মনত পেলাইছে যে উপত্যকাটোত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ এমাহতকৈও অধিক সময় লাগিছিল। আধ্যাত্মিক ব্যক্তিত্ব, চৈয়দ মীৰক শ্বাহ কাছানীৰ নেতৃত্বত নেতাৰ এটা দলে পুনৰুদ্ধাৰ কৰা অৱশিষ্টটোৰ প্ৰামাণ্যতাৰ প্ৰমাণ দিহে শান্তি পুনৰুদ্ধাৰ কৰা হয়।
 
১৯৯৩ চনৰ ১৪ অক্টোবৰত শেহতীয়া পৰ্যায়ৰ বিদ্ৰোহৰ সময়ত নিৰাপত্তা বাহিনীয়ে ৬০ জনতকৈ অধিক উগ্ৰপন্থী আৰু পণবন্দী আৱদ্ধ হৈ থকা দৰগাহটোৰ চাৰিওফালে ঘেৰাও কৰে। ৩২ দিনৰ পিছত উগ্ৰপন্থী আৰু চৰকাৰৰ মাজত হোৱা চুক্তিৰ পিছত এই ঘেৰাওৰ অন্ত পৰে।
 
তিনি বছৰৰ পাছত ২২ জন জে কে এল এফৰ সন্ত্ৰাসবাদীয়ে পুনৰ দৰগাহত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে ওচৰতে হোৱা এক এনকাউণ্টাৰত নিহত হয়। আৰক্ষীৰ মতে ১৯৯৩ চনত দৰগাহৰ পৰা উচ্ছেদ কৰা জে কে এল এফৰ বিদ্ৰোহীসকলে ওচৰতে মুখ্য কাৰ্যালয় বনাইছিল আৰু তেওঁলোকে আকৌ এবাৰ দৰগাহটো দখল কৰাৰ পৰিকল্পনা কৰিছিল।