১৫০ বছৰ সম্পূৰ্ণ ঐতিহাসিক ন' মছজিদৰ; হিন্দু-মুছলমান উভয়ে উদযাপন কৰে বাৰ্ষিকী

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ন' মছজিদৰ এটা দৃশ্য
ন' মছজিদৰ এটা দৃশ্য
স্মিতা ভট্টাচাৰ্য/যোৰহাট

পূৱ অসমৰ যোৰহাট জিলাত অৱস্থিত ঐতিহাসিক ন' মছজিদে  ইয়াৰ অস্তিত্বৰ ১৫০ বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে বিভিন্ন ধৰ্মাৱলম্বী লোক সকলে বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। 
 
শতিকা পুৰণি মছজিদটোৰ চৌহদত বাহাদুৰ গাঁওবুঢ়া নামৰ এগৰাকী স্বাধীনতা সংগ্ৰামীৰ অৱশেষ থকাৰ লগতে বহু কবৰ আছে। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ সৈতে বাহাদুৰ গাঁওবুঢ়াই ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। দেৱান আৰু বৰুৱাৰ সৈতে বাহাদুৰ গাঁওবুঢ়াও  দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত হৈছিল। ১৮৫৮ চনত ব্ৰিটিছৰ দ্বাৰা হোৱা বিচাৰত দেৱান আৰু বৰুৱাক যোৰহাটৰ ফাঁচী আলী ৰোডত ফাঁচী দিয়া হৈছিল আৰু বাহাদুৰ গাওঁবুঢ়াক (বাহাদিল তেওঁৰ প্ৰকৃত নাম) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজীৱন কাৰাদণ্ডত ৰখা হৈছিল। 
 
ইয়াৰ আগতে ব্ৰিটিছে বাহাদুৰ গাঁওবুঢ়াক যোৰহাট আৰু তিতাবৰ গাঁওৰ মুৰব্বী হিচাপে নিযুক্তি দিছিল আৰু তেওঁৰ সাহসৰ বাবেই তেওঁ বাহাদুৰ নামেৰে জনপ্ৰিয় আছিল।   বাহাদুৰৰ জন্ম ১৮১৯ চনত হৈছিল আৰু ১৮৯১ চনত কালিয়াপানীৰ পৰা উভতি অহাৰ পিছত তিতাবৰৰ দাফ্লেটিংৰ  তেওঁৰ পুত্ৰৰ বাসগৃহত (বৰ্তমান যোৰহাটৰ এটা মহুকুমা) মৃত্যু হয়। যোৰহাট জিলাৰ নিউ বালিবাটত সমাধিস্থ কৰা হৈছিল। 
 

 

মুখ্য অতিথি ইউএছটিএমৰ আচাৰ্য মাহবুবুল হকে সভাখন সম্বোধন কৰিছে
'ন'-মছজিদ' নামটো প্ৰায়ে নতুন (ন') বুলি ভুল কৰা হয় কিয়নো এইটো যোৰহাট জিলাৰ পুৰণি বালিবাটত অৱস্থিত মছজিদটোতকৈ পিছত নিৰ্মাণ কৰা হৈছিল। আচলতে ইয়াত ন' শব্দটোৰ অৰ্থ হৈছে ন'টা। অৰ্থাৎ ১৮৭১ চনত এই মছজিদৰ নিৰ্মাণৰ সময়ত সম্প্ৰদায়ৰ ৯ জন ব্যক্তি একত্ৰিত হৈছিল। ন'জন লোক আছিল ড৹ আমজাদ হুছেইন, ফৈজু ৰহমান, হাজী জালালুদ্দিন, আহমেদ আলী, মহম্মদ শ্বাহ, সমাদাৰ, আজিমুদ্দিন আহমেদ, চিৰাজুদ্দিন আহমেদ আৰু কামপুৰ চৰ্দাৰ। মছজিদৰ মাটিখিনি পোহৰৰ আছিল। তেওঁৰ কোনো সন্তান নাছিল আৰু মাটি দান কৰাৰ পিছত পত্নীৰ সৈতে মক্কালৈ গৈছিল, য'ত তেওঁ বসতি স্থাপন কৰিছিল আৰু তাতেই মৃত্যু হোৱা বুলি কোৱা হয়। 
ন' মছজিদটো প্ৰথমতে বাঁহেৰে তৈয়াৰ কৰা হৈছিল। পিছলৈ পকীকৈ নিৰ্মাণ কৰা হৈছিল। ১৯৩৫-৩৬ চনত পকী দেৱাল নির্মাণ কৰা হৈছিল। চৌহদটোত এটা পুখুৰীও আছে য'ত বিভিন্ন ধৰণৰ মাছ আছে। মুছলমান আৰু অনা মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলে বৰ্তমান মছজিদৰ ১৫০ তম বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। শেহতীয়াকৈ ন' মছজিদত আয়োজিত এক অনুষ্ঠানত বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সভাপতি সিদ্ধাৰ্থ বৰাই চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটো আবৃত্তি কৰে। একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ(ইউ এছ টি এম)  উপাচাৰ্য আৰু শিক্ষা গৱেষণা আৰু উন্নয়ন ফাউণ্ডেচনৰ (ই আৰ ডি এফ) অধ্যক্ষ মাহবুবুল হকে শিক্ষাক সৱলীকৰণৰ মাধ্যম বুলি জোৰ দি কয়। তেওঁ সাধাৰণতে মুছলমান সম্প্ৰদায়ক শিক্ষা আহৰণ কৰিবলৈ আৰু সেৱা গ্ৰহণকাৰীৰ পৰিবৰ্তে সেৱা প্ৰদানকাৰী হ'বলৈ আহ্বান জনায়। 
 

 

সভাত এখন স্মাৰক মুকলি কৰা হৈছে
মাহবুবুল হকে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পুনৰ কয়: "আমি এনে এক সময়ত বসবাস কৰি আছোঁ য'ত আমাৰ সম্প্ৰদায়ৰ সকলোকে জ্ঞানৰ দিশে আগবঢ়াই দিয়াটো আমাৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিছে। আমাৰ সমাজত চিকিৎসা বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰত সফলতা অৰ্জন কৰা কেইগৰাকীমান আছে। আমি প্ৰতিটো ক্ষেত্ৰতে সফল হোৱা উচিত, যাতে সমাজে আমাক উপেক্ষা নকৰে।" 
উচ্চ শিক্ষা প্ৰদানৰ বাবে অসম আৰু মেঘালয় দুয়োখন ঠাইতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰা হকে কয় যে মুছলমান সম্প্ৰদায়ে খ্ৰীষ্টান মিছনাৰী আৰু তেওঁলোকৰ শিক্ষা বিস্তাৰৰ উপায় অনুসৰণ কৰা উচিত।
 

 

মছজিদৰ ভিতৰত স্বাধীনতা সংগ্ৰামী বাহাদুৰ গাঁওবুঢ়াৰ কবৰ
হকে পুনৰ কয়: "খ্ৰীষ্টান মিছনাৰীসকলে মানদণ্ডৰ শিক্ষা প্ৰদানৰ বাবে সমগ্ৰ বিশ্বতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয়। উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ প্ৰসিদ্ধ শিক্ষানুষ্ঠান যেনে ডন বস্কো স্কুল, ছেইণ্ট মেৰী স্কুল খ্ৰীষ্টান মিছনেৰীসকলে স্থাপন কৰিছে। তেওঁলোকে খ্ৰীষ্টান ধৰ্মক ধৰ্মৰ পৰা সেৱালৈ ৰূপান্তৰিত কৰিছে। আমি মুছলমান সকলে কিয় এইটো কৰিব নোৱাৰো? মানদণ্ডৰ শিক্ষাই মানদণ্ড থকা মানৱ সম্পদ প্ৰস্তুত কৰিব। মানদণ্ডৰ জনশক্তিয়ে সহজে চাকৰি বিচাৰি পাব পাৰে আৰু আনকি আনৰ বাবে নিযুক্তিও সৃষ্টি কৰিব পাৰিব।" তেওঁ ন' মছজিদৰ ১৫০ তম বাৰ্ষিকী অনুষ্ঠান উপলক্ষে 'তৰঙ্গা' নামৰ এখন স্মৰণিকাও মুকলি কৰে।
 
শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড৹ মনিৰুল হুছেইনে মছজিদত অসমত মুছলমানৰ আগমন সন্দৰ্ভত এক আকৰ্ষণীয় ভাষণ প্ৰদান কৰে। তেওঁ মুছলমান সম্প্ৰদায়ক শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ প্ৰয়োজনতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ১৫০ বছৰীয়া ন' মছজিদ আয়োজক সমিতিৰ অধ্যক্ষ তৌফিকুল হুছেইনে কয় যে মছজিদৰ চৌহদত শেহতীয়াকৈ নিৰ্মাণ কৰা এটা পুথিভঁৰালো আছে। তেওঁ কয় যে পুথিভঁৰালটোত ইছলামিক কিতাপৰ উপৰিও অন্য বিষয়ৰো কিতাপ ৰখা হৈছে যাতে মানুহে আহি পুথিভঁৰালত নিজৰ পছন্দৰ কিতাপ পঢ়িব পাৰে। হুছেইনে শেষত কয় যে অসমত হিন্দু মুছলমানৰ ঐক্যৰ গৌৰৱময় পৰম্পৰাৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ অনাগত দিনত আৰু বহু অনুষ্ঠান আয়োজন কৰা হ'ব।