দেশী-বিদেশী দৰ্শনাৰ্থীয়ে ভিৰ কৰা লখিমপুৰৰ ডেকা ফকীৰ মাজাৰ শ্বৰীফ

Story by  atv | Posted by  Munni Begum • 2 Years ago
ডেকা ফকীৰ মাজাৰ শ্বৰীফৰ মুখ্য দুৱাৰ
ডেকা ফকীৰ মাজাৰ শ্বৰীফৰ মুখ্য দুৱাৰ
জীৱন গোস্বামী / লখিমপুৰ
 
হিন্দু মুছলমানৰ গভীৰ আস্থাৰ প্ৰতীক লখিমপুৰৰ ডেকা ফকীৰ মাজাৰ শ্বৰীফ। এই পবিত্র স্থানত যুগ যুগ ধৰি হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে অদৃশ্যজনৰ ওচৰত আশীষ কামনা কৰি আহিছে। সকলোৰে উপাসনা পদ্ধতি পৃথক হলেও স্থান একেটাই। হিন্দু মুছলমানৰ একতা, সম্প্ৰীতি আৰু সমন্বয়ৰ  নজহা নপমা নিৰ্দশনেৰে বান্ধি ৰখা এই পবিত্র স্থান ডেকা ফকীৰ মাজাৰ শ্বৰীফ লখিমপুৰ নগৰৰ পৰা কেই কিলোমিটাৰমান নিলগৰ বিলতীয়াত অৱস্থিত। 
 
নিৰিবিলি পৰিৱেশ আৰু নৈসর্গিক প্ৰাকৃতিক শোভাৰ মাজত সম্প্ৰীতিৰ মিলন ক্ষেত্র হিচাপে পৰিগণিত ডেকা ফকীৰ মাজাৰ শ্বৰীফৰ ইতিহাস সম্পর্কে বহু অলৌকিকতা ভৰা কাহিনী আছে। বৰ্তমান এই মাজাৰ শ্বৰীফৰ খাদিমৰ দায়িত্বত আছে ৮২ বছৰীয়া মহম্মদ নজিৰ উল্লা। 
তেওঁ ডেকা ফকীৰ মাজাৰ শ্বৰীফ সন্দৰ্ভত প্ৰচলিত ঐতিহাসিক কাহিনীৰ বিষয়ে এইদৰে কয়, "আজান ফকীৰৰ লগত সুদুৰ বাগদাদৰ পৰা আহিছিল ডেকা ফকীৰ। ডেকা ফকীৰে লখিমপুৰৰ বিলতীয়াৰ সমীপত থাকিবলৈ লয়। জনবসতি সেৰেঙা হলেও দুই এজন লোকে ডেকা ফকীৰৰ কেতবোৰ অলৌকিক কৰ্মকাণ্ড প্ৰত্যক্ষ কৰিছিল। ডেকা ফকীৰে পেটৰ নাড়ীভুৰু উলিয়াই চাফা কৰি পুনৰ সুমুৱাই থোৱাৰ দৰে আচৰিত কাণ্ডৰ কথাও প্ৰচাৰ হৈছিল তেতিয়াৰ দিনত।"
ডেকা ফকীৰৰ মৃত্যুৰ কাহিনীও অলৌকিকতাৰে ভৰা বুলি খাদিম নজিৰ উল্লাই উল্লেখ কৰে। তেওঁ কয়-“ডেকা ফকীৰৰ থকা ঠাইৰ সামান্য নিলগতে চৌদিশে দলনী পথাৰৰ মাজত জংঘলেৰে আৱৰা এটা স্থানত আছিল এটা জুপুৰি। এই জুপুৰিতে আহি মৃত্যু হয় ডেকা ফকীৰৰ। সমীপৰ ৰাইজে তাতেই ডেকা ফকীৰক কবৰ দিয়ে। কিন্তু তাৰ কেইদিন মানৰ পাছত মূগাৰ সঁচ আনিবলৈ কোনো দূৰণিৰ স্থানলৈ যোৱা সেই অঞ্চলৰ কেইজনমান লোকে ডেকা ফকীৰক পথত লগ পায়। তেওঁলোকে কিন্তু ডেকা ফকীৰৰ মৃত্যু হোৱাৰ কথা জনা নাছিল। ডেকা ফকীৰৰ সৈতে বাৰ্তালাপ কৰি যেতিয়া সেই লোককেইজন অঞ্চলটোলৈ ঘুৰি আহে, তেতিয়া ডেকা ফকীৰৰ মৃত্যু সম্পৰ্কত তেওঁলোকৰ মনত বিভ্রান্তিৰ সৃষ্টি হয়। ডেকা ফকীৰৰ মৃত্যু হোৱাৰ পাছত জীৱন্ত অৱস্থাত পুনৰ দেখিবলৈ পোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
 
খাদিম নজিৰ উল্লা আৰু ডেকা ফকীৰ মাজাৰ শ্বৰীফৰ এখন ফলক
 
এই সন্দৰ্ভত খাদিম নজিৰ উল্লাই কয়, "তেতিয়া এই সন্দেহ দূৰ কৰিবলৈ ৰাইজে পুনৰ কবৰটো খান্দি চায় আৰু সকলোকে আচৰিত কৰি কবৰৰ ভিতৰত ডেকা ফকীৰৰ কাপোৰ আৰু এটা আঙুলিৰ বাহিৰে একো নাছিল। তেতিয়াৰ পৰা এই কবৰ থকা স্থানক পবিত্র গণ্য কৰি ৰাইজে উপাসনাৰ স্থানলৈ পৰিণত কৰে। কালক্রমত এই স্থানতে গঢ় লৈ উঠে ডেকা ফকীৰৰ মাঝাৰ শ্বৰীফ।"  
উল্লেখ্য যে, কেৱল মুছলমান সকলেই নহয়, হিন্দুসকলেও এই মাজাৰ শ্বৰীফক পবিত্র গণ্য কৰি উপাসনা কৰি আহিছে। মাজাৰ শ্বৰীফত প্ৰাৰ্থনা জনালে মনৰ আশা পূৰণ হয় বুলি জনবিশ্বাস আছে। যাৰ বাবে এই ডেকা ফকীৰৰ মাজাৰ শ্বৰীফত হিন্দুৱে হিন্দুৰ পদ্ধতিৰে আৰু মুছলমানে মুছলমানৰ পদ্ধতিৰে যুগ যুগ ধৰি উপাসনা কৰি আহিছে। 
খাদিম নজিৰ উল্লাই আৰু কয়, "ডেকা ফকীৰৰ মাজাৰ শ্বৰীফলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনেক লোকৰ সমাগম ঘটে। নিতৌ ২০০-৩০০ৰ পৰা হাজাৰ পৰ্যন্ত লোকে এই পবিত্ৰ স্থানত ভিৰ কৰে। তদুপৰি, কেতিয়াবা কেতিয়াবা বিহাৰ, পঞ্জাব, ৰাজস্থান, কলকতা, দিল্লী, গুজৰাট, মুম্বাই, আদিৰ লগতে বাংলাদেশৰ দৰ্শনাৰ্থীয়েও ডেকা ফকীৰৰ মাজাৰত প্ৰাৰ্থনা জনাবলৈ আহে।" 
 
ডেকা ফকীৰ মাজাৰ শ্বৰীফৰ ভিতৰ ভাগ
 
ডেকা ফকীৰৰ মাজাৰ শ্বৰীফৰ উন্নতি সাধনত স্থানীয় লোকৰ সহায়-সহযোগিতা এক উল্লেখনীয় দিশ হিচাপে চিহ্নিত হৈছে। বৰ্তমানৰ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল সাংসদ হৈ থকা সময়ত সাংসদ পূজিৰ পৰা এই মাজাৰ শ্বৰীফলৈ অনুদান আগবঢ়াইছিল।