আকবৰে কেতিয়াও নতুন ধৰ্ম আৰম্ভ কৰাৰ চেষ্টা কৰা নাছিল; মোগল সম্ৰাটক লৈ নাছিৰুদ্দিন শ্বাহৰ নতুন দাবী

Story by  atv | Posted by  [email protected] • 1 Years ago
নাছিৰুদ্দিন শ্বাহ আৰু মোগল সম্ৰাট আকবৰ
নাছিৰুদ্দিন শ্বাহ আৰু মোগল সম্ৰাট আকবৰ

মুম্বাই

মোগল সম্ৰাট আকবৰক লৈ বলিউদৰ জনপ্ৰিয় অভিনেতা নাছিৰুদ্দিন শ্বাহে আন এক নতুন দাবী কৰিছে। কিছুদিন পূৰ্বে আকবৰক প্ৰশংসাৰে উপচাই বিতৰ্কৰ মাজলৈ অহা বৰ্ষীয়ান অভিনেতাজনে এইবাৰ কৈছে যে মোগল সম্ৰাটে কেতিয়াও 'দীন-ই-ইলাহী' নামৰ নতুন ধৰ্ম আৰম্ভ কৰাৰ চেষ্টা কৰা নাছিল।
 
উল্লেখ্য যে, জি-৫ত অহা ৩ মাৰ্চৰ পৰা সম্প্ৰচাৰ হ'বলগীয়া ‘তাজ-ডিভাইড বাই ব্লাড’ নামৰ এখন ফেমিলী ড্ৰামা ছিৰিজত নাছিৰুদ্দিন শ্বাহে মোগল সম্ৰাট আকবৰৰ চৰিত্ৰত অভিনয় কৰিছে। অভিনেতাগৰাকীয়ে কয় যে এই ধাৰাবাহিকখনত অভিনয় কৰাৰ পিছত আকবৰক লৈ তেওঁৰ ধাৰণা সলনি হৈছে। 
 
নাছিৰুদ্দিনৰ মতে আকবৰক লৈ বহু ভুল তথ্য বিয়পি আছে, ইয়াৰে এটা হ’ল তেওঁ ইছলামৰ বাহিৰত নিজৰ এক নতুন ধৰ্ম ‘দীন-ই-ইলাহী’ প্ৰৱৰ্তন কৰিছিল। অভিনেতাগৰাকীয়ে কয় যে তেওঁ ইতিহাসবিদসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিছে, আৰু সকলোৱে এই দাবী “মিছা” আৰু “মনে সজা” আখ্যা দিছে।
 
উল্লেখ্য যে, ৰ’নাল্ড স্কেলপেলৰ পৰিচালনাত নিৰ্মিত ধাৰাবাহিকখনত নাছিৰুদ্দিন শ্বাহে আকবৰৰ চৰিত্ৰ ৰূপায়ন কৰাৰ উপৰি সন্ধ্যা মৃদুলে যোধাবাই, অসীম গুলাতীয়ে শ্বাহজাদা চেলিম, তাহা শ্বাহে শ্বাহজাদা মুৰাদৰ চৰিত্ৰত অভিনয় কৰিছে। একেদৰে, অদিতি ৰাও হাইদাৰীক অনৰ্কালী আৰু ধৰ্মেন্দ্ৰক চেলিম চিষ্টিৰ চৰিত্ৰত দেখা যাব।
 
‘তাজ-ডিভাইড বাই ব্লাড’ নামৰ ধাৰাবাহিকত নাছিৰুদ্দিন শ্বাহ
 
নাছিৰুদ্দিন শ্বাহে এক সাক্ষাৎকাৰত কয়, ‘মই ইতিহাসবিদৰ সৈতে আলোচনা কৰি জানিব পাৰিছো যে আকবৰে কেতিয়াও নতুন ধৰ্মৰ প্ৰৱৰ্তনৰ চেষ্টা কৰা নাছিল। যদিও আমি পঢ়া ইতিহাসৰ কিতাপবোৰত সেই ধৰ্মক দীন-ই-ইলাহি বুলি কোৱা হয়, প্ৰকৃতাৰ্থত সেয়া সত্য নহয়। আচল সত্যটো হ’ল দীন-ই-ইলাহী শব্দটো আকবৰে নিজে কেতিয়াও উচ্চাৰণ কৰা নাছিল। ৱাদাত-ই-ইলাহি, যাৰ অৰ্থ হৈছে সৰ্বশক্তিমান এক আৰু অনন্য। যাৰ অৰ্থ আপুনি যাকে পূজা নকৰক কিয়, আপুনি সৰ্বশক্তিমানকে পূজা কৰি আছে। আপুনি এটা শিলত অথবা ক্ৰুচত পূজা কৰিব পাৰে বা আপুনি কাবাত শিৰ নত কৰিব পাৰে। কিন্তু আচলতে আপুনি এজন সৰ্বশক্তিমানকে প্ৰাৰ্থনা কৰি আছে। সেইটোৱেই আছিল তেওঁৰ বিশ্বাস, মই সেইটোৱেই বিচাৰি পাইছিলোঁ'।
 
নাছিৰুদ্দিনৰ মতে এই ভুল তথ্যৰ শিপা মোগল যুগতে আৰম্ভ হৈছিল। আকবৰৰ জীৱনীকাৰ আবুল ফজলে আকবৰক কিবা কথাত ভাল পোৱা নাছিল, সেয়ে তেওঁ ‘দীন-ই-ইলাহী’ শব্দটো আকবৰৰ জীৱনীত সংযোগ কৰিলে। নাছিৰুদ্দিনে কয় যে, “মই মোৰ গৱেষণাৰ বিষয়ে শ্ব’টোৰ প্ৰযোজকসকলৰ সৈতে আলোচনা কৰিছিলো, সৌভাগ্যক্ৰমে তেওঁলোকে মোৰ আপত্তি মানি লৈছে।”
তেওঁ কয় যে আকবৰ সকলো দিশতে মোগল সাম্ৰাজ্যৰ অন্যান্য ৰজাতকৈ আগত আছিল। তেওঁৰ উদাৰ মানসিকতা, আন ধৰ্মৰ প্ৰতি সহনশীলতা, বিশেষকৈ আধুনিক চিন্তাধাৰা কেতিয়াও কাৰো মাজত দেখা পোৱা নগৈছিল। কিন্তু তেওঁৰ চিন্তাধাৰাক বাৰে বাৰে ভুল ব্যাখ্যা কৰা হৈছে। আকবৰৰ এইবোৰ দিশ ধাৰাবাহিকখনত ওলাই পৰিব।
 
ইয়াৰ পূৰ্বে ‘তাজ: ডিভাইড বাই ব্লাড’ ছিৰিজৰ প্ৰচাৰৰ সময়ত নাছিৰুদ্দিন শ্বাহে কৈছিল যে শেহতীয়াকৈ ভাৰতৰ ইতিহাসৰ ভুল ব্যাখ্যা কৰা হৈছে। ভাৰতীয় ইতিহাসত মোগলক খলনায়ক হিচাপে চিত্ৰিত কৰাৰ ধাৰা দীৰ্ঘদিন ধৰি চলি আহিছে। আৰু ইয়াতেই সমস্যাটো আহি পৰে। তেওঁ অনুভৱ কৰে যে মোগলৰ কামক যিদৰে অতিৰঞ্জিত কৰাৰ প্ৰয়োজন নাই, ঠিক তেনেকৈ তেওঁলোকক খলনায়ক বনোৱাৰো প্ৰয়োজন নাই।