আৰিফুল ইছলাম / গুৱাহাটী
জাপি অসমীয়া সংস্কৃতিৰ বাহক। অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে ই সৰ্বজনবিদিত। প্ৰথমে জাপি দেখিবলৈ টুপীৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, তৈয়াৰ কৰা সঁজুলি ভিন্ন ধৰণৰ হয়।
জাপি সজাৰ প্ৰধান উপকৰণ হ’ল বাঁহ, বেত, গছৰ পাত। ইয়াৰ ইতিহাস বহু পুৰণি। আগৰ দিনত বিভিন্ন প্ৰকাৰৰ জাপি ব্যৱহাৰ হৈছিল। বৰদৈয়া জাপি, সৰুদৈয়া জাপি, পানী জাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন সমাজত সৰ্বাধিক আছিল। জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয়।
জাপি প্ৰস্তুতকৰ্তা ৰমজান আলীৰ বিপনি
অসমীয়া সংস্কৃতিৰ বাহক এই জাপি প্ৰস্তুত কৰি ভাল পোৱা এগৰাকী ব্যক্তি হ'ল ৰমজান আলী। নলবাৰী জিলাৰ মুগকুছি গাঁওৰ ৰমজানে শৈশৱৰ পৰাই জাপি প্ৰস্তুত কৰি ভাল পায়। শৈশৱৰ এই ভালপোৱাক পিছলৈ তেওঁ বৃত্তি হিচাপে বাচি লয় আৰু এতিয়া জাপি প্ৰস্তুত কৰিয়ে ৰমজান আলীয়ে জীৱন-নিৰ্বাহ কৰে।
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হস্তশিল্পীগৰাকীয়ে কয় যে তেওঁৰ লগতে গাঁওখনৰ প্ৰায় ৬০ শতাংশ বাসিন্দাই জাপি প্ৰস্তুতৰ সৈতে জড়িত হৈ আছে। দিনটোত তেওঁলোকে ২৫ৰ পৰা ৩০টা জাপি সাজি উলিয়ায়। এইদৰে, এমাহত প্ৰায় ৩০০টা জাপি প্ৰস্তুত হয়।
“আমাৰ জাপি সমূহ অৰ্ডাৰ অনুযায়ী অসমৰ বাহিৰলৈও বিক্ৰীৰ বাবে প্ৰেৰণ কৰোঁ যদিও আমাৰ বেছিভাগ বজাৰ অসমতে হয়। ফেৰী বেপাৰীয়ে আমাৰ পৰা জাপি ক্ৰয় কৰি ঠায়ে ঠায়ে বিক্ৰী কৰিবলৈ লৈ যায়। আমি প্ৰস্তুত কৰা জাপি সমূহৰ মুখ্য বজাৰ হৈছে গুৱাহাটী আৰু তিনিচুকীয়া। মই আৰু মোৰ পৰিয়ালে জাপি প্ৰস্তুত কৰাটোৱে মুখ্য ব্যৱসায় হিচাপে বাচি লৈছোঁ। মই, মোৰ পত্নী আৰু মোৰ সন্তান, আমি সকলোৱে জাপি প্ৰস্তুত কৰো," ৰমজান আলীয়ে কয়।
জাপি প্ৰস্তুত কৰি থকা মুহূৰ্তত এজন হস্তশিল্পী
উল্লেখ্য যে, ৰমজান আলীৰ পৰিয়ালে অতি পুৰণি আৰু পৰম্পৰাগত পদ্ধতিৰে জাপি প্ৰস্তুত কৰে। প্ৰথমতে বাঁহ কাটি আনি সেইবোৰ ফালি লৈ চতিয়া প্ৰস্তুত কৰি জাপিৰ উপৰৰ আৰু তলৰ অংশ তৈয়াৰ কৰা হয়। মাজৰ অংশত টকৌ গছৰ পাত ব্যৱহাৰ কৰা হয়।
টকৌ গছৰ পাতটো কাটি আনি প্ৰথমে ৰদত শুকুৱাই লোৱা হয়। তাৰ পাছত ওপৰত আৰু তলত বাঁহেৰে বোৱা চতিয়াৰে সুন্দৰকৈ বান্ধি দিয়া হয়। জাপিটো সম্পূৰ্ণ হোৱাৰ পিছত উপৰৰ ফালে ধুনীয়াকৈ ডিজাইন কৰি দিয়া হয়।
"মুগকুছি গাৱঁৰ প্ৰায় ৬০ শতাংশ লোকে জাপি বনোৱা বৃত্তিৰ সৈতে জড়িত। গাঁওখনত হিন্দু মুছলমান উভয়ে জাপি প্ৰস্তুত কৰে। বছৰটোৰ সকলো সময়তে আমি জাপি প্ৰস্তুত কৰোঁ। অৰ্ডাৰ অনুযায়ী কেতিয়াবা বেছিকৈ প্ৰস্তুত কৰিবলগীয়াও হয়। কিন্তু বছৰটোৰ ৩ টা মাহত আমি অধিক জাপি প্ৰস্তুত কৰোঁ। চ’ত, বহাগ আৰু জেঠ এই তিনিটা মাহত অধিক জাপি প্ৰস্তুত কৰোঁ আৰু এই সময়ছোৱাত জাপিৰ বজাৰখন যথেষ্ট ভাল হয়," হস্তশিল্পী আলীয়ে এইদৰে কয়।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood