নলবাৰীৰ ৰাসঃ মহামিলনৰ তীৰ্থভূমি

Story by  atv | Posted by  Munni Begum • 1 Years ago
নলবাৰী ৰাসত হেমা মালিনীয়ে বন্তি প্ৰজ্জ্বলন কৰা এক দৃশ্য
নলবাৰী ৰাসত হেমা মালিনীয়ে বন্তি প্ৰজ্জ্বলন কৰা এক দৃশ্য
শ্বাহ আলম আহমেদ 
 
সমন্বয় আৰু মহামিলনৰ সেঁ‌তু গঢ়া নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ  ৰাস মহোৎসৱ এক পবিত্ৰ তীৰ্থভূমি। এই ৰাস মহোৎসৱ  উপলক্ষে সাম্প্ৰতিক  সময়ৰ সকলো দুখ-দৈন্যতা পাহৰি আনন্দত মতলীয়া হয় সৰ্বস্তৰৰ ৰাইজ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে জিলিকি উঠে নলবাৰী। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি ৮৯ সংখ্যকত ভৰি দিয়া ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱৰ আয়োজনেই হৈ পৰে বাৰেৰহনীয়া। কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা নলবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, পৰ্যটক, ভক্তপ্ৰাণ লোকৰ আগমণ ঘটে।
 
নলবাৰী হৰিমন্দিৰত উদযাপিত ৰাস মহোৎসৱে আধ্যাত্মিক চিন্তা-চৰ্চাৰ প্ৰাসংগিকতাক সকলো লোকৰে মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্য তথা দেশৰ সাংস্কৃতিক সমন্বয়ৰ প্ৰতিক ৰূপেও চিহ্নিত হৈছে। এই উৎসৱক যিসকল পূৰ্বসূৰী উদ্যোক্তাই শুভাৰম্ভ কৰিছিল তেওঁ‌লোক সঁ‌চাকৈ কৃতজ্ঞতাৰ পাত্ৰ।
চাকৰিসূত্ৰে নলবাৰীলৈ অহা গঢ়কাপ্তানী বিভাগৰ অভিযন্তা  অমৰকুণ্ড, পশুপালন বিভাগৰ নৰেণ বসু, স্থানীয় কৰ্মকৰ্তাসকল ক্ৰমে গদামল্ল বৰুৱা, দণ্ডীৰাম মহাজন, বাতিৰাম ডেকা, উপেন্দ্ৰ নাৰায়ণ চৌধুৰী, গিৰিশ চন্দ্ৰ চৌধুৰী, হৰিনাৰায়ণ দত্ত বৰুৱা, মহানদাতা দমহুৰাম মহাজন, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী, প্ৰভাত নাৰায়ণ চৌধুৰী, ৰবীন্দ্ৰ নাৰায়ণ চৌধুৰী, জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা, শশীভূষণ চৌধুৰী, প্ৰফুল্ল ডেকা, মহেন্দ্ৰ দত্ত, নৰেন দত্ত, উপেন দত্ত, সুৰেণ দত্ত, আদ্য শৰ্মা, নাৰায়ণ চন্দ্ৰ মহাজন, হৰিচৰণ পাঠক, তাৰাণ বৈশ্য, সুৰেণ ৰয়, ৰমেন বৰুৱা সমন্বিতে চন্দ্ৰ কলিতাকে ধৰি জ্ঞাত-অজ্ঞাত ব্যক্তিসকলৰ প্ৰচেষ্টাত নলবাৰীৰ ৰাস মহোৎসৱে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 
নলবাৰীৰ ৰাস মূৰ্ত্তি প্ৰধান । মৃৎ শিল্পীসকলে বহুদিন আগৰ পৰাই মূৰ্ত্তি নিৰ্মাণৰ কামত ব্ৰতী থাকে। মন্দিৰ প্ৰাংগণত সৰু সৰু কোঠা সজাই ধৰ্মীয় আখ্যানৰ পৌৰাণিক কাহিনীৰ আধাৰত মূৰ্ত্তিসহ ৰং-বিৰঙৰে সাজি তাত অত্যাধিক বৈদ্যুতিক কলা-কৌশলৰ আলোক সজাই প্ৰতিবছৰে নতুন শৈলীৰে দৰ্শক ৰাইজক আত্মাহাৰা কৰে।
 
নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ  ৰাস মহোৎসৱ
 
নলবাৰী ৰাসকলৈ উদ্যোক্তা সকল দুগুণ উৎসাহেৰে পৰিচালনাত ব্যস্ত হৈ পৰে হৰিমন্দিৰ আৰু ৰাস সমিতি। বিদ্যুৎ সজ্জিত সু-বিশাল ৰভা-তোৰণে আদৰি অনা দেখা যায় ৰাসপ্ৰেমী জনতাক। কৃষ্ণভক্তিৰ মূৰ্চনাত মুখৰিত হৈ পৰে হৰিমন্দিৰ প্ৰাংগণ তথা ৰাসথলী। এইবেলিও মহামিলনৰ পবিত্ৰথলীত ৰূপান্ত্ৰিত হৈ পৰিছে নলবাৰী। ৰাস মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ লগতে নলবাৰী ৰাসৰ এইবাৰ বিশেষ আকৰ্ষণ হৈছে অভিনেত্ৰী হেমামালিনী। হিন্দী বোলছবিৰ মোহময়ী অভিনেত্ৰী হেমামালিনী ১৪ নৱেম্বৰত নলবাৰী ৰাস মহোৎসৱত উপস্থিত হয়। 
ৰাস সমিতিয়ে এখন সু-সজ্জিত বাহনত সাংস্কৃতিক দলসমুহৰ সৈতে ঢোল, পেঁ‌পা, তাল-খোল আদি পৰিবেশনৰে শোভাযাত্ৰা কৰি গনেশ মন্দিৰৰ পৰা ৰাস থলীলৈ আদৰি অনা হয়। ৰাস মহোৎসৱৰ মঞ্চৰ পৰা অভিনেত্ৰীগৰাকীয়ে লক্ষ লক্ষ ৰাসপ্ৰেমীলোকৰ সন্মুখত কৃষ্ণ ভক্তি তথা ৰাস লীলাৰ বিষয়ে ভাষণ দিয়ে। নলবাৰীৰ ৰাস বহু বছৰ পূৰ্বৰে পৰা শুনি আছিল বুলিও যশস্যী অভিনেত্ৰীগৰাকীয়ে কয়। অভিনেত্ৰীগৰাকীৰ উপস্থিতিত লক্ষ লক্ষ ৰাইজৰ মুখত পাৰ ভগা আনন্দ-উল্লাস দেখা যায়। এই একেখন মঞ্চতে মুখ্যমন্ত্ৰী পত্নী ৰিনিকি শৰ্মা ভুঞাইও নলবাৰী ৰাসৰ জনপ্ৰিয়তা সম্পৰ্কে ভাষণ দিয়ে।
নলবাৰী ৰাসত ভাগৱত চিন্তাৰ বাবে শান্তি সৌৰ্য্য আধ্যাত্মিক পৰিবেশৰ লগতে বৌদ্ধিক, সাংস্কৃতিক চিন্তা-চৰ্চাৰ বাবেও সুস্থ পৰিবেশ বিৰাজমান। ইয়াত কোনো ধৰ্মৰ গোড়ামি বা সংকীৰ্ণতা নাই মাথো সৰ্ব ধৰ্ম সমভাৱে হয়। এই মহত্ত্ব ৰাজ্যখনৰ ভিতৰতে বিৰল। সকলো শ্ৰেণী, সকলো সম্প্ৰদায়ৰ লোকৰেই আদৰ আৰু শ্ৰদ্ধাৰ অনুষ্ঠান। নলবাৰী ৰাসত হিন্দু , মুছলমান, জৈন, খৃষ্টান, বড়ো-কছাৰী সকলো জাতি উপজাতি মিলি নলবৰীয়া হৈ সমানে সকলোৱে সহযোগ কৰে, দেহে কেহে লাগে। কাৰো মাজত কোনো ভেদা ভাৱ নাই। 
 
ৰাস সমিতিয়ে এখন সু-সজ্জিত বাহনেৰে অভিনেত্ৰী হেমামালিনীক ৰাস থলীলৈ আদৰি অনাৰ এক দৃশ্য
 
নলবাৰী ৰাসত জিলা প্ৰশাসন, আৰক্ষী বিষয়া সকল, পুলিচ বাহিনী আৰু গৃহৰক্ষী বাহিনীসমুহে ৰাসৰ আটাইকেইদিন দিনে নিশাই অবিৰামভাৱে দেহ প্ৰাণ দি সেৱা আগৱঢ়াই আহিছে। ইয়াৰ উপৰিও অগ্নিনিৰ্বাপক বাহিনী স্বাস্থ্য বিভাগ, নলবাৰী অসামৰিক চিকিৎসালয়, গড় কাপ্তানী বিভাগ আৰু নলবাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰতিবছৰে অবিৰামভাৱে সেৱা আগবঢ়াই আহিছে। 
নলবাৰী চহৰৰ চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ে নলবাৰী ৰাসত সহযোগ কৰি আহিছে। ইয়াৰ ভিতৰত বিজুলী বিভাগৰ নাম উল্লেখনীয়। চহৰ খনৰ লগতে ওচৰৰ গাঁ‌ৱে-ভূঞে থকা সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমুহে ৰাসৰ আটাইকেইদিন স্বেচ্ছাসেৱক হিচাপে সেৱা আগঢ়াই আহিছে। নলবাৰী ৰাসত ঢুলীয়া, খুলীয়া আদিকৰি বড়ো নৃত্য, নেপালী নৃত্য, চাওতাল নৃত্য, ওজাপালি, বেণ্ড পাৰ্টি, নাগাৰা নাম আৰু বিহু দলকে ধৰি সকলো সাংস্কৃতিক দলে ৰাসৰ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিবছৰে অংশ গ্ৰহণ কৰি সহযোগ কৰি আহিছে। 
ৰাসত সাংস্কৃতিক সন্ধিয়াত বাদ্যযন্ত্ৰৰ শিল্পীকে ধৰি স্থানীয় গায়ক গায়িকা সকলে গীত মাত পৰিবেশন কৰে। বহিঃৰাজ্যৰ পৰাও শিল্পীসকল আহি নলবাৰী ৰাসত গীত-মাত পৰিবেশন কৰিছে। যাত্ৰা পাৰ্টিয়েও নলবাৰী ৰাসত যাত্ৰাভিনয় কৰি গৈছে । আনকি কলিকতাৰ যাত্ৰা দলেও নলবাৰীৰ ৰাসত খোলা মঞ্চত নাট মঞ্চস্থ কৰি গৈছে। এই খোলা মঞ্চৰ যাত্ৰাদলে নলবাৰী ৰাসত ন-দহদিন পৰ্যন্ত যাত্ৰাভিনয় কৰিছিল। এইবাৰৰ নলবাৰী ৰাসত বৃন্দাবনৰ ময়ুৰ, চৰকোল্লা আৰু দাণ্ডিয়া ৰাসৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে । মুঠতে জনসমুদ্ৰ হৈ পৰিছে নলবাৰী ৰাসথলী । এই জনসমূদ্ৰৰ মাজতে ভগৱৎ প্ৰেম মানৱ প্ৰেমলৈ ৰূপান্তৰিত হৈ মানুহে মানুহক আঁ‌কোৱালী লোৱা পৰিলক্ষিত হৈছে।
 
নলবাৰী ৰাসৰ ৰাসলীলা প্ৰদৰ্শন কৰা মূৰ্ত্তিসমূহ
 
নলবাৰী ৰাসত ব্যৱসায় কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যৱসায় কৰিবলৈ ধাপলি মেলে। আনকি বহিঃৰাজ্যৰ ব্যৱসায়ী সকলৰো আগমন ঘটে। সকলো ব্যৱাসীয়ে নলবাৰী ৰাস সমিতিক ধন্যবাদ দি যায়।  শেহতীয়াভাৱে নলবাৰী ৰাসত গঢ়ি উঠিছে গ্ৰন্থমেলা। ইয়ে এক পঢ়ুৱৈ আন্দোলনৰ সৃষ্টি কৰিছে। গ্ৰন্থমেলা বাকৰিত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশক লৈ বিভিন্ন প্ৰতিযোগিতা, সাহিত্যালোচনা, বক্তৃতানুষ্ঠান, গ্ৰন্থ উন্মোচনী সভাসমুহে ৰাসক অন্য এক মাত্ৰা প্ৰদান কৰিছে। এই গ্ৰন্থমেলাত অসমৰ বিভিন্ন আগশাৰীৰ প্ৰকাশন গোষ্ঠীসমুহে বিপনী খুলি বিভিন্ন কিতাপ সমুহ উলিয়াই দিয়ে। 
 
নলবাৰী ৰাসত দৰ্শনাৰ্থীৰ ভিৰ  
 
নলবাৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হ'ল-ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় থিয়েটাৰ সমুহৰ প্ৰদৰ্শিত নাট আৰু অভিনয়। অগণন দৰ্শকৰ ভিৰৰ লগতে নাট্যকাৰ, অভিনেতা -অভিনেত্ৰী সকলৰ মাজত আৰম্ভ হয় শীতল প্ৰতিযোগিতা। এই ৰাস মহোৎসৱতে নাটকৰ জনপ্ৰিয়তাৰ শীৰ্ষ স্থানত উপনীত হবলৈ প্ৰতিযোগিতা হয়। নলবাৰী ৰাসত আছে শৃংখলাবদ্ধতা। প্ৰতিদিনে লক্ষাধিক দৰ্শকে নিজে নিজে স্বেৱছছাসেৱকৰ ৰূপত আন্তৰিকতাৰে পদাৰ্পন কৰি এক নতুন মাত্ৰা দিয়ে। এই উৎসৱে আধ্যাত্মিক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে জনজীৱনৰ মোহনীয় সংস্কৃতিৰ ঐক্যবদ্ধ কৰি তোলে।