শ্বিলঙৰ গ্লাছ মছজিদঃ সমন্বয়মুখী ভাৰতৰ এক অনন্য নিদৰ্শন

Story by  atv | Posted by  Munni Begum • 2 Years ago
শ্বিলঙৰ গ্লাছ মছজিদ
শ্বিলঙৰ গ্লাছ মছজিদ
মানস দাস/ শ্বিলং
 
শ্বিলঙৰ লাবান অঞ্চলৰ অনন্য গ্লাছ মছজিদ বা মদিনা মছজিদত সম্প্ৰতি এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। এফালে, পবিত্ৰ ৰমজান মাহ উপলক্ষে ইছলামধৰ্মী লোকসকলে নামাজ পঢ়াৰ বাবে মছজিদত ভিৰ কৰা দেখা গৈছে আৰু অন্যহাতে, অন্যান্য ধৰ্মৰ দৰ্শনাৰ্থীসকল মছজিদৰ স্বচ্ছতা আৰু সৌন্দৰ্যৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। 
 
১২০ ফুট উচ্চতাত থকা দেশৰ প্ৰথম আৰু একমাত্ৰ কাঁচৰ মছজিদটোত মহিলাসকলৰ বাবে এটা অনাথ আশ্ৰম আৰু পুথিভঁৰাল থকাৰ লগতে প্ৰাৰ্থনাৰ বাবে এটা সুকীয়া প্ৰেক্ষাগৃহ আছে।
মদিনা মছজিদৰ ওপৰত থকা সুন্দৰ কাঁচৰ গম্বুজ আধুনিক স্থাপত্য-ভাস্কৰ্যৰ এক উৎকৃষ্ট উদাহৰণ। ইয়াৰ পৰা 'মুৱাজ্জিন'-এ ইছলাম ধৰ্মীসকলক আজান দি 'নামাজ'ৰ বাবে আমন্ত্ৰণ জনায়। মছজিদটোৰ কাষতে সংলগ্ন আৰু ইয়াৰদ্বাৰা পৰিচালিত উমশ্ৰপি মহাবিদ্যালয়ে বহু বছৰ ধৰি সকলো সামাজিক স্তৰৰ শিক্ষাৰ্থীৰ বাবে উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে।
"আল্লাৰ আশীৰ্বাদৰ বাবেই এই প্ৰতিষ্ঠানটো দিনক দিনে আগবাঢ়ি গৈছে। মই একো কৰা নাই, আৰু মই ইয়াৰ গৰাকী নহয়," মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ছাইদুল্লা নংৰুমে কয়। তেওঁ সম্প্ৰতি শ্বিলং মুছলিম ইউনিয়ন(এছএমইউ)ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্বিলঙত এই অনন্য সুন্দৰ মছজিদটো নিৰ্মাণৰ আঁৰত এই সংগঠনটোৰ উল্লেখনীয় অৰিহণা আছে।
 
শ্বিলঙৰ গ্লাছ মছজিদৰ মুখ্যদ্বাৰ
 
সুউচ্চ পবিত্ৰ আন্তঃগাথনিটো ঈশ্বৰৰদ্বাৰা নিৰ্ধাৰিত বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে মছজিদটোৰ বাবে কোনো স্থপতিবিদ নাছিল। ‘বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে মদিনা মছজিদ দৰ্শন কৰিবলৈ আহে। কিন্তু ক’ভিড-১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ বাবে এতিয়া দৰ্শনাৰ্থী পৰিমাণ কিছু হ্ৰাস পাইছে’। ছাইদুল্লা নংৰুমে কয়। 
ঈদগাহত বিশ্বাসীসকলে মছজিদৰ সন্মুখত নামাজ আগবঢ়োৱাৰ সময়ত বহুতো পৰ্যটকে চৌহদত ভিৰ কৰি অনন্য গাঁথনিটোৰ এক আভাস লাভ কৰে। বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বসতিস্থান শ্বিলঙৰ এই বৈচিত্ৰতাক অটুট ৰাখি সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকে চহৰখনৰ আশ্চৰ্যজনক গ্লাছ মছজিদ পৰিদৰ্শন কৰে আৰু ঈদ উপলক্ষে উৎসৱত অংশ লয়। তেওঁলোকে ইজনে-সিজনক শুভেচ্ছা বিনিময় কৰে। 
উল্লেখ্য যে, ২০০৭ৰ ২ নৱেম্বৰত মছজিদটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। একেদৰে, ২০০৮ৰ ২৯ এপ্ৰিলত ঈদ-গাহ ফিল্ডখন উদ্বোধন কৰা হয়। মেহেৰবা অনাথ আশ্ৰম, ইছলামিক পুথিভঁৰাল আৰু ইছলামিক থিঅ'লজিকেল ইনষ্টিটিউটক লৈ গঠিত মদিনা মছজিদ ভৱনটো ২০১২ চনৰ ১৮ অক্টোবৰত তদানীন্তন কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা আৰু আইন মন্ত্ৰী ছলমান খুৰ্ছিদৰ লগতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভিনচেণ্ট পালাই উদ্বোধন কৰিছিল। পালা এতিয়া শ্বিলং সংসদীয় সমষ্টিৰ লোকসভাৰ সাংসদ।
 
শ্বিলঙৰ মদিনা মছজিদৰ ইছলামিক লাইব্ৰেৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম আৰু ছাৰ চৈয়দ আহমেদ খানৰ উদ্ধৃতিৰ সৈতে তেওঁলোকৰ প্ৰতিকৃতি
 
দেশত এই ধৰণৰ প্ৰথমটো গ্লাছ মছজিদ হ’ল পৰ্যটকৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ বহু লোকে শ্বিলঙৰ এই প্ৰখ্যাত ধৰ্মীয়স্থান দৰ্শন কৰা দেখা যায়। উমশ্ৰপি নিজৰাৰ গাতে লাগি থকা ১২০ ফুট উচ্চতাৰ মদিনা মছজিদত মহিলাসকলৰ নামাজ পঢ়াৰ অনুমতি থকাৰ লগতে ইয়াত এখন অনাথ আশ্ৰম আৰু এটা পুঁথিভৰালো আছে। 
‘হজলৈ যোৱাৰ পিছত মই মহিলাৰ বাবে এটা পৃথক প্ৰাৰ্থনা গৃহৰ ব্যৱস্থা কৰিছিলো।’ নংৰুমে কয়। মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁ পবিত্ৰ মদিনা চহৰত মহিলাসকলৰ প্ৰাৰ্থনাৰ বাবে এইধৰণৰ ব্যৱস্থা প্ৰত্যক্ষ কৰিছিল। প্ৰতি বছৰে ঈদৰ প্ৰাক-সন্ধিয়া আতচবাজীৰে মছজিদৰ আকাশ পোহৰাই তুলে আৰু ইয়াৰ কাঁচৰ ফলকবোৰ নিশাৰ ভাগত সেউজীয়া হৈ পৰে। 
‘দেশৰ কোনো স্থানত এইধৰণৰ অনন্য সুন্দৰ মছজিদ মই দেখিবলৈ পোৱা নাই।’ পশ্চিম বংগৰ এগৰাকী বয়োজেষ্ঠ পৰ্যটকে এইদৰে কয়। তেওঁ গ্ৰীষ্ম বন্ধ উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ গ্লাছ মছজিদটো পৰিদৰ্শন কৰিবলৈ শ্বিলঙলৈ আহিছে। আনহাতে, মছজিদত থকা পুথিভঁৰালটো ইছলামিক অধ্যয়নৰ বিষয়সমূহকে ধৰি আন কেইবাটাও বিষয়ক গ্ৰন্থৰে ভৰি আছে। 
 
শ্বিলঙৰ মদিনা মছজিদৰ চৌহদ আৰু সুন্দৰ কাঁচৰ গম্বুজ
 
উল্লেখ্য যে, মছজিদ কৰ্তৃপক্ষই সকলো ধৰ্মীয় অনুষ্ঠানতে জনসাধাৰণক শুভেচ্ছা জনায়। ই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত বৈচিত্ৰময় সমাজক শক্তিশালী আৰু একত্ৰিত কৰাৰ এক সুন্দৰ প্ৰয়াস।