চৰাঞ্চলৰ লোকৰ আত্মীকৰণে অসমলৈ শান্তি কঢ়িয়াই আনিব

Story by  atv | Posted by  Munni Begum • 2 Years ago
চৰাঞ্চলত শিশু সকলে এখন নাৱত পাঠদান কৰিছে
চৰাঞ্চলত শিশু সকলে এখন নাৱত পাঠদান কৰিছে
  পল্লব ভট্টাচাৰ্য্য
 
সংসদৰ এখন স্থায়ী কমিটিয়ে অধিসূচনাবিহীন জনজাতিক লৈ শেহতীয়াকৈ এক প্ৰতিবেদন দাখিল কৰিছে। ই অধিসূচনাবিহীন, অঘৰী আৰু অৰ্ধ-যাযাবৰ জনজাতিৰ বাবে উন্নয়ন কাৰ্যসূচীৰ কাৰ্যকলাপক সমালোচনা কৰিছে। ১৬০৮ চনৰ ২৪ আগষ্টত ছুৰাটেৰে ভাৰতত প্ৰৱেশ কৰা ব্ৰিটিছসকলেই হ’ল অধিসূচনাবিহীন জনজাতিৰ সৃষ্টিকৰ্তা। কিয়নো তেওঁলোকেই Criminal Tribes Actৰ সৃষ্টিকৰ্তা যাৰ যোগেদিয়েই বৰ্তমান বাতৰিৰ শিৰোনামা দখল কৰা অধিসূচনাবিহীন জনজাতি আদি সংবিধান পৰিপন্থী গোটসমূহে আজিও এক লজ্জাজনক জন্মলগ্নৰ অপৰাধীৰ অপযশ কঢ়িয়াব লগা হৈছে। অৱশ্যে, ভাৰতত ব্ৰিটিছৰাজৰ সময়সীমা সাধাৰণতে ১৮৫৮ৰ পৰা ১৯৪৭ চনলৈকেহে বিবেচনা কৰা হয়। ব্ৰিটিছৰাজৰ সময়ত তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল প্ৰথমতে এনে এক পৰিৱেশত সৰ্বাধিক সুবিধা আদায় কৰা, য'ত স্থানীয় লোকে কোনো আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে। 
 
১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত আৰক্ষী আইন, ১৮৬১ প্ৰণয়নৰ দ্বাৰা ব্ৰিটিছসকলৰ এই উদ্দেশ্য প্ৰকাশ পায়। এই বিদ্ৰোহক স্বাধীনতাৰ প্ৰথম যুদ্ধ হিচাপে গণ্য কৰা হয়। ব্ৰিটিছে স্বাভাৱিকতে এনে এক আৰক্ষী বাহিনী স্থাপন কৰিব বিচাৰিছিল, যিয়ে যিকোনো বিৰোধিতা আৰু আন্দোলনক প্ৰতিৰোধ কৰাৰ উদ্দেশ্য পূৰণ কৰিব পাৰে।  
তেনে এক ঔপনিৱেশিক আইন আছিল অপৰাধী জনজাতি আইন ১৮৭১ (Criminal Tribes Act 1871)। ইয়াৰ অধীনত তেওঁলোকে দেশৰ ভিন্ন প্ৰান্তৰ লোকসকলৰ সমগ্ৰ সম্প্ৰদায়সমূহক অভ্যাসগত অপৰাধী হিচাপে চিনাক্ত কৰিছিল। এই পৰিচয়ৰ বাবে এই সম্প্ৰদায়ৰ লোকৰ গতি-বিধিৰ ওপৰত প্ৰতিবন্ধকতাও আৰোপ কৰা হৈছিল। এনে গোটৰ প্ৰাপ্তবয়স্ক পুৰুষ সদস্যসকলক সপ্তাহৰ মূৰত স্থানীয় আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ বাধ্য কৰোৱা হৈছিল।
বৃটিছৰ দিনৰ কুখ্যাত ‘ঠাগী’(Thuggee)সকলৰ কথা সৰ্বজনবিদিত। ঠগ-প্ৰবঞ্চক আৰু এনে ধৰণৰ অপৰাধীৰদ্বাৰা সংঘটিত লুণ্ঠন আৰু ডকাইতি প্ৰতিৰোধ কৰিবলৈ অপৰাধী জনজাতি আইন(Criminal Tribes Act)প্ৰণয়ন কৰা হৈছিল। প্ৰথম দৃষ্টিত দেখা গৈছিল যে ঔপনিৱেশিক কৰ্তৃপক্ষৰদ্বাৰা আইন-শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থা সুস্থিৰ কৰিবলৈ এই আইনখন প্ৰণয়ন কৰা হৈছিল, কিন্তু সমসাময়িক বুৰঞ্জীবিদসকলে এতিয়া এই পদক্ষেপক বৃটিছসকলৰ এক সামাজিক অভিযান্ত্ৰিকৰণৰ এক প্ৰচেষ্টাৰ অংশ বুলি অৱলোকন কৰিছে। এনে এক প্ৰচেষ্টাৰ জৰিয়তে বৃটিছসকলে জাতিৰ শ্ৰেণীবিভাজনক কৃষি বা সমৰকলাৰ দৃষ্টিকোণেৰে বিশ্লেষণ কৰি কোনবোৰ গোট ঔপনিৱেশিক চৰকাৰৰ প্ৰতি অনুগত আছিল আৰু সামৰিক নিযুক্তিৰ বাবে উপযুক্ত আছিল সেয়া নিৰ্ধাৰণ কৰিছিল। 
 
কৃষিকৰ্মত ব্যস্ত চৰাঞ্চলৰ লোক
 
সমাজবিজ্ঞানী মীনা ৰাধাকৃষ্ণই লিখিছে যে এই আইন সৃষ্টিৰ সৈতে ১৮৫৭ চনৰ বিদ্ৰোহৰ এক সম্পৰ্ক আছে, য'ত ধন সিং গুৰ্জাৰৰ দৰে বহুতো জনজাতীয় মুৰব্বীক বিশ্বাসঘাতক আৰু বিদ্ৰোহী আখ্যা দিয়া হৈছিল। কিছুমান বুৰঞ্জীবিদে পৰামৰ্শ দিছিল যে এই জনজাতিবোৰৰ বহুতো দৰিদ্ৰ, নিম্ন বৰ্ণৰ আৰু যাযাবৰ লোকৰ সৰু সম্প্ৰদায় আছিল, যি সমাজৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বাস কৰে। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত অপৰাধী জনজাতি আইন, ১৯৩১ৰ পৰিধিৰ অধীনত প্ৰায় ২৩৭টা জাতি আৰু জনজাতিক জন্মগতভাৱে অপৰাধী চিহ্নিত কৰা হৈছিল। 
স্বাধীনতাৰ পিছত, আইনখন অৱশেষত বাতিল কৰা হয়। অৱশ্যে, অপৰাধী জনজাতিসকলক অধিসূচনামুক্ত কৰাৰ পিছত এক বৃহৎ অপৰাধৰ ঢৌ উঠিছিল আৰু ইয়াৰ ফলত জনসাধাৰণৰ মাজত হৈ-চৈৰ সৃষ্টি হৈছিল। ভাৰত চৰকাৰে অপৰাধী জনজাতি আইনৰ স্থানত অভ্যাসগত অপৰাধী আইন(Habitual Offenders Act)(১৯৫২)প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল। ইয়াত কোৱা হৈছে যে এজন অভ্যাসগত অপৰাধী ব্যক্তিগত আৰু বস্তুনিষ্ঠ প্ৰভাৱৰ ভুক্তভোগী হৈছে আৰু অপৰাধৰ ক্ষেত্ৰত এক নিৰ্ধাৰিত প্ৰথা প্ৰকাশ কৰিছে আৰু সমাজৰ বাবে এক বিপদৰ ৰূপত অৱতীৰ্ণ হয়। অভ্যাসগত অপৰাধী আইনে ইতিমধ্যে উপেক্ষিত "অপৰাধী জনজাতি"ক কাৰ্যকৰীভাৱে পুনৰ কলংকিত কৰিছে। পূৰ্বতে অপৰাধীকৃত জনজাতিসকলেও এক কলংকৰ বোজা বহন কৰিবলগীয়া হৈছে। নতুন আইনৰ কাৰ্যকাৰিতা সম্পৰ্কে সন্দেহৰ অৱকাশ বিদ্যমান, কিয়নো ইয়াৰ জৰিয়তে অধিসূচনাবিহীন জনজাতিবোৰক পুনৰ তালিকাভুক্ত কৰা হʼল। পূৰ্বৰ বৃটিছ যুগৰ অপৰাধিকৃত জনজাতিসকল এতিয়াও এক অপমানৰ সন্মুখীন হৈছে, কিয়নো নতুন আইনৰ অকাৰ্যকৰী প্ৰকৃতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোক পুনৰ স্বভাৱগত অপৰাধীৰূপে তালিকাভুক্ত হৈছে। আজিৰ দিনত অধিসূচনাবিহীন সামাজিক শ্ৰেণীটোত ভাৰতৰ প্ৰায় ৬০ নিযুত লোক অন্তৰ্ভুক্ত হৈ আছে। 
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অভ্যাসগত অপৰাধী আইন, ১৯৫২ বাতিল কৰাৰ পৰামৰ্শ দিছিল। ২০০৭ চনৰ মাৰ্চ মাহত, জাতিগত বৈষম্য দূৰীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতিয়ে এইদৰে কৈছিল যে পূৰ্বৰ অপৰাধী জনজাতি আইন,১৮৭১(Criminal Tribes Act)ৰ অধীনত থকা ব্যক্তিসকলক তেওঁলোকৰ কথিত 'অপৰাধী প্ৰৱণতা'ৰ বাবে তথাকথিত অধিসূচনাবিহীন আৰু যাযাবৰ লোকসকলক অভ্যাসগত অপৰাধীৰ অধীনত তালিকাভুক্ত কৰি কলংকিত কৰাৰ কাৰ্য অব্যাহত আছে। সেয়েহে ৰাষ্ট্ৰসংঘই ভাৰতক অভ্যাসগত অপৰাধী আইন বাতিল কৰিবলৈ আৰু অধিসূচনাবিহীন তথা যাযাবৰ জনজাতিসকলক পুনৰ্বাসন কৰিবলৈ উপদেশ  দিছিল। উল্লেখযোগ্য যে ইয়াৰে কেইবাটাও জনজাতিক অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ অধীনত শ্ৰেণীবদ্ধ কৰা হৈছে।
 
চৰাঞ্চলৰলোকসকলৰ নাও একমাত্ৰ যাতায়তৰ ব্যৱস্থা
 
এই সম্প্ৰদায়সমূহৰ সমস্যা সমাধানৰ বাবে স্বাধীনতাৰ পিছৰে পৰা বহুতো আয়োগ আৰু সমিতি গঠন কৰা হৈছিল। অৱশেষত, ২০০৬ চনত তদানীন্তন চৰকাৰৰদ্বাৰা অধিসূচনাবিহীন, যাযাবৰ আৰু অৰ্ধ-যাযাবৰ জনজাতিৰ বাবে বালকৃষ্ণ ছিদ্ৰাম ৰেংকেৰ নেতৃত্বত এখন ৰাষ্ট্ৰীয় আয়োগ (National Commission for De-notified, Nomadic and Semi-Nomadic Tribes (NCDNT) গঠন কৰা হৈছিল। ই ২০০৮ৰ জুনত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে; ইয়াত আক্ষেপেৰ উল্লেখ কৰা হৈছিল যে এই জনজাতিবোৰে কোনো প্ৰকাৰে আমাৰ সংবিধান নিৰ্মাতাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহল আৰু সেয়েহে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি ব্যক্তিসকলে উপভোগ কৰা সাংবিধানিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰʼল। ৰেংকে আয়োগে(Renke commission)২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ জনসংখ্যা প্ৰায় ১০.৭৪ কোটি বুলি অনুমান কৰিছিল। ৰাজ্য অনুসৰি এখন তালিকা প্ৰস্তুত কৰাৰ বাবে ফেব্ৰুৱাৰী ২০১৪ত এটা নতুন আয়োগ গঠন কৰা হৈছিল, যিয়ে ২০১৮ৰ ৮ জানুৱাৰীত প্ৰতিবেদন দাখিল কৰিছিল।  প্ৰতিবেদনত ১,২৬২টা সম্প্ৰদায়ক অধিসূচনাবিহীন, যাযাবৰ আৰু অৰ্ধ-যাযাবৰ হিচাপে চিনাক্ত কৰা হয়।
অতি শেহতীয়াকৈ, সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰীয়ে অধিসূচনাবিহীন, যাযাবৰ আৰু অৰ্ধ যাযাবৰ সম্প্ৰদায়ৰ অৰ্থনৈতিক সৱলীকৰণ আঁচনি(Scheme For Economic Empowerment of Denotified, Nomadic, and Semi Nomadic Communities)নামৰ এক কাৰ্যসূচী আৰম্ভ কৰিছে।
ভিকু ৰামজী ইদাতেৰ অধ্যক্ষতাত ২০১৯ৰ ২১ ফেব্ৰুৱাৰীত অধিসূচনাবিহীন, যাযাবৰ আৰু অৰ্ধ-যাযাবৰ সম্প্ৰদায়ৰ বাবে উন্নয়ন আৰু কল্যাণ বোৰ্ড(Development And Welfare Board for Denotified, Nomadic, And Semi-Nomadic Communities)গঠন কৰা হৈছিল। তদুপৰি, নীতি আয়োগ(NITI Aayog)ৰ দ্বাৰা অধিসূচনাবিহীন, যাযাবৰ আৰু অৰ্ধ-যাযাবৰ সম্প্ৰদায়ৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আন এখন সমিতি গঠন কৰা হৈছে। ভাৰতীয় নৃতাত্ত্বিক জৰীপৰদ্বাৰা অধিসূচনাবিহীন লোকসকলৰ নৃতাত্ত্বিক অধ্যয়ন কৰা হৈছে। ইয়াৰ বাবে বাজেটত ২.২৬ কোটি টকা অনুমোদন জনোৱা হৈছে।
 
আলোপট্টি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী
 
ওপৰোক্ত তথ্যবোৰৰ পৰা এই কথা স্পষ্ট হৈছে যে মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰসংঘ আৰু সাংবিধানিক ৰক্ষাকবচ থকা স্বত্বেও ১৯৫২ চনৰ অভ্যাসগত অপৰাধী আইন এতিয়াও প্ৰত্যাহাৰ কৰিব পৰা নাই আৰু চৰকাৰে এই সম্প্ৰদায়বোৰক শিক্ষা, দক্ষতা বিকাশ আৰু অন্যান্য ব্যৱস্থাৰে শক্তিশালী কৰাৰ বাবে বিভিন্ন ব্যৱস্থা বিচাৰি আছে, যাতে সংবিধানৰ পৰিকাঠামোৰ ভিতৰত সম্প্ৰদায়বোৰক শক্তিশালী কৰিব পৰা যায়।
অসমত আমি চৰ আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকসকলৰ এটা অংশৰ বিষয়ে আলোচনা কৰোতে মূলসুঁতিৰ সংবাদ মাধ্যমত তেওঁলোকক সাধাৰণতে অপৰাধী বুলি সমালোচনা কৰা হয়। তেওঁলোকে অভিযোগ কৰে যে, একবিংশ শতিকাৰ অসমত আটাইতকৈ ভয়াবহ ঘটনা হৈছে জনসংখ্যা বিস্ফোৰণ, যিটো অসমলৈ বৃহৎ পৰিমাণৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ ফলত সৃষ্টি হৈছে। ই অসমৰ জনগাঁথনিৰ ভাৰসাম্য বিনষ্ট কৰি এক বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এইটোও দাবী কৰা হৈছে যে চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলত অসমলৈ অধিক অপৰাধীৰ আগমন ঘটিছে আৰু ইয়াৰ ফলত অঞ্চলটোত অপৰাধৰ হাৰ বৃদ্ধি পাইছে।
এইটো এটা সাৰ্বজনীনভাৱে স্বীকৃত দৃষ্টিভংগী যে অনুপ্ৰৱেশকাৰীসকল অপৰাধৰ ভুক্তভোগী আৰু লগতে অপৰাধী হ'ব পাৰে। নতুনকৈ অহা লোকৰ প্ৰতি বহুতো ৰাষ্ট্ৰত হিংসাৰ এক লজ্জাজনক পৰম্পৰা দেখা যায়। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কিছুমান অনুপ্ৰৱেশকাৰী প্ৰৱঞ্চক আৰু দুষ্ট চোৰাং ব্যৱসায়ীৰ আশীৰ্বাদত জীয়াই আছে; ইয়াৰে বহুতে সেই দেশত উপস্থিত হোৱাৰ পূৰ্বে যাতায়ত কৰোতে মৃত্যুবৰণ কৰিবলগীয়া দৃষ্টান্তও হয়। আন একাংশই তেওঁলোকৰ চোৰাং ব্যৱসায়ীসকলৰ ঋণ পৰিশোধ কৰিবলৈ দাস হ’বলৈ অথবা পতিতাবৃত্তি বাচি ল’বলৈ বাধ্য হৈছে।
 
চৰাঞ্চলৰ লোকসকলৰ মৎস চিকাৰ হ'ল জিৱীকাৰ অন্যএক আধাৰ
 
কিন্তু একে সময়তে এই সত্যক উপেক্ষা কৰা উচিত নহয় যে অবৈধ আৰু নথিভুক্তবিহীন অনুপ্ৰৱেশকাৰীৰদ্বাৰা সংঘটিত অপৰাধৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। অসম আৰু পশ্চিম বংগৰ দৰে ভাৰতৰ বৃহৎ অনুপ্ৰৱেশকাৰী থকা ৰাজ্যসমূহে তেওঁলোকৰ পুলিচ বাজেটৰ অধিকাংশ ধন অনুপ্ৰৱেশকাৰীৰ দ্বাৰা সংঘটিত ঘটনাসমূহ ৰোধৰ বাবে ব্যয় কৰিবলগীয়া হৈছে। 
ভাৰত চৰকাৰে অধিসূচনাবিহীন জনজাতিৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি যিদৰে তেওঁলোকৰ অভ্যাসগত অপৰাধ প্ৰৱণতা নিৰ্মূল কৰিব বিচাৰিছে, ঠিক সেইদৰে অসমতো চৰাঞ্চল/সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে পদক্ষেপ লোৱা উচিত। অসমীয়া সমাজে ভৌগোলিক অৱস্থান আৰু প্ৰব্ৰজনৰ ঐতিহাসিক সত্যক স্বীকাৰ কৰি ১৯৭১ চনৰ আগত অহা লোকসকলক তেওঁলোকৰ উন্নয়নৰ অংশীদাৰ হিচাপে গ্ৰহণ কৰা উচিত। তেওঁলোকে এই কথা মনত ৰখা উচিত যে অসমত ভাষাৰ দুৰ্দিন অব্যাহত থকাৰ সময়ত চৰ অঞ্চলৰ একাংশ জনসাধাৰণে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিল।
চৰ অঞ্চল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সচেতন শ্ৰেণীটোৱে লিখনি, সভা আৰু অন্যান্য পদ্ধতিৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে। সচেতন আৰু শিক্ষিত সমাজে তেওঁলোকৰ ভাই-ভনীসকলক অসমীয়া সমাজৰ বহুত্ববাদী পৰম্পৰাৰ অংশীদাৰ হ'বলৈ উদ্বুদ্ধ কৰা উচিত। 
 
চৰাঞ্চলৰ এগৰাকী মহিলাই  মৰাপাট কঢ়িয়াইছে  
 
সাম্প্ৰতিক সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কিছু যুৱক-যুৱতী জেহাদী কাৰ্যকলাপৰ প্ৰতি আকৃষ্ট হোৱা দৃষ্টিগোচৰ হৈছে। তেওঁলোকে এনেকুৱা কিছুমান ভাৱধাৰাৰদ্বাৰা অনুপ্ৰাণিত হৈছে, যিবোৰৰ অসমীয়া সংস্কৃতিৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নাই। উদাহৰণস্বৰূপে, ২০১৪ চনত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জে এম বি সংগঠনৰ কেইবাগৰাকীও সদস্যৰ বিৰুদ্ধে চলোৱা অনুসন্ধানৰ অন্তত এই কথা পোহৰলৈ আহিছিল যে তেওঁলোক ভাৰতৰ সৈতে সম্পৰ্ক নথকা এক কট্টৰপন্থী বিদেশী ভাৱধাৰাৰদ্বাৰা আকৃষ্ট হৈ এনে কাৰ্যত লিপ্ত হৈছিল।
আৰক্ষীৰ অনুসন্ধানত এই কথাও প্ৰকাশ পাইছিল যে তেওঁলোকে আকৃষ্ট কৰিব বিচৰা অসমৰ বহু সংখ্যালঘু যুৱক-যুৱতীয়ে জেহাদী কাৰ্যকলাপত লিপ্ত হোৱাৰ প্ৰস্তাৱ দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰিছিল।
চৰ অঞ্চল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সচেতন আৰু শিক্ষিত সমাজে এই ধৰণৰ সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে মুকলিকৈ মাত মতা উচিত আৰু নতুন প্ৰজন্মক এনে কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ এক শক্তিশালী জনমত তৈয়াৰ কৰাটো সময়ৰ আহ্বান।আমি সকলোৱে মনত ৰাখিব লাগিব যে, বহুত্ববাদৰ অৰ্থ হৈছে ধৰ্মীয় সহিষ্ণুতাহে, অনিয়ন্ত্ৰিত ধৰ্ম স্বাধীনতা নহয়। সৌভাগ্যক্ৰমে অসমীয়া সংস্কৃতিত এই আদৰ্শৰ বৰ্হিঃপ্ৰকাশ বহুকালৰ পৰাই বিদ্যমান।
 
 
(লেখক অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু এ পি এছ চিৰ পূৰ্বৰ অধ্যক্ষ। তেওঁৰ দ্বাৰা প্ৰকাশিত মতামত ব্যক্তিগত।)