সমগ্ৰ দেশত লোকসংগীতৰ সুবাস বিলোৱা ওস্তাদ আব্দুল কৰিম খান

Story by  atv | Posted by  Munni Begum • 1 Years ago
ওস্তাদ আব্দুল কৰিম খান
ওস্তাদ আব্দুল কৰিম খান
আলতাপ হুছেইন আহমেদ / বিলাসীপাৰা
 
অসমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বিভিন্ন মঞ্চত গোৱালপৰীয়া লোক সংগীতক শুদ্ধ ৰূপত উপস্থাপন কৰি অহাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত গোৱালপৰীয়া লোকনৃত্য-গীত পৰিৱেশন কৰি এটা সু-সংগঠিত দলক নেতৃত্ব দি এগৰাকী ৭২ বছৰীয়া শিল্পীয়ে। গোৱালপৰীয়া লোকসংস্কৃতিৰ প্ৰসাৰ, সংৰক্ষণ আৰু সংবৰ্ধনত অহোপুৰুষাৰ্থ কৰি অহা শিল্পীগৰাকীয়ে এই বয়সতো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি লোকসংগীতৰ সুবাস বিলাই আহিছে। অসমৰ যশস্বী পৰিচালক, অভিনেতা প্ৰয়াত আব্দুল মজিদে ‘ওস্তাদ’ উপাধিৰে বিভূষিত কৰা শিল্পীগৰাকীৰ নাম হ’ল আব্দুল কৰিম খান।
 
অসমৰ লোকসংস্কৃতি, কলা-কৃষ্টিৰ সৰ্বাংগীণ বিকাশৰ নামত সৰ্বস্ব উজাৰি দিয়া ওস্তাদ কৰিম খানৰ জন্ম কোকৰাঝাৰত যদিও পিছলৈ তেঁও ধুবুৰীৰ বিলাসীপাৰাত নিগাজীকৈ থাকিবলৈ লয়। কৈশোৰ কালতে চহকী গোৱালপৰীয়া লোক-সংস্কৃতিৰ মোহত বন্দী হোৱা ওস্তাদ খানে সাংস্কৃতিক অনুষ্ঠান ‘মইনামতী শিল্পী সমাজ’ক নেতৃত্ব দি আছে। গোৱালপৰীয়া লোকসংগীত, কুশান নৃত্য-গীত, হুদুম দেও আদি নৃত্য-গীতৰ চৰ্চাত আজীৱন মগ্ন শিল্পীজনে ১৯৮৫ চনত আৱাহন থিয়েটাৰত লোকসংগীতৰ আধাৰত ৰচিত নৃত্য-নাটিকা পৰিচালনা কৰাৰ পিছত কহিনুৰ থিয়েটাৰত ‘নয়নেৰ কাজল’ আৰু ‘পিৰীতিৰে বান্ধিলো হাতী’, অলকানন্দা থিয়েটাৰত ‘মইনা-সুন্দৰী’, চিত্ৰলেখা থিয়েটাৰত ‘পদ্মশ্ৰী প্ৰতিমা’ আৰু মইনামতী শিল্পী সমাজত ‘ভাল মানুসেৰ ভাল কথা’ আদি নৃত্য-নাটিকা পৰিচালনা কৰে। 
হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ৰ আধাৰত আব্দুল মজিদে পৰিচালনা কৰা আৰু দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিককে ধৰি তিনি শতাধিক গোৱালপৰীয়া আৰু অসমীয়া গীত ৰচনা আৰু সুৰ কৰা ওস্তাদ কৰিম খান নৃত্য-গীতৰ প্ৰশিক্ষক হিচাপেও পৰিচিত। শিল্পীগৰাকীৰ দলে দেশৰ ভিন্ন প্ৰান্তত গোৱালপৰীয়া নৃত্য-গীত পৰিৱেশন কৰি আহিছে। আঢ্যবন্ত গোৱালপৰীয়া লোকগীত আৰু লোকনৃত্যক অ-বিকৃত ৰূপত পৰিৱেশনৰ ক্ষেত্ৰত নৱ-প্ৰজন্মক উদ্বুদ্ধ কৰাত অহোপুৰুষাৰ্থ কৰি যোৱা ওস্তাদ খানে গোৱালপৰীয়া লোক সংগীতত আধুনিক বাদ্যযন্ত্ৰৰ সংযোজনক সমৰ্থন নকৰে। 
এই সন্দৰ্ভত তেওঁ আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, "আধুনিক বাদ্যযন্ত্ৰৰ সংযোজনে লোকগীতৰ মাধুৰ্য ম্লান পেলায়। দোতৰা, সাৰিন্দা, ঢোল-খোল, তাল, বাঁহী, ঘুগুৰাৰে গোৱা গোৱালপৰীয়া লোকগীতৰ আছে এক স্বকীয় ঐতিহ্য। এই থলুৱা বাদ্যযন্ত্ৰসমূহে গোৱালপৰীয়া লোকগীতক একক আৰু অনন্য কৰি ৰাখিছে।" 
 
গোৱালপৰীয়া লোকনৃত্যত ব্যৱহাৰ হোৱা দোতৰা
 
পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, আনন্দ মোহন ভাগৱতী, আব্দুল মজিদ আদিৰ দৰে বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰে পৰিপুষ্ট ওস্তাদ আব্দুল কৰিম খান উল্লেখ কৰে যে পূৰ্বতে গোৱালপৰীয়া লোক সংগীতৰ পৃষ্ঠপোষক আছিল ৰাজ পৰিয়াল তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান। এতিয়া সেই দিন নাই। লোকসংগীতৰ পৃষ্ঠপোষক, উদ্যোক্তা ক্ৰমাত নোহোৱা হবলৈ ধৰিছে। 
উল্লেখ্য যে, আব্দুল কৰিম খানে নৃত্য নাটিকা ‘নয়নেৰ কাজল’ৰ বাবে ২০০১-০২ বৰ্ষত মুনলাইট মিডিয়া বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০০ চনত তেওঁক গোৱালপৰীয়া লোক-কৃষ্টি বিকাশ কেন্দ্ৰ, ২০০২ত গোৱালপাৰাৰ নিয়ন, বিলাসীপাৰা প্ৰেছ ক্লাব, ৰঙিয়াৰ ক’লাজ, পূব নলবাৰী সাংস্কৃতিক পৰিষদ, পাঠশালাৰ বিষ্ণুজ্যোতি শিল্পী সমাজ, গুৱাহাটীৰ আকৃতি, ওৰাং সংগীত মহাবিদ্যালয়, ২০১৬ত উত্তৰ বংগৰ আব্বাছ উদ্দিন উৎসৱ সমিতি, অসমীয়া সাহিত্য সন্মিলনী, গণ সংগীত সমাৰোহ, দেশী জনগোষ্ঠীয় মঞ্চ, সাংস্কৃতিক মহাসভা, অস আদিৰ দৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান-স্বীকৃতি আগবঢ়াইছে। 
গোৱালপৰীয়া লোকসংগীতৰ সাধকগৰাকীয়ে পুনৰ কয়, "লোকসংগীতৰ পৃষ্ঠপোষক, আয়োজক কমি যোৱাত শিল্পীসকলৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। কুশান, বাশ নৃত্যৰ শিল্পী প্ৰায় নোহোৱা হৈ গৈছে। আজিৰ আয়োজকে লাখ লাখ টকা খৰচ কৰি বাহিৰৰ শিল্পীক আমন্ত্ৰণ জনাব পাৰে, কিন্তু থলুৱা লোক শিল্পীসকলৰ বাবে এটকাও ব্যয় কৰিব নিবিচাৰে।"
 
গোৱালপৰীয়া লোকনৃত্যত ব্যৱহাৰ হোৱা খোল
 
গোৱালপৰীয়া লোক-সংস্কৃতিৰ অনুষ্ঠান ‘ময়নামতী শিল্পী সমাজ’ৰ সৈতে যোৱা ৪২ বছৰ ধৰি জড়িত হৈ থকা আব্দুল কৰিম খানে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰ বাবে বহু গীত ৰচনা কৰাৰ লগতে আন বহু গীতত কণ্ঠ নিগৰাইছে। লোকসংগীতৰ প্ৰশিক্ষক হিচাপেও বিশেষভাৱে পৰিচিত শিল্পীগৰাকীয়ে নৱপ্ৰজন্মৰ শিল্পীসকলক লোকসংগীতৰ অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে। 
 
কুশান লোক নৃত্য প্ৰদৰ্শনৰ মুহূৰ্তত কেইগৰাকীমান যুৱতী (প্ৰতিনিধিত্বমূলক ফটো)
 
তেওঁ কয়, "নৱ প্ৰজন্মৰ বহুতে আধুনিক বাদ্যযন্ত্ৰৰ সংযোজনেৰে গোৱালপৰীয়া লোকগীতসমূহ গাবলৈ লোৱাত ইয়াৰ স্বকীয়তা নোহোৱা হৈছে। অৱশ্যে, লোকসংগীতৰ শিল্পীসকলৰ বাবে চৰকাৰৰো বিশেষ কৰণীয় আছে। ষাঠী উৰ্ধৰ বহু শিল্পীয়ে আজিও শিল্পী পেঞ্চন বা চৰকাৰী সাহাৰ্য লাভ কৰা নাই। লোকসংগীতক জীয়াই ৰাখিবলৈ বৰ্তমানৰ চৰকাৰখনে সৱল পদক্ষেপ গ্ৰহণ কৰিব বুলি মই আশাবাদী।"
 
মনকৰিবলগীয়া যে, ৭২ বছৰীয়া শিল্পী আব্দুল কৰিম খানো ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে। তথাপি তেওঁ থমকি ৰোৱা নাই। আৰ্থিক দৈন্যতাৰ মাজতো শিল্পীগৰাকীয়ে অসমৰ গাঁৱে-ভূঞে ভ্ৰমণ কৰি লোকসংগীতৰ আকৰ বুটলি ইয়াৰ সুবাস বিলাই ফুৰিছে। সমন্বয়ৰ গীত গাবলৈ এতিয়াও তেওঁ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰি আছে।