চিনেমা নিৰ্মাণৰ মায়া এৰিব নোৱাৰা ৯০ বছৰীয়া আনোৱাৰ হুছেইন

Story by  atv | Posted by  Munni Begum • 1 Years ago
বাওঁফালে আনোৱাৰ হুছেইনে লাভ কৰা দাদা চাহেব ফাল্কে অকাডেমীৰ সন্মান পত্ৰ আৰু সোঁফালে আনোৱাৰ হুছেইন
বাওঁফালে আনোৱাৰ হুছেইনে লাভ কৰা দাদা চাহেব ফাল্কে অকাডেমীৰ সন্মান পত্ৰ আৰু সোঁফালে আনোৱাৰ হুছেইন
মুকুট শৰ্মা / গুৱাহাটী

৯০ বছৰ বয়সতো ছবি নিৰ্মাণৰ উদ্যম আৰু সাহস হেৰুওৱা নাই অসমৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালকে। সৰাপাঁত, তেজীমলা, শ্ৰী শ্ৰী মা কামাখ্যা আদিৰ দৰে সু-ৰুচিসম্পন্ন ছবি নিৰ্মাণ কৰি এটা সময়ত ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’, দাদা চাহেব ফাল্কে একাডেমীৰ প্ৰশংসা পত্ৰ লাভ কৰা এইগৰাকী চলচ্চিত্ৰ পৰিচালক হ’ল আনোৱাৰ হুছেইন। 
 
মাত্ৰ ২১ বছৰ বয়সতে ‘সৰাপাত’ নামেৰে এখন উচ্চ মানৰ ছবি নিৰ্মাণেৰে অসমৰ সৰ্বকনিষ্ঠ ছবি পৰিচালক হিচাপে চিহ্নিত হোৱা হুছেইনৰ বয়স বৰ্তমান ৯০ বছৰ যদিও এতিয়াও তেওঁ নতুনকৈ ছবি নিৰ্মাণ কৰাৰ হেঁপাহ মনৰ মাজত পুঁহি ৰাখিছে। ‘আৱাজ দ্য ভইছ’ৰ সৈতে হোৱা এক কথোপকথোনত বৰ্ষীয়ান পৰিচালকগৰাকীয়ে এই কথা প্ৰকাশ কৰে যে তেওঁৰ হাতত এতিয়াও ছবিৰ কাহিনী সাজু হৈ আছে, প্ৰয়োজন মাথো চৰকাৰৰ সহায়- সহযোগিতাৰ। 
“১৯৮৩ চনৰ ৯ জানুৱাৰীত মই নিৰুপম ছদ্ম নামেৰে শ্ৰীশ্ৰী মা কামাখ্যা নামৰ এখন ছবি পৰিচালনা কৰিছিলো। তেতিয়াৰ ফিল্ম চেন্সৰ ব’ৰ্ডৰ অন্যতম সদস্য, বংগৰ বিখ্যাত সাহিত্যিক আশাপূর্ণা দেৱীয়ে ছবিখন চাই অভিভূত হৈ পৰিছিল আৰু ইয়াক বাংলা ভাষালৈ ডাব কৰাৰ পোষকতা কৰিছিল। শক্তিপীঠ মা কামাখ্যাৰ আধ্যাত্মিক চেতনা আৰু মাহাত্ম্য সমগ্ৰ বংগ দেশত বিয়পাই দিবলৈ মই শ্ৰীশ্ৰী মা কামাখ্যা ছবিখন বাংলা ভাষাত পুনৰ নিৰ্মাণ কৰিব বিচাৰো। চৰকাৰৰ সহায়-সহযোগিতা লাভ কৰিলে, নিশ্চয় এই কাম সম্পূৰ্ণ হৈ উঠিব”।–আনোৱাৰ হুছেইনে কয়।
উল্লেখ্য যে, এই ছবিখনত বিজয়শংকৰ, বিদ্যা ৰাও, মাধুৰিমা গোস্বামী(চৌধুৰী), দীনেশ দাস, মিনতি দাস, অনিল দাস, সাধনা দেৱী, নিজৰা ভূঞা, নিৰুপমা দেৱী, টংক শ‍ইকীয়া, দীপিকা বৰুৱা আদিৰ দৰে শিল্পীয়ে অভিনয় কৰিছিল। ৰাজেশ্বৰ বৰদলৈয়ে সংগীত পৰিচালনা কৰা ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাইছিল মিতালী চৌধুৰীয়ে। তেওঁ কণ্ঠদান কৰা ‘মই অতি মূঢ়মতি’, ‘দয়াময়ী হেমা’, ‘পুৱতি কিয়নো আহিলি’ শীর্ষক গীতকেইটাই সেই সময়ত দৰ্শক-শ্ৰোতাৰ মন-প্রাণ জুৰ পেলাইছিল। একেদৰে, ১৯৮৯ চনত নিৰ্মাণ কৰা “অগ্নিকন্যা' নামৰ ছবিখন কাৰিকৰী অসুবিধাৰ বাবে এতিয়াও মুক্তি নোপোৱাক লৈ অভিজ্ঞ পৰিচালকগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰে সহযোগিতা আগবঢ়ালে ছবিখনে মুক্তি লাভ কৰাটো সম্ভৱ হ’ব। 
 
কেইগৰাকীমান শুভাকাংক্ষীৰ সৈতে আনোৱাৰ হুছেইন (বাঁওফালৰ পৰা দ্বিতীয়গৰাকী)
 
“অগ্নিকন্যাৰ সৰহভাগ দৃশ্যই জ্যোতি চিত্ৰবনত চিত্ৰগ্ৰহণ কৰা হৈছিল। ছবিখনত বিক্ৰম শৰ্মা, প্রণামী শৰ্মা, অনুপমা দেৱী, অখিল ডেকা, মৰী অনিল দাস, ডলি গুপ্তা, দীনেশ গোস্বামী আদিয়ে অভিনয় কৰিছিল। প্ৰভাত শৰ্মা আৰু মহানন্দ মজিন্দৰ বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনত ৰিদীপ দত্ত, মিতালী চৌধুৰী আৰু তৰালি শৰ্মাই কণ্ঠদান কৰিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে কোনো দুষ্টচক্ৰই ছবিখনৰ ছাউণ্ড ট্ৰেক নষ্ট কৰি দিয়াত অগ্নিকন্যা জ্যোতি চিত্ৰবনত এতিয়াও বন্দী হৈ থাকিবলগীয়া হৈছে”। আনোৱাৰ হুছেইনে এইদৰে কয়। 
তেওঁ পুনৰ কয় যে ‘অগ্নিকন্যা’ৰ সৈতে জড়িত প্ৰায় ১৭গৰাকী শিল্পীৰ মৃত্যু হৈছে যদিও নতুনকৈ শব্দ সংযোজনা, ডাবিং আদি কৰি ছবিখন দর্শকৰ মাজলৈ নিয়াৰ বিকল্প ব্যৱস্থা আছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ সহযোগ আৱশ্যক হ’ব। 
উল্লেখ্য যে, অসমীয়া চলচ্চিত্ৰৰ যশস্বী পৰিচালক আৰু প্ৰযোজক আনোৱাৰ হুছেইনে এতিয়ালৈকে মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁৰ তৃতীয়খন ছবি ‘তেজীমলা’ই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰিছিল। ১৯৬৩ চনৰ ২৭ ডিচেম্বৰত মুক্তিপ্রাপ্ত 'তেজীমলা' সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু’ৰ পৰা লোৱা হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী' নির্মাণ কৰাৰ প্ৰায় ডেৰকুৰি বছৰ পিছত আনোৱাৰ হুছেইনে সাহিত্যৰথীৰ কাহিনীৰে দ্বিতীয়খন অসমীয়া ছবি ‘তেজীমলা' নির্মাণ কৰিছিল। 
এই ছবিখনৰ প্ৰযোজনা, চিত্ৰনাট্য, পৰিচালনাৰ উপৰি কলা-নিৰ্দেশনাও আনোৱাৰ হুছেইনে নিজে কৰিছিল। ছবিখনৰ সংগীত আছিল ৰাজেশ্বৰ (বুলু) বৰদলৈৰ, গীতৰ কথা আছিল পাৰ্বতিপ্ৰসাদ বৰুৱা আৰু হীৰেন বৰদলৈৰ। গীতসমূহত কণ্ঠদান কৰিছিল কৃষ্ণগোপাল আৰু মেৰী খাতুনে। 'জয়মতী'ত অভিনয় কৰিছিল ইন্দিৰা বৰুৱা, অনুৰাধা ৰোহিণী বৰুৱা, বীণা দেৱী, আব্দুল মজিদ, ভোলা কাকতি আদিয়ে। 
মনকৰিবলগীয়া যে, গুৱাহাটী কুমাৰপাৰাৰ বাসিন্দা হুছেইনৰ দেউতাৰ এজন চৰকাৰী ঠিকাদাৰ আছিল। দেউতাকে তেওঁক শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত পঢ়িবলৈ পঠাইছিল। দেউতাকে বিচাৰিছিল, পুত্ৰ এগৰাকী অভিযন্তা হওক। কিন্তু হুছেইনৰ সৰুৰে পৰা চিনেমাৰ প্ৰতিহে আগ্ৰহ আছিল। সেয়ে, তেওঁ চলচ্চিত্ৰ-কলা সম্পৰ্কে অধ্যয়ন কৰিবলৈ মুম্বাইৰ চেতন আনন্দৰ প্ৰতিষ্ঠান ‘মোচন পিকচাৰ্ছ আৰ্ট একাডেমী’ত নাম লগালে। তাত অধ্যয়ন কৰি অসমলৈ উভতি অহাৰ পূৰ্বে আনোৱাৰ হুছেইনে মুম্বাই আৰু কলকাতাত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰে। নিজে ছবি নিৰ্মাণৰ লক্ষ্য লৈ অসমলৈ উভতি অহা হুছেইনে ১৯৫৫ চনত ‘সৰাপাত’ নামেৰে এখন ছবি নিৰ্মাণ কৰে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২১ বছৰ। সৰাপাত নিৰ্মাণ কৰি আনোৱাৰ হুছেইন দেশৰ সৰ্বকনিষ্ঠ পৰিচালক হিচাপে পৰিগণিত হয়। ১৯৫৬ত ছবিখনে মুক্তি লাভ কৰে।
 
আনোৱাৰ হুছেইনে লাভ কৰা দাদা চাহেব ফাল্কে অকাডেমীৰ পদক আৰু তেজীমলা ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান 
 
এটি পাৰিবাৰিক চিত্ৰৰূপ ‘সৰাপাত’ক দৰ্শকে বিপুলভাৱে আদৰিছিল। আন্তঃগাঁথনিৰ অভাৱ সত্ত্বেও ছবিখন ছুপাৰহিট হৈছিল। অসমৰ বিভিন্ন স্থানৰ চিত্রগৃহৰ উপৰি গুৱাহাটীৰ কেলভিন চিত্রগৃহত ছবিখন একেৰাহে ১২ সপ্তাহ চলিছিল। সংগীতমুখৰ ‘সৰাপাত’ত কণ্ঠদান কৰিছিল লক্ষহীৰা দাস, বীৰেন দত্ত, জ্যোতিৰ্ময় কাকতি আৰু গুণদা দাসে। সংগীত পৰিচালক হিচাপে মুকুল বৰুৱাৰ সেই খনন আছিল প্রথম ছবি। 
উল্লেখ্য যে, অসমীয়া চলচ্চিত্ৰ উদ্যোগক লৈ অত্যন্ত আশাবাদী আনোৱাৰ হুছেইনক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই চেতাৰ বজাবলৈ শিকাইছিল। অসম শিল্পী দিৱস সমিতিয়ে ১৯৮৪ চনত এইগৰাকী যশস্বী পৰিচালকক 'শিল্পী' বঁটাৰে সন্মানিত কৰিছিল। চলচ্চিত্ৰৰ নামত গোটেই জীৱন উচ্ছৰ্গা কৰা বৰ্ষীয়ান পৰিচালকগৰাকীক কিন্তু অসম চৰকাৰে কেতিয়াও স্বীকৃতি নিদিলে। অসমীয়া চলচ্চিত্রলৈ অনবদ্য অৰিহণা আগবঢ়োৱাৰ পিছতো তেওঁ অসম চৰকাৰৰ পৰা লাভ কৰা নাই কোনো বঁটা বা সন্মান। ১৯৯৮ চনত হোছেইনক শিল্পী পেন্সন প্ৰদান কৰিয়ে চৰকাৰে দায়িত্ব সামৰিছে।
২০১০ চনত মুম্বাইৰ দাদা চাহেব ফাল্কে একাডেমীয়ে ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে আনোৱাৰ হুছেইনক 'দাদা চাহেব ফাল্কে প্ৰশংসা পত্ৰ'ৰে সন্মানিত কৰিছিল। অৱশ্যে, অসম চৰকাৰৰ পৰিৱৰ্তে পশ্চিম বংগ চৰকাৰেহে এই সন্মানৰ বাবে তেওঁৰ নাম দাদা চাহেব ফাল্কে একাডেমীলৈ প্ৰেৰণ কৰিছিল।