প্লাষ্টিক আৱৰ্জনাক মাচুল হিচাপে গ্ৰহণ কৰা এখন বিশেষ বিদ্যালয়

Story by  atv | Posted by  Munni Begum • 1 Years ago
 প্লাষ্টিক আৱৰ্জনা হাতত লৈ থকা পামহিস্থিত অক্ষৰ ফ’ৰাম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল
প্লাষ্টিক আৱৰ্জনা হাতত লৈ থকা পামহিস্থিত অক্ষৰ ফ’ৰাম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল
আৰিফুল ইছলাম / গুৱাহাটী
 
স্কুলবেগ আৰু প্লাষ্টিকৰ আৱৰ্জনা, সম্পূৰ্ণৰূপে সামঞ্জস্যহীন দুটা শব্দ।  স্কুলবেগৰ সৈতে প্লাষ্টিকৰ আৱৰ্জনাৰ কিবা সম্পৰ্ক থাকিব পাৰে বুলি সাধাৰণতে আমাৰ মনলৈ নাহে। কিন্তু গুৱাহাটীত এনে এখন বিদ্যালয় আছে, য’ত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ বাবে স্কুলবেগৰ সৈতে আনিব লাগে প্লাষ্টিকৰ আৱৰ্জনা। 
 
যদি এনে কথা আপুনি শুনা নাই বা দেখা নাই, তেন্তে আমাৰ এই প্ৰতিবেদনে আপোনাক গুৱাহাটীৰ এই ব্যতিক্ৰমী বিদ্যালয়খনলৈ লৈ যাব, য'ত মাচুল হিচাপে ছাত্ৰ-ছাত্ৰীৰ পৰা লোৱা হয় প্লাষ্টিকৰ আৱৰ্জনা। বিগত ৬ বছৰ ধৰি এই বিদ্যালয়ত চলি আছে পেলনীয়া প্লাষ্টিকৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ এক অভিনৱ পদ্ধতি। 
 
 
অলকা শৰ্মা, পাৰমিতা শৰ্মা আৰু মাজিন মুখতাৰ নামৰ তিনিগৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে পৰিৱেশ সুৰক্ষাৰ সমান্তৰালকৈ বৃত্তিমূলক শিক্ষাক উদগণি যোগোৱাৰ মহৎ লক্ষ্যৰে ২০১৬ চনত স্থাপন কৰা এই ব্যতিক্ৰমী বিদ্যালয়খন হ’ল গুৱাহাটীৰ পামহিস্থিত অক্ষৰ ফ’ৰাম।
বিদ্যালয়খনক লৈ প্ৰস্তুত কৰা বিস্তৃত প্ৰতিবেদনত ‘আৱাজ দ্য ভইচ’-এ জানিব পাৰিছে যে, ২০১৩ চনত মাজিন মুখতাৰ নামৰ এজন যুৱক এটা পৃথক স্কুল প্ৰজেক্টৰ বাবে নিউয়ৰ্কৰ পৰা ভাৰতলৈ আহিছিল। এই প্ৰজেক্টৰ সময়ত তেওঁ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছ (টি আই এছ এছ)ৰ ছ’চিয়েল ৱৰ্ক বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অসমৰ পাৰমিতা শৰ্মাক লগ পায়। পাৰমিতাইও শিক্ষা খণ্ডত কাম কৰাৰ হেঁপাহ মনত পুহি ৰাখিছিল।
পৰৱৰ্তী সময়ত তেওঁলোকে গতানুগতিক শিক্ষাৰ পৰিৱৰ্তে পৰিৱেশ সুৰক্ষা আৰু বৃত্তিমূলক শিক্ষাক উদগণি যোগোৱাৰ লক্ষ্যৰে এখন বিদ্যালয় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। এই দুই উচ্চ শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত ২০১৬ চনত আৰম্ভ হয় অক্ষৰ ফ'ৰামৰ অনন্য যাত্ৰা। সম্প্ৰতি স্বামী আৰু পত্নীত পৰিণত হোৱা মাজিন-পাৰমিতাক এই সাহসিক পদক্ষেপ গ্ৰহণত সহায় কৰিছিল পাৰমিতাৰ মাতৃ অলকা শৰ্মাই। 
 
পামহিস্থিত অক্ষৰ ফ’ৰাম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰি থকাৰ এক মূহুৰ্ত
 
উল্লেখ্য যে, বিদ্যালয়খন আৰম্ভ কৰোঁতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য আছিল। পিছপৰা শ্ৰেণীৰ শিশুসকলে যেতিয়া বিনামূলীয়া শিক্ষাৰ সুযোগ পালে, বিদ্যালয়ৰ মাচুলৰ পৰিৱৰ্তে মাত্ৰ বিদ্যালয়ক দিব লাগে পেলনীয়া প্লাষ্টিক। তাৰ পিছত লাহে লাহে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালে। বৰ্তমান বিদ্যালয়খনত ১১০ জন ছাত্ৰ-ছাত্ৰী আছে। বিদ্যালয়খনত বৰ্তমান একাদশ শ্ৰেণীলৈ পাঠদান কৰোৱা হয়। 
বৰ্তমান অক্ষৰ ফ'ৰাম বিদ্যালয়ত ৫ গৰাকী শিক্ষক আছে। শেহতীয়াকৈ এখন চৰকাৰী বিদ্যালয়ৰ লগতো তেওঁলোকে কাম আৰম্ভ কৰিছে। এইখন বিদ্যালয়ৰ দৰেই চৰকাৰী বিদ্যালয়খনতো পঢ়া-শুনাৰ উপৰিও বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হ'ব। আগন্তুক দিনত অক্ষৰ ফৰাম বিদ্যালয়ৰ মডেলৰ আৰ্হিত আন ৪ খন চৰকাৰী বিদ্যালয়ৰ লগত কাম কৰাৰ পৰিকল্পনা কৰা হৈছে। এই বিদ্যালয়ৰ মডেলৰ আৰ্হিত ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিলে বৰ্তমানৰ পৃথিৱীখনৰ লগত খোজ মিলাব পাৰিব বুলি বিদ্যালয় কৰ্তৃপক্ষ বিশ্বাসী।
বিদ্যালয়খনত শিক্ষকে পাঠদান কৰাৰ উপৰিও উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়াই। পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমূলক প্ৰশিক্ষনো দিয়া হয়। যেনে খেতি কৰা, বৈদ্যুতিক প্ৰশিক্ষণ, টেইলৰিং প্ৰশিক্ষণ, শিক্ষকতা আদি। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষা আৰু কাম-কাজৰ ওপৰত পইণ্টছ দিয়া হয়। এই পইণ্টছ সমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়ে খুলি দিয়া বেংক একাউণ্টত জমা হয়। তাৰপৰা তেওঁলোকে অনলাইন প্ৰয়োজনীয় সামগ্ৰীও ল'ব পাৰে আৰু বেংকৰ পৰা পইচাও উলিয়াব পাৰে। 
 
 অক্ষৰ ফ’ৰাম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেলনীয়া প্লাষ্টিকেৰে প্ৰস্তুত কৰা ফুলৰ টাব
 
বিদ্যালয়খনৰ শিক্ষক গৌৰৱ দাসে কয়;  "২০১৬ চনত আমাৰ এই মডেল স্কুলখন আৰম্ভ কৰা হৈছিল। মাজিন ছাৰ আৰু পাৰমিতা মেদামে আহি দেখিলে যে ইয়াত বহু পিছপৰা শ্ৰেণীৰ শিশু আছে। আনহাতে, গুৱাহাটীৰ দাম্পিং গ্ৰাউণ্ড ইয়াতে আছে। তেতিয়া তেখেতসকলে ভাবিলে যে ইয়াত কিবা অলপ ব্যতিক্ৰম কৰোঁ। আমাৰ স্কুলৰ পাঠদান বিনামূলীয়া আছিল। কিন্তু পিছত আমি স্কুল ফিছ হিচাপে প্লাষ্টিক লোৱা আৰম্ভ কৰিলোঁ। যিহেতু সকলোৰে ঘৰত প্লাষ্টিক ব্যৱহাৰ হয়। প্ৰথমতে আমি ছাত্ৰ-ছাত্ৰীক প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে ক'লো। য'তে-ত'তে পেলালে কি কি সমস্যা হ'ব পাৰে। আমাৰ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ ঘৰৰ উপৰিও ওচৰ-চুবুৰীয়াৰ পৰাও প্লাষ্টিক  লৈ আহে। যিবোৰ আমি আমাৰ বিদ্যালয়ত পুনৰব্যৱহাৰ কৰোঁ।"
 
পামহিস্থিত অক্ষৰ ফ’ৰাম বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহ
লণ্ডনৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অক্ষৰ ফ'ৰামলৈ ইণ্টাৰ্ণস্বীপ কৰিবলৈ অহা ছাত্ৰী লীঅ'নে কয়; "এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল আদৰণীয়। মই এমাহ ধৰি ইয়াত আছোঁ। এই বিদ্যালয়ৰ শিক্ষাদান কৰা প্ৰক্ৰিয়া যথেষ্ট উন্নত। ডাঙৰ ছাত্ৰ-ছাত্ৰীসকলে সৰু ছাত্ৰ-ছাত্ৰীক পঢ়োৱা পদ্ধতিটো মোৰ ভাল লাগিছে। ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহে মোক বিশেষকৈ আপ্লুত কৰিছে। বিদ্যালয়খনৰ পৰা মই ধুনীয়া অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। বিদ্যালয়ৰ মাচুলৰ পৰিবৰ্তে পেলনীয়া প্লাষ্টিক লোৱা কাৰ্যই সচাকৈ এক ভাল সজাগতাৰ সৃষ্টি কৰিছে।"
 
অক্ষৰ ফ’ৰাম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেলনীয়া প্লাষ্টিকেৰে প্ৰস্তুত কৰা সামগ্ৰী
 
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও বৃত্তিমূলক শিক্ষাতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই দিল্লীৰ পৰা বিশেষ যন্ত্ৰ ক্ৰয় কৰি আনিছে। এই যন্ত্ৰৰ সহায়ত পেলনীয়া প্লাষ্টিকেৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে ফুলৰ টাপ, বৰ্ড, কানফুলি আদি তৈয়াৰ কৰে আৰু সেইবোৰ বিক্ৰী কৰে। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে কাঠৰ চকী, মেজ, ৰেগ আদি তৈয়াৰ কৰিছে। আনহাতে, বিদ্যালয়খনত কাপোৰ চিলোৱা, খেতি কৰা, বৈদ্যুতিক কাম-কাজৰো প্ৰশিক্ষণ দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে খুব আগ্ৰহেৰে পঢ়া-শুনা কৰাৰ উপৰিও বৃত্তিমূলক প্ৰশিক্ষনো গ্ৰহণ কৰে।