পবিত্ৰ কোৰাণৰ ইকৰা শব্দক বাস্তৱিক ৰূপ দিয়াৰ প্ৰয়াস গোলাঘাটৰ এটা মছজিদৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
তেলগৰম মছজিদ প্ৰাংগণত সম্বৰ্ধনা জনোৱা শিক্ষাৰ্থীসকলৰ সৈতে বিষয়ববীয়াসকল
তেলগৰম মছজিদ প্ৰাংগণত সম্বৰ্ধনা জনোৱা শিক্ষাৰ্থীসকলৰ সৈতে বিষয়ববীয়াসকল
আৰিফুল ইছলাম / গুৱাহাটী   
 
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ কোৰানৰ প্ৰথম শব্দ হৈছে ইকৰা। ইকৰা মানে হৈছে পঢ়া। সেয়েহে, ইছলাম ধৰ্মাৱলম্বী লোকসকলে বহু আগৰে পৰা শিক্ষাৰ প্ৰতি এক বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়। জীৱনত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি শেহতীয়াকৈ গোলাঘাটৰ তেলগৰম জামে মছজিদ কৰ্তৃপক্ষই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। 
 
শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্থানীয় কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁলোকে সমাজত এক আদৰ্শ দাঙি ধৰিছে। সম্বৰ্ধনা জ্ঞাপন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এগৰাকী হিন্দু ছাত্ৰীও আছে। অসমত বছৰ বছৰ ধৰি চলি অহা ধৰ্মীয় একতা-সম্প্ৰীতিৰ পৰম্পৰাক পুনৰবাৰ প্ৰমাণ কৰি তেলগৰম জামে মছজিদ কৰ্তৃপক্ষই মছজিদ প্ৰাংগণতে অন্য ছাত্ৰ-ছাত্ৰীৰ লগতে হিন্দু ছাত্ৰীগৰাকীকো সম্বৰ্ধনা জনায়। মছজিদ সমিতিয়ে ছাত্ৰ-ছাত্ৰী কেইগৰাকীক সম্বৰ্ধনা জনোৱাৰ উপৰি আৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়ায়। 
তেলগৰম জামে মছজিদে সম্বৰ্ধনা জ্ঞাপন কৰা ছাত্ৰ-ছাত্ৰীসকল হ’ল ক্ৰমে মিছ জেচিবা খানম হক(হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫ খনত লেটাৰ লাভ), হিমাক্ষী দত্ত(৪ খনত লেটাৰ লাভ), জাহিদ আলী(দ্বিতীয় বিভাগত উত্তীৰ্ণ) আৰু হাছিম আহমেদ(দ্বিতীয় বিভাগত উত্তীৰ্ণ)। সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত আছিল নাগৰিক মঞ্চৰ ভাৰত বৰা, সমাজসেৱক তথা শিক্ষক হৰমুজ আলী আৰু বহু গণ্যমান্য ব্যক্তি।
অনুষ্ঠান সন্দৰ্ভত মছজিদ কমিটিৰ সম্পাদক আখতাৰ হুছেইনে ‘আৱাজ দ্যা ভইছ’ৰ সৈতে হোৱা এক কথোপকথনত   কয়; "মছজিদ প্ৰাংগণত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটোত আমাৰ মহিলাসকলো উপস্থিত আছিল। অনুষ্ঠানটোত আমি মহিলাসকলক পৰ্দাৰ আঁৰত বহাৰ ব্যৱস্থা কৰি দিছিলোঁ। আমি সম্বৰ্ধনা জনোৱা হিমাক্ষী দত্তৰ মাকো উপস্থিত আছিল অনুষ্ঠানটোত। আমি অনুষ্ঠানটো মছজিদত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে আমাৰ মাজত থকা ধৰ্মীয় গোড়ামীবোৰ যাতে নাইকিয়া হয়। মানুহ যেতিয়া শিক্ষিত হ'ব তেতিয়াহে মানুহৰ মাজত ধৰ্মীয় গোড়ামী নাথাকিব আৰু মানুহ মানৱতাবাদী হ'ব।"
 
তেলগৰম মছজিদৰ তৰফৰ পৰা প্ৰদান কৰা অভিনন্দন পত্ৰ
 
মনকৰিবলগীয়া যে, ধৰ্মীয় সংঘাত আৰু অসহিষ্ণুতাই দেশৰ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ সময়তে তেলগৰম জামে মছজিদে শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠান বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। তেওঁলোকৰ এই মহানুভৱতাক সচেতন সমাজে ভূয়সী প্ৰশংসা কৰিছে। 
 
তেলগৰম জামে মছজিদৰ দ্বাৰা আয়োজিত সাংস্কৃতিক শোভাযাত্ৰা
 
"তেলগৰম জামে মছজিদৰ ৰাইজে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বসবাস কৰি আছোঁ। আমাৰ মাজত মৰম চেনেহ সদায় আছে। আমি এই অনুষ্ঠানটোৰ যোগেদি সকলোকে এটা বাৰ্তা দিব বিচাৰিছোঁ যে মছজিদ কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবেই নহয়, ইয়াত সকলো লোকেই আহিব পাৰে। ইছলামে শিক্ষাক সদায় প্ৰাধান্য দি আহিছে। শিক্ষাৰ গুৰুত্বৰ কথা আমাৰ হাদিছ আৰু কোৰানত আছে। মছজিদত নামাজ পঢ়াটোৱেই ইছলাম ধৰ্মৰ উদ্দেশ্য নহয়। আমি শিক্ষাৰ উপৰত অধিক গুৰুত্ব দিয়া উচিত। শিক্ষাইহে ধৰ্মীয় গোড়ামীবোৰ নাইকিয়া কৰিব পাৰিব। আমাৰ চাৰিওফালে থকা বিভিন্ন জাতি-ধৰ্মৰ মানুহৰ লগত আমি একেলগে মিলা-প্ৰীতিৰে থাকোঁ। তেওঁলোকৰ সকলো অনুষ্ঠানত আমাক আমন্ত্ৰিত কৰে আৰু আমিও তেওঁলোকৰ বিভিন্ন অনুষ্ঠানত ভাগ লওঁ। বিহু সন্মিলনত আমাৰ জিকিৰ জাৰিৰ দলে অনুষ্ঠান পৰিৱেশন কৰে। সকলো ধৰণৰ ধৰ্মীয় শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰোঁ। ধৰ্মীয় দৃষ্টিভংগীৰে নহয়, আমি অসমীয়া সংস্কৃতিৰ অংশ হিচাপে সহযোগিতা আগবঢ়াও।" তেওঁ কয়। 
 
মহিলা উদ্যোগতা সকলৰ সৈতে কৃতী ছাত্ৰ-ছাত্ৰীসকল
 
উল্লেখ্য যে, তেলগৰম জামে মছজিদ প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯২ চনত। দেড়গাঁও, নাহৰণি, যোৰহাট আৰু তিতাবৰ আদিৰ লোকে এই স্থানত স্থায়ী বাসিন্দা হিচাপে বসতি স্থাপন কৰে আৰু এই জামাত স্থাপন কৰে।